ৰণজিত সিংহ ডিচলে (Ranjitsinh Disale) এগৰাকী ভাৰতীয় শিক্ষক তথা প্ৰযুক্তিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ মাঢা তালুকাৰ পৰিতেৱাড়ী জিলা পৰিষদ বিদ্যালয়ৰ প্ৰাথমিক শিক্ষক। কন্যা শিশুৰ শিক্ষাৰ প্ৰসাৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২০ বৰ্ষৰ গোলকীয় শিক্ষক বঁটা লাভ কৰে।১ এই বঁটা লাভ কৰা তেওঁ প্ৰথমজন ভাৰতীয়। তেওঁ এই পুৰস্কাৰৰ অৰ্ধাংশ তেওঁৰ অন্যান্য প্ৰতিদ্বন্দীৰ বাবে আগবঢ়ায়৷
জীৱন-আলেখ্য
ৰণজিত সিংহৰ সম্পূৰ্ণ নাম হৈছে ৰণজিত সিংহ মহাদেৱ ডিচলে। ১৯৮৮ চনৰ ৫ আগষ্ট তাৰিখে মহাৰাষ্ট্ৰৰ পৰিতেৱাড়ী নামৰ গাঁৱত ৰণজিত সিংহৰ জন্ম হয়। তেওঁৰ দেউতাক মহাদেৱ ডিচলে জিলা পৰিষদৰ এজন কলেজ ট্ৰেইনাৰ। তেওঁ পেচাগতভাৱে এজন অভিযন্তা হ'ব বিচাৰিছিল যদিও সেইয়া সম্ভৱ হৈ নুঠাত তেওঁ দেউতাকৰ উপদেশ মানি ২০০৯ চনত মহাৰাষ্ট্ৰৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে।২
পেচা
শিক্ষক হিচাপে তেওঁ প্ৰথমেই লক্ষ্য কৰিছিল যে তেওঁৰ স্কুলখনৰ আন্তঃগাঁথনি শোচনীয় আৰু সৰহ সংখ্যক ছাত্ৰীয়েই আছিল জনজাতীয় সম্প্ৰদায়ৰ। তেওঁলোকৰ মাজত কন্যা সন্তানৰ শিক্ষাক লৈ বিশেষ সজাগতা নাই, শৈশৱতে তেওঁলোকক বিয়া দিয়া ব্যৱস্থাটো সেই সম্প্ৰদায়ৰ বাবে একেবাৰে সাধাৰণ কথা।২ অন্য এক অসুবিধা তেওঁ লক্ষ্য কৰিছিল যে, পাঠ্যক্ৰমসমূহ ছাত্ৰ-ছাত্ৰীৰ মাতৃভাষা (কানাড়া)ত নাছিল। সেয়ে তেওঁ প্ৰথমে কন্নড় ভাষাটো আয়ত্ব কৰি প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ সমগ্ৰ পাঠ্যপুথি কন্নড় ভাষাত নতুনকৈ প্ৰস্তুত কৰি উলিয়ায়। ইয়াৰোপৰি তেওঁ শব্দ, কবিতা, গল্প আৰু ভিডিঅ' বক্তৃতাসমূহ QR কোডৰ সহায়ত পাঠ্যপুথিৰে সংযুক্ত কৰে যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰাই শিক্ষা আহৰণ কৰিব পাৰে, বিশেষকৈ যিসকল ছাত্ৰীয়ে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰে।
২০০৯ চনত তেওঁ মহাৰাষ্ট্ৰৰ পৰিতেৱাড়ীৰ জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ত এগৰাকী সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। শিশুসকলৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ 'চুপ বেইঠ বাপু ডাটেঙ্গে' আৰু 'আৱাৰ অফ লাইফ' আদি বিভিন্ন প্ৰকল্প আৰম্ভ কৰে। তেওঁৰ 'QR কোড সংযুক্ত পাঠ্যপুথি' নামৰ প্ৰকল্পটো ইমানেই জনপ্ৰিয় হয় যে মহাৰাষ্ট্ৰ চৰকাৰে ইয়াক প্ৰতিটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে। তেওঁ এই সৃষ্টিশীল ধাৰণা 'কিউআৰ ক'ডেড টেক্সট বুকছ'ৰ কপিৰাইটো পঞ্জীয়ন কৰিছে। ২০১৯ চনত The National Council of Educational Research and Training (NCERT)-য়ে কিউ আৰ পাঠ্যপুথিৰ ধাৰণাটো প্ৰয়োগ কৰে।২৩
লাভ কৰা বঁটা
- "QR কোড সংলগ্ন পাঠ্যপুথি" প্ৰকল্পৰ বাবে মাইক্ৰ'চফ্টৰ শ্ৰেষ্ঠ ভাৰতীয় প্ৰকল্প বঁটা, ২০১৫
- "ভাৰ্চুৱেল ক্ষেত্ৰ অধ্যয়ন" প্ৰকল্পৰ বাবে মাইক্ৰ'চফ্টৰ শ্ৰেষ্ঠ ভাৰতীয় প্ৰকল্প বঁটা, ২০১৬
- ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ 'বছৰটোৰ অভিনৱ গৱেষক বঁটা' ২০১৬৪
- নেচনেল ইন'ভেচন ফাউণ্ডেচনৰ দ্বাৰা ২০১৮ বৰ্ষৰ অভিনৱ গৱেষক বঁটা।৫
- গোলকীয় শিক্ষক বঁটা, ২০২০৬
তথ্যসূত্ৰ
- ↑ Ranjitsinh Disale - The 2020 Global Teacher Prize Winner
- ↑ Govt school teacher Ranjitsinh Disale wins Global Teacher Prize, makes history by sharing half with other finalists. ইণ্ডিয়া টুডে
- ↑ Maharashtra zilla parishad educator first in India to win $1-million teacher prize. হিন্দুস্তান টাইমছ
- ↑ Maharashtra Zilla Parishad teacher makes it to top 50 of global prize - Times of India. The Times of India
- ↑ (2020-12-06). Indian Teacher Wins The 'Global Teacher Prize'. Transcontinental Times
- ↑ (2020-12-04). To Sir With Love - Winner of $1 million teacher prize changed girls' lives in India. Reuters
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰণজিত সিংহ ডিচলে” প্ৰবন্ধৰ সংশোধন ৩৮৩৪২৮ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।