অঞ্জনা ওম্ কাশ্যপ হিন্দী নিউজ চেনেল আজ তকৰ সৈতে পৰিচালনা-সম্পাদিকা হিচাপে কাম কৰা এগৰাকী ভাৰতীয় নিউজ এংকৰ।১ জী নিউজত যোগদান কৰাৰ পূৰ্বে কাশ্যপে চৰকাৰী সম্প্ৰচাৰক দূৰদৰ্শনত যোগদান কৰি নিজৰ সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে। তাৰপাছত তেওঁ নিউজ ২৪ত যোগদান কৰে আৰু অৱশেষত আজ তকত থিতাপি লয়।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
কাশ্যপৰ জন্ম হৈছিল তাহানিৰ বিহাৰত অৱস্থিত ৰাঁচীৰ ওম্ প্ৰকাশ তিৱাৰীৰ মধ্যবিত্ত পৰিয়ালত। তেখেতৰ পিতৃ ভাৰতীয় সেনাৰ সৈতে হ্ৰস্ব-সেৱা-আয়োগৰ এগৰাকী চিকিৎসক আছিল আৰু বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ছোৱাত সেৱা আগবঢ়াইছিল।
তেওঁ স্থানীয় কেথলিক বিদ্যালয় ল’ৰেট’ কন্ভেণ্ট আৰু তাৰপাছত ৰাঁচীৰ দিল্লী পাব্লিক স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ-বিজ্ঞানত স্নাতক ডিগ্ৰীৰ বাবে আগবাঢ়ে। কাশ্যপ সৰ্বভাৰতীয় প্ৰাক-চিকিৎসা পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও উত্তীৰ্ণ হ’ব পৰা নাছিল। তেওঁ এগৰাকী নিপুণ তাৰ্কিক আছিল আৰু শৈশৱৰ পৰাই সবল নেতৃত্বৰ গুণ প্ৰদৰ্শন কৰিছিল কিয়নো তেওঁ তেওঁৰ দুয়োখন বিদ্যালয়ৰে হেড-গাৰ্ল আছিল আৰু তেওঁৰ মহাবিদ্যালয়ৰ ছাত্ৰীবাসৰ সভাপতিও আছিল।৩
কেইবছৰমানৰ পাছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে দিল্লী স্কুল অৱ ছ’চিয়েল ওৱৰ্কত নামভৰ্তি কৰে। কাশ্যপে উল্লেখ কৰে যে তাৰে পাঠ্যক্ৰম আৰু ক্ষেত্ৰভ্ৰমণে তেওঁৰ মনত ৰাজহুৱা সক্ৰিয়তাৰ মনোভাৱ জাগ্ৰত কৰিছিল।৩
কৰ্মজীৱন
কাশ্যপৰ প্ৰথম চাকৰি ডে’উ মটৰ্ছত উপদেষ্টা হিচাপে আছিল কিন্তু এবছৰৰ পাছতে তেওঁ চাকৰি এৰে। তাৰপাছত তেওঁ আইনী উপদেষ্টা হিচাপে এক বেচৰকাৰী সংগঠনত যোগদান কৰে।৩
সাংবাদিকতা
2000 চনৰ আৰম্ভণিতে কাশ্যপে জামিয়া মিলিয়া ইছলামিয়াৰ পৰা সাংবাদিকতাত ডিপ্ল’মা কৰাৰ সিদ্ধান্ত লয়। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ দূৰদৰ্শনত যোগদান কৰে, য’ত তেওঁক এক অনুসন্ধানমূলক অনুষ্ঠান আঁখোঁ দেখিৰ নিউজ-ডেস্কত নিয়োজিত কৰা হয়, কিন্তু তেওঁক মাজে-সময়ে প্ৰতিবেদন আগবঢ়োৱাৰ দায়িত্বও দিয়া হৈছিল।৩
এবছৰৰ ভিতৰতে তেওঁ জী নিউজৰ কাষ চাপে। যদিও তেওঁৰ এগৰাকী এংকৰ হোৱাৰ ইচ্ছা আছিল, তেওঁৰ বাকপটুতাৰ অভাৱ অনুভৱ কৰি তেওঁক প্ৰযোজনাৰ ভূমিকাত নিয়োজিত কৰা হয়। জী-ত তেওঁৰ শেষৰ বছৰকেইটাত তেওঁ সফলতাৰে অডিশ্যন পাছ কৰে আৰু তেওঁক মাজে-সময়ে বিশেষ অনুষ্ঠানসমূহত এংকৰ হিচাৰে নিয়োজিত কৰা হয়।৩
2007 চনত তেওঁ নিউজ ২৪-ত যোগদান কৰে, য’ত তেওঁক প্ৰথমবাৰৰ বাবে সন্ধিয়াৰ যুক্তিতৰ্কৰ অনুষ্ঠানৰ পৰিচালকৰূপে এংকৰৰ বিষেশ ভূমিকা দিয়া হয়। 2012 চনৰ আৰম্ভণিতে তেওঁ তাৰ পৰা পদত্যাগ কৰি ষ্টাৰ নিউজত যোগদান কৰে, কিন্তু কেইমাহমানৰ পাছত সেই চেনেলটো বন্ধ হৈ পৰে।৩
ব্যক্তিগত জীৱন
কাশ্যপে 1995 চনৰ দিল্লী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰক্ষী সেৱাৰ কেডাৰৰ বিষয়া মংগেশ কাশ্যপক বিয়া কৰায়। দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ছোৱাত অঞ্জনাই মংগেশক লগ পাইছিল। মংগেশ দিল্লী আৰক্ষীৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত আছিল আৰু 2016 চনৰ পৰাই দক্ষিণ দিল্লী পৌৰ নিগমৰ মুখ্য তদাৰকী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁলোকৰ এজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছে।৩
তথ্যসূত্ৰ
- ↑ (15 July 2015). https://www.exchange4media.com/digital-news/guest-columnlynching-on-social-mediaanjana-om-kashyap-60798.html. Exchange 4 Media
- ↑ What’s gone wrong with TV news in India. thedailyeye.info
- ↑ Saxena, Nikita. (1 December 2019). How Anjana Om Kashyap, a star of Hindi news television, sells the new normal. The Caravan. Delhi Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জনা ওম্ কাশ্যপ” প্ৰবন্ধৰ সংশোধন ৪২২১৭১ (৩ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।