অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মীৰাবাঈ

মীৰাবাঈ (১৪৯৮-১৫৪৬ খ্ৰীষ্টাব্দ) আছিল কৃষ্ণ-ভক্তি কাব্যধাৰাৰ কবিসকলৰ অন্যতম। ভগৱান কৃষ্ণৰ প্ৰতি তেখেতৰ ভক্তিভাৱ ইমানেই গভীৰ আছিল যে তেখেতে শৈশৱতে ভগৱান কৃষ্ণক নিজৰ আৰাধ্য দেৱতা তথা স্বামীৰূপে স্বীকাৰ কৰিছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মীৰাবাঈ (১৪৯৮-১৫৪৬ খ্ৰীষ্টাব্দ) আছিল কৃষ্ণ-ভক্তি কাব্যধাৰাৰ কবিসকলৰ অন্যতম। ভগৱান কৃষ্ণৰ প্ৰতি তেখেতৰ ভক্তিভাৱ ইমানেই গভীৰ আছিল যে তেখেতে শৈশৱতে ভগৱান কৃষ্ণক নিজৰ আৰাধ্য দেৱতা তথা স্বামীৰূপে স্বীকাৰ কৰিছিল।

জীৱনী

মীৰাবাঈ আছিল এগৰাকী ৰাজপুত ৰাজকুমাৰী। ১৪৯৮ খ্ৰীষ্টাব্দত ৰাজস্থানৰ পল্লী জিলাৰ কুড়কী নামে ঠাইত ৰাঠোড় ৰাজবংশত মীৰাবাঈৰ জন্ম হৈছিল। মীৰাবাঈৰ পিতৃৰ নাম আছিল ৰতনসিং ৰাঠোড়। মীৰাবাঈ-এ নিজৰ মাতৃক বাল্যকালতেই হেৰুৱাইছিল। সেয়েহে তেঁওৰ লালন-পালন ককাদেউতাকৰ তত্বাৱধানতেই হৈছিল। ১৫১৬ খ্ৰীষ্টাব্দত মেৱাৰৰ কোঁৱৰ ভোজৰাজৰ লগত মীৰাবাঈৰ বিবাহ সম্পন্ন হৈছিল।১২কিন্তু দুৰ্ভাগ্যবশতঃ বিয়াৰ সাত বছৰ পাছতেই তেখেতৰ স্বামীৰ মৃত্যু হয়। ৰাজপুতসকলৰ প্ৰচলিত পৰম্পৰা অনুসৰি স্বামীৰ মৃত্যুৰ পাছত মীৰাবাঈ সতী যাব লাগিছিল যদিও তেখেতে সেই প্ৰথা গ্ৰহণ নকৰিলে। ইয়াৰ পৰিৱৰ্তে তেখেতে নিজ গৃহ ত্যাগ কৰি আৰাধ্য দেৱতা শ্ৰীকৃষ্ণৰ সন্ধানত ওলাই গৈ দ্বাৰকাত বসতি স্থাপন কৰে আৰু সাধু-সন্তসকলৰ সৈতে শ্ৰীকৃষ্ণৰ ভজন-কীৰ্তন কৰিবলৈ আৰম্ভ কৰে। ১৫৪৬ খ্ৰীষ্টাব্দত দ্বাৰকাৰ এটি মন্দিৰত শ্ৰীকৃষ্ণৰ ভজন-কীৰ্তন কৰি কৰিয়েই মীৰাবাঈ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিত চিৰদিনলৈ বিলীন হৈ গৈছিল।

কৃতিসমূহ

মীৰাবাঈয়ে চাৰিখন গ্ৰন্থৰ ৰচনা কৰিছিল -

  • নৰসী কা মায়ৰা
  • গীত গোবিন্দ টীকা
  • ৰাগ গোবিন্দ
  • ৰাগ চৌৰঠ কে পদ

তদুপৰি মীৰাবাঈৰ গীতৰ সংকলন “মীৰাবাঈ কী পদাবলী” নামে গ্ৰন্থত প্ৰকাশিত হৈছে।মীৰাবাঈৰ কাব্যৰ মুখ্য ভাষা ৰাজস্থানী যদিও তেঁওৰ কাব্যত খড়ীবোলী, ব্ৰজ, পঞ্জাবী আৰু গুজৰাটী ভাষাৰ শব্দও পৰিলক্ষিত হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Usha Nilsson (1997), Mira bai, Sahitya Akademi, ISBN 978-8126004119, pages 12-13
  2. ↑ Nancy Martin-Kershaw (2014), Faces of the Feminine in Ancient, Medieval, and Modern India (Editor: Mandakranta Bose), Oxford University Press, ISBN 978-0195352771, page 165

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কবিহিন্দী কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীৰাবাঈ” প্ৰবন্ধৰ সংশোধন ৫৯১৯৯৫ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।