অনুৰাধা মিশ্ৰ (Anuradha Misra) এগৰাকী পদাৰ্থ বিজ্ঞানী, অধ্যাপক আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী।১ তেখেতৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ ফাইজাবাদত। এলাহাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক, অনুৰাধা মিশ্ৰই ২০০৮ চনত মুম্বাই বিশ্ববিদ্যালয়ত এগৰাকী অধ্যাপক হিচাপে যোগদান কৰে। তেখেতৰ গৱেষণা ক্ষেত্ৰই উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান, লাইট ফ্ৰণ্ট কোৱাণ্টাইজেছন, কোৱাণ্টাম ক্ৰম'ডাইনেমিকছ্ক সামৰি লয়।২
প্ৰাৰম্ভিক জীৱন, শিক্ষা আৰু কৰ্মজীৱন
উত্তৰ প্ৰদেশস্থিত ফায়জাবাদৰ চৰকাৰী ছোৱালী মহাবিদ্যালয়ৰ পৰা অনুৰাধা মিশ্ৰই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেখেতে গণিত, পদাৰ্থ বিজ্ঞান আৰু পৰিসংখ্যা বিষয়ত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৮৩ চনত, তেখেতে আইআইটি কানুপৰৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। পদাৰ্থ বিজ্ঞানী মেৰী কুৰী আৰু গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেখেতে আইআইটি কাণপুৰৰ পৰা ডক্তৰটে ডিগ্ৰী অৰ্জন কৰে। তেখেতেৰ গৱেষণাৰ ক্ষেত্ৰই chiral anomaly, trace anomaly আৰু Stress–energy tensor ক সামৰি লয়।৩
এছ.ডি. জোগলেকাৰৰ অধীনত অনুৰাধা মিশ্ৰই "পুনৰ্স্থিৰতা তত্ত্ব" (renormalization theory)ত গৱেষণা কৰিছিল।৪তেখেতৰ প্ৰথমখন গৱেষণা পত্ৰৰ তত্ত্বাৱধায়ক আছিল জৰ্জ ষ্টাৰমেন। জৰ্জ ষ্টাৰমেন হৈছে এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেখেত ষ্টনি ব্ৰুক বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। অনুৰাধা মিশ্ৰই নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল ছাহা নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানত। এগৰাকী গৱেষণা সহযোগী হিচাপে তেখেতে এইটো প্ৰতিষ্ঠানত যোগদান কৰিছিল। ১৯৯৩ চনত তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে আৰু ষ্টনি ব্ৰুক বিশ্ববিদ্যালয়ত এগৰাকী প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৯৪ চনত তেখেত ভাৰতলৈ উভতি আহে আৰু এলাহাবাদত কিছু দিন অতিবাহিত কৰে। ১৯৯৪ চনৰে অক্টোবৰ মাহত তেখেতে মুম্বাই বিশ্ববিদ্যালয়ত গৱেষণা সহযোগী হিচাপে যোগদান কৰে। তাত তেখেতে "উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান", "কোৱাণ্টাম ক্ৰম'ডাইনেমিকছ্", আৰু "লাইট ফ্ৰণ্ট ফিল্ড থিয়ৰি"ত গৱেষণা অব্যাহত ৰাখে। ২০০৮ চনৰ নৱেম্বৰ মাহত তেখেতেক অধ্যাপকৰ পদলৈ পদোন্নতি ঘটে আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।২৩ সেইটো পদত তেখেতে ২০১৪ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।৫
ব্যক্তিগত জীৱন
অনুৰাধা মিশ্ৰই জন্মলাভ কৰিছিল উত্তৰ প্ৰদেশৰ ফাইজাবাদত। এটা দহজনীয়া সন্তানৰ পৰিয়ালত। তেখেতৰ দেউতাক এজন চিকিৎসক আছিল। ১৯৮৯ চনত ৰাঘৱাৰ লগত তেখেত বৈবাহিক জীৱন আৰম্ভ কৰে। ৰাঘৱা আছিল তেখেতৰ পূৰ্বৰ সহপাঠী। ৰাঘৱা টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মৰত। তেওঁলোকৰ দুটি সন্তান আছে।২
প্ৰকাশিত গৱেষণাপত্ৰ
অনুৰাধা মিশ্ৰই বহুকেইখন বৈজ্ঞানিক গৱেষণাপত্ৰ প্ৰকাশ কৰিছে। তেখেতৰ বিভিন্ন গৱেষণাপত্ৰত সহযোগী হিচাপে সহায় আগবঢ়াইছে সতীশ ডি জোগলেকাৰ, স্বাতী ৱাৰৱাডেকাৰ, ৰোহিনী এম. গোডবোলে, অস্মিতা মুখাৰ্জী, পেট্ৰিক মটিলিনস্কী, আৰু জয় ডি. মোৰে-এ। তেখেতেৰ গৱেষণাপত্ৰসমূহ হৈছে:৩
- Coherent states in null-plane QED, অনুৰাধা মিশ্ৰ, D50, 4088 (১৯৯৪)
- Discretized light cone quantization and the coherent state basis, অনুৰাধা মিশ্ৰ, D53, 5874 (১৯৯৬)
- Energy-momentum tensor in scalar QED, সতীশ ডি জোগলেকাৰ, অনুৰাধা মিশ্ৰ, D38, 2546 (1988)
- Method of Asymptotic Dynamics in Light-Front Field Theory, অনুৰাধা মিশ্ৰ, Few-Body Systems, Vol.36, 2001 (২০০৫)
- Equivalence of Covariant and Light-front QED at One Loop Level, অনুৰাধা মিশ্ৰ, আৰু স্বাতী ৱাৰৱাডেকাৰ, Phys. Rev. D71, 125011 (২০০৫)
- Sivers effect and transverse single spin asymmetry in e+ p↑→ e+ J/ψ+ X, ৰোহিনী এম. গোডবোলে, অনুৰাধা মিশ্ৰ, অস্মিতা মুখাৰ্জী, বৈভৱ এছ. ৰাৱত,, D85, 094013 (২০০৫)
- Soft Collinear Effects in Prompt Photon Production, ৰাহুল বসু, এৰিক লেনন, অনুৰাধা মিশ্ৰ আৰু পেট্ৰিক মটিলিনস্কী, Phys. Rev. D76, 014010 (২০০৭)
- Equivalence of covariant and light front QED: Generating instantaneous diagrams স্বাতী এম. পাটিল আৰু অনুৰাধা মিশ্ৰ, Phys.Rev. D82, 125024 (২০১০)
- Transverse single spin asymmetry in e+ p↑→ e+ J/ψ+ X and transverse momentum dependent evolution of the Sivers function, ৰোহিনী এম. গোডবোলে, অনুৰাধা মিশ্ৰ, অস্মিতা মুখাৰ্জী, বৈভৱ এছ. ৰাৱত, D88, 014029 (২০১৩)
- Fermion self-energy correction in light-front QED using coherent state basis, জয় ডি. মোৰে, অনুৰাধা মিশ্ৰ, D87, 085035 (2013)
তথ্যসূত্ৰ
- ↑ The Women Scientists of India. Indian Academy of Sciences
- ↑ Research of Anuradha Misra. Indian Academy of Sciences
- ↑ Anuradha Misra. Mumbai University
- ↑ S. D. Joglekar. IIT Kanpur
- ↑ Vaishali A. Bambole, University of Mumbai. University of Mumbai
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৫৬২৫৮২ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।