ভাৰতীয় শিক্ষাবিদ
৪৪ প্ৰবন্ধ
-
কালীকৃষ্ণ মিত্ৰ
কালীকৃষ্ণ মিত্ৰ (Kalikrishna Mitra; ১৮২২ – ২ আগষ্ট ১৮৯১) আছিল এগৰাকী ভাৰতীয় সমাজহিতৈষী, শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁ ভাৰতৰ প্ৰথমখন বেচৰকাৰী বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।
-
গংগাবাই য়াগনিক
গংগাবাই প্ৰাণশংকৰ য়াগনিক (Gangabai Pranshankar Yagnik, (১৮৬৮-১৯৩৭) হৈছে গুজৰাটী ভাষাৰ এগৰাকী লেখিকা৷ তেখেতে ঊনৈশ শতিকাৰ ভাৰতীয় লেখিকামণ্ডলীৰ অন্তৰ্ভুক্ত৷ তেখেতৰ পেছা আছিল এগৰাকী শিক্ষয়িত্ৰী আৰু আয়ুৰ্বেদ-অনুশীলনকাৰী৷ তেখেতে হুন্নাৰ মহাসাগৰ (১৮৯৮) ৰচনা কৰিছিল য'ত ২০৮০ ধৰণৰ বণিজ, দক্ষতা আৰু…
-
গীতা মুখোপাধ্যায়
গীতা মুখোপাধ্যায় (Geeta Mukherjee) (৮ জানুৱাৰী ১৯২৪ – ৪ মাৰ্চ ২০০০) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ১৯৬৭ চনৰ পৰা ১৯৭৭ চনলৈকে পাঁশকুড়া পূৰ্ব বিধানসভা সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।
-
দেৱকী জৈন
দেৱকী জৈন (Devaki Jain, জন্ম ১৯৩৩) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ আৰু সাহিত্যিক। তেওঁ মুখ্যতঃ নাৰীবাদী অৰ্থনীতিৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে। ২০০৬ চনত সামাজিক ন্যায় আৰু মহিলাৰ সশক্তিকৰণত তেওঁৰ অৱদানৰ বাবে তেওঁক ভাৰত চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰা হৈছিল।
-
নীলাঞ্জনা দত্ত
নীলাঞ্জনা দত্ত হ'ল এগৰাকী ভাৰতীয় বংশোদ্ভত ব্ৰিটিছ অংকবিদ। তেওঁৰ বিষয় হৈছে কোৱাণ্টাম তথ্য তত্ত্ব। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান" বিভাগত তেওঁ এই বিষয়টোত ৰিডাৰ হিচাপে নিযুক্ত। ইয়াৰ উপৰি তেওঁ পেম্ব্ৰক মহাবিদ্যালয়ৰো এগৰাকী সভ্য।
-
প্ৰেম চৌধুৰী
প্ৰেম চৌধুৰী (ইংৰাজী: Prem Chowdhry) এগৰাকী ভাৰতীয় সমাজ বিজ্ঞানী, ইতিহাসবিদ, আৰু নতুন দিল্লীস্থিত “ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট'ৰিকেল ৰিচাৰ্চ”ৰ জ্যেষ্ঠ শৈক্ষিক সভ্য। তেওঁ এগৰাকী নাৰীবাদী আৰু আনুষ্ঠানিক বিবাহ অস্বীকাৰ কৰা দম্পতীৰ বিৰুদ্ধে হোৱা হিংসাৰ সমালোচক।
-
বসুধা ডালমিয়া
বসুধা ডালমিয়া কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়ান অধ্যয়ন বিভাগৰ হিন্দী আৰু আধুনিক দক্ষিণ এছিয়ান অধ্যয়নৰ এগৰাকী ভাৰতীয় অধ্যাপিকা এমেৰিটা।
-
বীণা শেঠ লস্কৰী
বীণা শেঠ লস্কৰী (Bina Sheth Lashkari) ভাৰতৰ মুম্বাইৰ দোৰষ্টেপ স্কুলৰ প্ৰতিষ্ঠাপক। ৩০ বছৰতকৈও অধিক সময় ধৰি তেওঁ মুম্বাইৰ এক লাখ শিশুৰ শিক্ষাৰ সংগঠনত সহায় কৰিছে। ২০১৩ চনত তেওঁক স্ত্ৰী শক্তি বঁটাৰে সন্মানিত কৰা হয়।
-
বুলবুল চক্ৰৱৰ্তী
বুলবুল চক্ৰৱৰ্তী (en-Bulbul Chakraborty) হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"। তেখেত হৈছে ঘনীভূত পদাৰ্থৰ তত্ত্ববিদ, সাম্যৱস্থাৰ পৰা বহু আঁতৰত থকা কেতবোৰ প্ৰণালী যেনে-কণিকাসদৃশ পদাৰ্থৰ তেখেতে অধ্যয়ন কৰে। .
-
ভানাজা আয়েংগাৰ
ভানাজা আয়েংগাৰ (মৃত্যু-২০০১) আছিল এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু শিক্ষাবিদ। অন্ধ্ৰ প্ৰদেশত থকা তিৰুপতিস্থিত পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়মৰ তেখেত উপাচাৰ্য আছিল। "অন্ধ্ৰ মহিলা সভা স্কুল অৱ ইনফৰমেটিকছ"ৰ তেখেত এগৰাকী অন্যতম প্ৰতিষ্ঠাতা আছিল।
-
লীলা ডুবে
লীলা ডুবে (Leela Dube; ২৭ মাৰ্চ ১৯২৩ - ২০ মে’ ২০১২) এগৰাকী প্ৰখ্যাত নৃতত্ত্ববিদ আৰু নাৰীবাদী পণ্ডিত আছিল, যাক বহুতে মৰমেৰে লীলাদী বুলি মাতিছিল। তেওঁ প্ৰখ্যাত নৃতত্ত্ববিদ আৰু সমাজবিজ্ঞানী স্বৰ্গীয় শ্যামা চৰণ ডুবেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
-
হৰিশ চন্দ্ৰ বাৰ্মা
হৰিশ চন্দ্ৰ বাৰ্মা(এইচ চি বাৰ্মা) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু ১৯৯৪ চনৰ পৰা কাণপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত। তেওঁৰ গৱেষণাৰ বিষয় হৈছে নিউক্লিয়েৰ পদাৰ্থ বিজ্ঞান.
-
ৰেণু চি. লস্কৰ
ৰেণু চক্ৰৱৰ্তী লস্কৰ (জন্ম-১৯৩২) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে লেখ তত্ত্বলৈ বিশেষ বৰঙনি আগবঢ়াইছে। ক্লেমছন বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞানৰ তেখেতে "এমৰিটা অধ্যাপক"। ১৯৬২ চনত তেখেতে ইলিঅ'নয়ছ বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ বিষয়ত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে।
-
ৰোহিনী গোডবোলে
ৰোহিনী গোডবোলে হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰে। তেখেতে বিগত তিনিটা দশকত কণিকা প্ৰপঞ্চবিজ্ঞানৰ কেইবাটাও দিশত উল্লেখনীয় কাম কৰিছে। তেখেতে ভাৰতৰ তিনিওটা বিজ্ঞান একাডেমীৰে সভ্য।