আৰ্যাম্বিকা এছ. ভি. (ইংৰাজী ভাষা: Aryambika S. V.; জন্ম: ১৯৮১) এগৰাকী ভাৰতীয় মালয়ালম ভাষাৰ কবি। তেওঁ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ আৰু কেৰালা সাহিত্য অকাডেমিৰ কনকশ্ৰী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
জীৱনী
কেৰালাৰ কোটায়াম জিলাৰ পাল্লাৰ ইদানাদুত ১৯৮১ চনত আৰ্যাম্বিকাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কে. এন. বিশ্বনাথন নায়াৰ আৰু মাতৃ এম. কে. সাবিত্ৰীয়াম্মা।১ তেওঁৰ মাতৃ সাবিত্ৰীয়াম্মা এগৰাকী সংস্কৃতৰ শিক্ষক আছিল।২ তেওঁৰ পিতৃ বিশ্বনাথন নায়াৰ এজন শিক্ষক আৰু 'অক্ষৰশ্লোকম'ৰ বিশেষজ্ঞ আছিল। তেৱেঁই আৰ্যাম্বিকাৰ লিখাৰ ক্ষমতা আৱিষ্কাৰ কৰি কবিতা লিখিবলৈ উৎসাহিত কৰিছিল।২৩ ইদানাদু চৰকাৰী এল. পি. স্কুল আৰু ইদানাদু শক্তিবিলাসম এন. এছ. এছ. হাইস্কুলৰপৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪ আৰ্যাম্বিকাই পাল্লাৰ ওচৰৰ পুভৰাণী চৰকাৰী এল পি স্কুলত শিক্ষক হিচাপে কাম কৰিছিল।৩ তেওঁ বৰ্তমান তিৰুৱনন্তপুৰমৰ মহাত্মা গান্ধী কলেজৰ সংস্কৃত বিভাগত সংস্কৃতৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত।৫
ব্যক্তিগত জীৱন
আৰ্যাম্বিকা আৰু তেওঁৰ স্বামী শ্ৰীদাসৰ এজন পুত্ৰ সন্তান আছে। শ্ৰীদাস পানানগাডৰ বাসিন্দা আৰু এজন আইটি অডিৰ্টৰ।৩
সাহিত্যিক জীৱন
শৈশৱৰেপৰা আৰ্যাম্বিকাই 'অক্ষৰশ্লোকম' আৰু কবিতাত পাৰদৰ্শিতা দেখুৱাই আহিছে।৬ তেওঁ গীতৰ লগতে বাবু গোপালকৃষ্ণনৰদ্বাৰা পৰিচালিত সংগীতধৰ্মী তথ্যচিত্ৰ 'আম্মা অভয়ম'ৰ গীতৰ কথা লিখিছে।৪ ২০১৬ চনৰ কেৰালা স্কুল কলোৎসৱৰ উদ্বোধনী গীতটো আৰ্যাম্বিকাই লিখিছিল।২৭ তেওঁ কেৰালা চৰকাৰৰ 'সুধাৰ্য কেৰালাম' কাৰ্যসূচীৰ গীতটোও লিখিছিল।২ তেওঁ 'পালা কাইৰালীশ্লোকাৰংগম' নামৰ এটা শ্লোক সংগঠনৰ সৈতেও সক্ৰিয়ভাৱে জড়িত।৪
কৰ্মৰাজি
- ৰাত্ৰীয়ুদে নিৰমুল্লা জনালা (২০২১) কবিতা সংকলন।
- থোন্নীয়াপোলোৰু পুঝা (২০১০) কবিতা সংকলন।
- কাট্টীলোডুন্না থীৱাণ্ডী (২০১৭) কবিতা সংকলন।
- মন্নামকাট্টায়ুম কৰীয়িলায়ুম (২০০৬) কবিতা সংকলন।
- অংকনম কবিতাঙ্গল (২০০৭) কবিতা সংকলন।১
বঁটা আৰু সন্মান
- যুৱ পুৰস্কাৰ (২০১৫), সাহিত্য অকাডেমিৰদ্বাৰা।৬
- কনকশ্ৰী বঁটা (২০১২), কেৰালা সাহিত্য অকাডেমিৰদ্বাৰা।৮
- কবিতাৰ বাবে ইদাচেৰী বঁটা (২০১৮)।৫
- ১৯৯৬ চনত কোটায়ামত অনুষ্ঠিত কেৰালা স্কুল কলোৎসৱত 'কাব্যকেলী'ত (কবিতা) দ্বিতীয় স্থান লাভ।২
তথ্যসূত্ৰ
- ↑ (1 March 2020). മലയാളത്തിലെ എഴുത്തുകാരികൾ. Kerala Women. Department of Women and Child Development, Kerala state
- ↑ ഡെസ്ക്, വെബ്. (20 January 2016). കലയുടെ നൂപുര നാദമുണര്ത്തി ആര്യാംബിക · Madhyamam. www.madhyamam.com
- ↑ അക്ഷരശ്ലോകത്തിന്റെ ആചാര്യന് അശ്രു പൂജയായി ആര്യാംബികയ്ക്ക് അവാര്ഡ്. Mathrubhumi
- ↑ (13 May 2020). ആര്യാംബിക എസ്.വി. Keralaliterature.com
- ↑ Poetry Award for Faculty – Mahatma Gandhi College
- ↑ (2 December 2018). ആര്യാംബികയ്ക്ക് കടവനാട് സ്മൃതി പുരസ്കാരം. News18 Malayalam. News 18
- ↑ (22 September 2016). A different tune from a Hindustani exponent. The Hindu
- ↑ Aryambika- Speaker in Kerala literature Festival KLF –2022 · Keralaliteraturefestival.com. www.keralaliteraturefestival.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্যাম্বিকা এছ. ভি.” প্ৰবন্ধৰ সংশোধন ৬০৩২০৪ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।