অৰুন্ধতী সুব্ৰমনিয়াম (ইংৰাজী ভাষা: Arundhathi Subramaniam; জন্ম: ১৯৭৩) এগৰাকী ভাৰতীয় কবি আৰু লেখিকা, যিয়ে সংস্কৃতি আৰু আধ্যাত্মিকতাৰ বিষয়ে লিখি আহিছে।১২৩ তেওঁ দক্ষিণ ভাৰতৰ তামিলনাডুৰ কোইম্বাটুৰত জন্মগ্ৰহণ কৰিছিল।
জীৱন আৰু কৰ্মজীৱন
সুব্ৰমনিয়াম মুম্বাইত বসবাস কৰা এগৰাকী কবি আৰু লেখিকা।৪ তেওঁ কবিতা আৰু গদ্যৰ ১৩খন গ্ৰন্থৰ ৰচক।৫
তেওঁ কবিতাৰ বাবে ৰাজা বঁটা, সাহিত্যৰ বাবে জী ৱমেনছ বঁটা, ইটালীৰ আন্তঃৰাষ্ট্ৰীয় পিয়েৰো বিগনগিয়াৰী বঁটা লাভ কৰাৰ লগতে চাৰ্লছ ৱালেচ, ভিজিটিং আৰ্টছ আৰু হোমি ভাবা ফেল’শ্বিপ লাভ কৰিছে।
তেওঁৰ কবিতা সংকলন ৱেন গড ইজ এ ট্ৰেভেলাৰ ২০১৪ চনত ‘পয়েট্ৰি বুক ছচাইটি’ৰ ছিজন চইচ আছিল, ২০১৫ চনত ই টি. এছ. ইলিয়ট বঁটাৰ বাবে চুটি তালিকাত স্থান পাইছিল৬ আৰু ২০২০ চনত ই ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।৭
তেওঁৰ কবিতাসমূহ ৰিজনছ ফৰ বিলংগিং: ফ’ৰটিন কণ্টেম্পৰাৰী পয়েটছ (পেংগুইন ইণ্ডিয়া), চিক্সটি ইণ্ডিয়ান পয়েটছ (পেংগুইন ইণ্ডিয়া), বোথ চাইডছ অফ দ্য স্কাই (নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া), উই স্পিক ইন চেঞ্জিং লেংগুৱেজেছ (সাহিত্য অকাডেমি), দ্য ব্লাডেক্স বুক অফ কণ্টেম্পৰাৰী ইণ্ডিয়ান পয়েটছ (যুক্তৰাজ্য) আদিকে ধৰি কেইবাটাও উল্লেখযোগ্য সংকলনত প্ৰকাশ পাইছে।
তেওঁ মুম্বাইৰ নেচনেল চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছত নৃত্য আৰু চৌৰাহা (এক কলা মঞ্চ) বিভাগৰ মুৰব্বী হিচাপে কাম কৰিছে আৰু পয়েট্ৰি ইন্টাৰনেশ্যনেল ৱেবৰ ভাৰতীয় ডমেইনৰ সম্পাদিকা আছিল।
বঁটা আৰু সন্মান
২০১৫ চনৰ ২৫ জানুৱাৰীত সুব্ৰমনিয়ামে তেওঁৰ কাব্যগ্ৰন্থ ৱেন গড ইজ এ ট্ৰেভেলাৰৰ বাবে প্ৰথমটো খুশৱন্ত সিং মেম’ৰিয়েল বঁটা লাভ কৰে।৮
২০১৭ চনৰ ২২ ডিচেম্বৰত কলিংগ সাহিত্য মহোৎসৱৰ সময়ত ঘোষিত প্ৰথমটো মিষ্টিক কলিংগ সাহিত্য বঁটা তেওঁ লাভ কৰে।৯
তেওঁ ২০২০ চনত ৱেন গড ইজ এ ট্ৰেভেলাৰৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।১০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Arundhathi Subramaniam
- ↑ Arundhathi Subramaniam
- ↑ Daruwalla, Keki. (June 23, 2019). Arundhathi Subramaniam's new volume of poetry is unpredictable and utterly compelling. The Indian Express
- ↑ Arundhathi Subramaniam. www.poetryinternational.com
- ↑ (2013-09-17). Arundhathi Subramaniam - JLF Houston. jlflitfest.org/
- ↑ Nath, Parshathy J. (7 November 2014). Journeys with God. The Hindu
- ↑ (2021-03-14). Arundhathi Subramaniam, Anamika, M Veerappa Moily win Sahitya Akademi Award. The Times of India
- ↑ Dhar, Aarti. (25 January 2015). Arundhathi Subramaniam wins poetry prize. The Hindu
- ↑ Arundhathi Subramaniam honoured with first Mystic Kalinga Literary Awards, The Times of India, 23 December 2017
- ↑ (12 March 2021). Veerappa Moily, Arundhathi Subramania among others to receive Sahitya Akademi Award-2020. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুন্ধতী সুব্ৰমনিয়াম” প্ৰবন্ধৰ সংশোধন ৫৯৭৫১৫ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।