অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৈত্ৰেয়ী দেৱী

মৈত্ৰেয়ী দেৱী (Maitreyi Devi, ১৯১৪ - ১৯৯০) হৈছে বঙালী ভাষাৰ কবি তথা ঔপন্যাসিক। তেওঁ দাৰ্শনিক সুৰেন্দ্ৰনাথ দাসগুপ্তৰ জীয়াৰী আছিল। সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিশেষভাৱে শিক্ষাপ্ৰাপ্ত আছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মৈত্ৰেয়ী দেৱী (Maitreyi Devi, ১৯১৪ - ১৯৯০) হৈছে বঙালী ভাষাৰ কবি তথা ঔপন্যাসিক। তেওঁ দাৰ্শনিক সুৰেন্দ্ৰনাথ দাসগুপ্তৰ জীয়াৰী আছিল। সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিশেষভাৱে শিক্ষাপ্ৰাপ্ত আছিল।

শিক্ষা

তেওঁ কলিকতাৰ যোগমায়া দেৱী কলেজৰ পৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।১

কৰ্ম তথা সাহিত্য জীৱন

মাত্ৰ ষোল্ল বছৰ বয়সত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকা সন্বলিত তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ প্ৰকাশিত হৈছিল। ৰবীন্দ্ৰনাথৰ জীৱনৰ শেষ পোন্ধৰ বছৰত তেওঁ আছিল ৰবীন্দ্ৰনাথৰ ঘনিষ্ঠ সহযোগী। "Rabindranath - the man behind his poetry"২ নামৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনীমূলক গ্ৰন্থ লিখা মৈত্ৰেয়ী দেৱীয়ে ছোভিয়েট ইউনিয়ন, ইউৰোপ আৰু আমেৰিকাত তেওঁ ৰবীন্দ্ৰনাথৰ ওপৰত আৰু শান্তিৰ সমস্যা বিষয়ক বহুতো ভাষণ দিছিল। মৈত্ৰেয়ী দেৱীৰ "ন হন্যতে" উপন্যাসখনৰ ভিত্তিতে বলিউডৰ বিখ্যাত চলচ্চিত্ৰ "হম দিল দে চুকে সনম" নিৰ্মাণ কৰা হৈছিল।

তেখেতে কলিকতাৰ পৰা ২৪ মাইল নিলগৰ বাদু নামৰ গাঁও এখনত ৯ বিঘা মাটিজোৰা কৃষি, মীন পালন, মৌ পালন, গো পালন, হাঁহ কুকুৰা পামৰে সৈতে "খেলাঘৰ" নামৰ শিশু নিবাস তথা অনাথ আশ্ৰম আৰু প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিছিল।

পুৰস্কাৰ

১৯৬১ চনত ৰবীন্দ্ৰ শতবাৰ্ষিকীত আমন্ত্ৰিত হৈ তেওঁ বুলগেৰিয়া, হাংগেৰী আৰু ছোভিয়েট ইউনিয়নলৈ গৈছিল। ছোভিয়েট ইউনিয়নে তেওঁক ৰবীন্দ্ৰ শতবাৰ্ষিকী পদকেৰে ভূষিত কৰে। ১৯৭৫ চনত ভাৰতীয় লেখিকা সংঘই "ন হন্যতে" ঊপন্যাসৰ বাবে সন্মানসূচক পদক আগবঢ়ায়। ১৯৭৬ চনত "ন হন্যতে" পুথিখনৰ বাবেই তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে৩।

তথ্যসূত্ৰ

  1. ↑ History of the College
  2. ↑ Devi, Maitreyi. (1973). Rabindranath--the man behind his poetry. Sudhir Das at Nabajatak Printers
  3. ↑ ন হন্যতে, মৈত্ৰেয়ী দেৱী

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যিকবঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৈত্ৰেয়ী দেৱী” প্ৰবন্ধৰ সংশোধন ৫৯২০২১ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।