ভাৰতীয় গণিতজ্ঞ
৩৯ প্ৰবন্ধ
-
বৰাহমিহিৰ
বৰাহ-মিহিৰ (Varāhamihira) প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক (আনুমানিক ৫০৫ - ৫৮৭) এজন বিখ্যাত দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি। তেওঁ পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে।
-
শ্ৰীনিবাস ৰামানুজন
শ্ৰীনিবাস ৰামানুজন (சீனிவாச இராமானுஜன்) (২২ ডিচেম্বৰ ১৮৮৭ – ২৬ এপ্ৰিল ১৯২০) এজন ভাৰতীয় গণিতজ্ঞ।
-
জ্যোতিপ্ৰসাদ মেধি
জ্যোতিপ্ৰসাদ মেধি (১ জুলাই, ১৯২৪-৩ ফেব্ৰুৱাৰী, ২০১৭) এগৰাকী অসমীয়া পৰিসংখ্যাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয় তেওঁৰ গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বৰ পৰিসংখ্যা বিজ্ঞান সমাজৰ মাজত সমাদৃত হৈছে।
-
নয়নদীপ ডেকা বৰুৱা
নয়নদীপ ডেকা বৰুৱা (জন্ম ১৯৭২) এজন ভাৰতীয় গণিতজ্ঞ। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক। ৰামানুজনৰ গণিতৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবে তেওঁ জনাজাত।
-
ভূপতি চন্দ্ৰ ডেকা
ভূপতি চন্দ্ৰ ডেকা (জন্ম ১ মাৰ্চ,১৯৩১-মৃত্যু ১৭ জানুৱাৰী,২০১৪) হৈছে এগৰাকী অসমীয়া গণিতজ্ঞ।কটন কলেজৰ পৰা স্নাতক ডিগ্ৰীৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা ভূপতি চন্দ্ৰ ডেকাই ওৰেটো জীৱন গণিত শিক্ষাক…
-
সতীশ ধৱন
সতীশ ধৱন (𑆱𑆠𑆵𑆯 𑆣𑆮𑆤, सतीश धवन, ਸਤੀਸ਼ ਧਵਨ, ستیش دھون, Satish Dhawan; ২৫ ছেপ্তেম্বৰ, ১৯২০ – ৩ জানুৱাৰী, ২০০২) এগৰাকী ভাৰতীয় গণিতজ্ঞ তথা এৰ'স্পেছ অভিযন্তা। তেওঁক ভাৰতত পৰীক্ষামূলক তৰল গতিবিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা হয়।
-
টি. এ. সৰস্বতী আম্মা
টেকাথ আমায়ানকট্টুকুৰুচ্চি কালাথিল সৰস্বতী (Tekkath Amayankottukurussi Kalathil Sarasvati) চমুকৈ টি. এ. সৰস্বতী আম্মা (জন্ম: ২৬ ডিচেম্বৰ ১৯১৮ – ১৫ আগষ্ট ২০০০) এগৰাকী ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ। তেখেতৰ জন্ম হৈছিল কেৰালাৰ পালাক্কাড় জিলাৰ চেৰপুলাচ্চেৰীত।
-
ভাস্কৰাচাৰ্য
ভাস্কৰাচাৰ্য (১১১৪-১১৮৫ খ্ৰীষ্টাব্দ) এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ কৰ্ণাটকৰ বিজাপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ "সিদ্ধান্ত শিৰোমণি" (১১৫০ খ্ৰী:) আৰু "কৰণ কৌতুহল" (১১৭০ খ্ৰী:) নামৰ দুখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল।
-
এম. এছ. নৰসিংহন
মুদুম্বাই শেষাচালু নৰসিংহন চমুকৈ এম. এছ. নৰসিংহন (M. S. Narasimhan, ৭ জুন ১৯৩২ - ১৬ মে' ২০২১) এগৰাকী ভাৰতীয় গণিতজ্ঞ আছিল। তেওঁৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰৰ ভিতৰত আছিল সংখ্যা তত্ত্ব, বীজগণিতীয় জ্যামিতি, প্ৰতিনিধিত্ব তত্ত্ব, আৰু আংশিক অৱকলনীয় সমীকৰণ।
-
বকুল কায়স্থ
বকুল কায়স্থ (জন্ম ১৪০০ শতাব্দী) কামৰূপৰ এগৰাকী গণিতজ্ঞ আছিল৷ তেওঁ প্ৰধানকৈ ১৪৩৪ চনতে ৰচনা কৰা গণিত বিষয়ক গ্ৰন্থ ’কিতাপত মঞ্জৰী’ আৰু ’লীলাৱতী’ৰ বাবে প্ৰসিদ্ধ৷
-
হৰিদত্ত
হৰিদত্ত (আনুমানিক ৬৮৩ খ্ৰীষ্টাব্দ) ভাৰতৰ কেৰালাৰ এজন জ্যোতিৰ্বিজ্ঞানী-গণিতজ্ঞ আছিল, যিজনক জ্যোতিৰ্বিজ্ঞানৰ গণনাৰ পৰহিতা ব্যৱস্থাৰ প্ৰচাৰক বুলি বিশ্বাস কৰা হয়। এই গণনা ব্যৱস্থা কেৰালা আৰু তামিলনাডুত বহুলভাৱে জনপ্ৰিয়।
-
আচাৰ্য পিংগলা
আচাৰ্য পিংগলা (অনুমাণিক: খ্ৰীষ্টপূৰ্ব তৃতীয়–দ্বিতীয় শতিকা) আৰু ছন্দঃ শাস্ত্ৰৰ লেখক, যাক পিংগলা-সূত্ৰ বুলিও কোৱা হয় (সংস্কৃত: পিংগলসূত্ৰঃ, আভিধানিক অৰ্থ “পিংগলাৰ জ্ঞানৰ সূতা’’), ই সংস্কৃত ছন্দৰ আটাইতকৈ প্ৰাচীন গ্ৰন্থ।
-
আনন্দ কুমাৰ
আনন্দ কুমাৰ (জন্ম ১ জানুৱাৰী ১৯৭৩) এজন ভাৰতীয় গণিতৰ প্ৰশিক্ষক যি ২০০২ চনত বিহাৰৰ পাটনাত আৰম্ভ কৰা চুপাৰ ৩০ কাৰ্য্যসূচীৰ বাবে বেছি জনপ্ৰিয় যʼত আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক ভাৰতীৰ প্ৰায়োগিক প্ৰতিষ্ঠানৰ প্ৰৱেশ পৰীক্ষা আই আই টি-জে ই ই পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হয়।
-
ইন্দুলতা শুক্লা
ইন্দুলতা শুক্লা (জন্ম- ৭ মাৰ্চ, ১৯৪৪) হৈছে অংকৰ এগৰাকী ভূতপূৰ্ব অধ্যাপক। উৰিষ্যাস্থিত সম্বলপুৰ বিশ্ববিদ্যালয়ত তেখেতে তিনি দশকতকৈও অধিক কাল অধ্যাপনা কৰিছিল। তেখেতৰ জন্ম হৈছিল বাড়িপাড়াত।
-
কান্তা গুপ্তা
চন্দেৰ কান্তা গুপ্তা (এফআৰচিএছ) (৮ অক্টোবৰ ১৯৩৮ – ২৭ মাৰ্চ ২০১৬) আছিল মেনিট'বা বিশ্ববিদ্যালয়ৰ গণিতশাস্ত্ৰৰ এগৰাকী বিশিষ্ট অধ্যাপক। বিমূৰ্ত বীজগণিত আৰু শ্ৰেণী তত্ত্বত কৰা গৱেষণাৰ বাবে তেওঁক জনা যায়। বিভিন্ন শ্ৰেণীত থকা স্বসমাকৃতিকতা (automorphism) তেওঁৰ অধিকাংশ গৱেষণাত চৰ্চাৰ বিষয় আছিল।
-
নীনা গুপ্তা (গণিতজ্ঞ)
নীনা গুপ্তা (জন্ম:২৪ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেওঁ বৰ্তমান কলকাতাত অৱস্থিত ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ পৰিসংখ্যা আৰু গণিত গোটৰ সহযোগী অধ্যাপক। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে পৰিৱৰ্তনীয় বীজগণিত আৰু ৰূপান্তৰিত বীজগণিতীয় জ্যামিতি।
-
ভামা শ্ৰীনিবাসন
ভামা শ্ৰীনিবাসন (জন্ম ২২ এপ্ৰিল ১৯৩৫) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতক সাধাৰণতে জনা যায় সসীম গোটৰ উপস্থাপনা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেতৰ অৱদানসমূহক নিউথাৰ বক্ততাৰে ১৯৯০ চনত সন্মানীত কৰা হয়।
-
মংগলা নাৰ্লিকাৰ
মংগলা নাৰ্লিকাৰ হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে উচ্চ গণিত আৰু সাধাৰণ গণিত, দুয়োখনে ক্ষেত্ৰলৈকে অৱদান আগবঢ়াইছে। গণিতত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মত নিয়োজিত হয়। পৰৱৰ্তী পৰ্যায়ত তেখেতে মুম্বাই বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ত কৰ্মৰত হয়।
-
শ্ৰীধৰ
শ্ৰীধৰ বা শ্ৰীধৰাচাৰ্য (অষ্টম–নৱম শতিকা) এজন ভাৰতীয় গণিতজ্ঞ আছিল, গাণিতিক আৰু ব্যৱহাৰিক গণিতৰ বিষয়ে প্ৰচলিত দুখন গ্ৰন্থ পাটিগণিত আৰু পাটিগণিত-সাৰ আৰু বীজগণিত সম্পৰ্কীয় এখন বীজগণিতৰ অধুনালুপ্ত গ্ৰন্থৰ বাবে পৰিচিত।
-
ৰামন পৰিমালা
ৰামন পৰিমালা (জন্ম ২১ নৱেম্বৰ, ১৯৪৮) এগৰাকী ভাৰতীয় গণিতজ্ঞ। বীজগণিতৰ ক্ষেত্ৰত অৱদানৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। বৰ্তমান তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমৰী বিশ্ববিদ্যালয়ত গণিতৰ কলা আৰু বিজ্ঞান বিশিষ্ট অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰেণুকা ৰবিন্দ্ৰন
ৰেনুকা ৰবিন্দ্ৰন (জন্ম নাম: ৰেনুকা ৰাজগোপালন) ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী মহিলা ডিন আছিল।
-
অজিৎ ইকবাল সিং
অজিৎ ইকবাল সিং (জন্ম ১৯৪৩)হৈছে এগৰাকী ভাৰতীয় অংকবিদ। তেখেতৰ বিশিষ্টতা হৈছে "কাৰ্যকৰী বিশ্লেষণ" আৰু "হৰাত্মক বিশ্লেষণ"। ভাৰতীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদৰ শীৰ্ষতম অনুষ্ঠান "ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী"ৰ(INSA) তেখেত এগৰাকী সভ্য।
-
অপৰ্ণা হিগিনছ্
অপৰ্ণা ডব্লিউ হিগিনছ্ (Aparna W. Higgins) এগৰাকী গণিতজ্ঞ। গণিতৰ বিষয়ত গৱেষণা কৰিবলৈ নতুন চাম গণিতজ্ঞক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা পালন কৰিছে। তেখেতৰ মূল গৱেষণাক্ষেত্ৰ "সাধাৰণ বীজগণিত" যদিও শেহতীয়াকৈ লেখ তত্ত্ব, গ্ৰাফ পেবলিং, আৰু ৰেখা লেখ আদিৰ বিষয়তো তেখেতে গৱেষণাৰ পৰিসৰ বঢ়াইছে।
-
ঊষাদেৱী ভোছলে
ড॰ ঊষাদেৱী নৰেন্দ্ৰ ভোছলে হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ, শিক্ষাবিদ আৰু গৱেষক। তেখেতে বীজগণিতীয় জ্যামিতিৰ বিশেষভাৱে গৱেষণা কৰিছে। তেখেতে moduli spaces of bundlesত অধ্যয়ন কৰিছে।
-
কবিতা ৰামানন
কবিতা ৰামানন হৈছে এগৰাকী সম্ভাৱিতা তত্ত্ববিদ। তেখেতে ব্ৰাউন বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক গণিতৰ অধ্যাপক।
-
গীতা ভেংকটৰমণ
গীতা ভেংকটৰমণ (Geetha Venkataraman, জন্ম: ২৯ আগষ্ট ১৯৬৭) এগৰাকী ভাৰতীয় মহিলা গণিতজ্ঞ। গীতা ভেংকটৰমণ বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ "স্কুল অব লিবাৰেল ষ্টাডিজ"ৰ এগৰাকী গণিতৰ অধ্যাপক। ইয়াৰ পূৰ্বে তেওঁ ১৯৯৩ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১০ চনলৈ চেইণ্ট ষ্টিফেন্স কলেজ, দিল্লীৰ গণিত বিভাগত অধ্যাপনা কৰিছিল।
-
গৌতম সিদ্ধ
গৌতম সিদ্ধ (আনুমানিক অষ্টম শতিকা) এগৰাকী জ্যোতিৰ্বিজ্ঞানী, জ্যোতিষী আৰু ভাৰতীয় বংশোদ্ভৱ, যাক Treatise on Astrology of the Kaiyuan Era ৰ নেতৃত্ব দিয়াৰ বুলি জনা যায়। ১৯৭৭ চনত ছিয়ানত উদ্ধাৰ হোৱা এটা সমাধিৰ স্তম্ভৰ তথ্য অনুসৰি তেওঁৰ জন্ম চাংআনত হৈছিল আৰু তেওঁৰ পৰিয়ালটো মূলতঃ ভাৰতৰ আছিল।
-
নীলাঞ্জনা দত্ত
নীলাঞ্জনা দত্ত হ'ল এগৰাকী ভাৰতীয় বংশোদ্ভত ব্ৰিটিছ অংকবিদ। তেওঁৰ বিষয় হৈছে কোৱাণ্টাম তথ্য তত্ত্ব। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান" বিভাগত তেওঁ এই বিষয়টোত ৰিডাৰ হিচাপে নিযুক্ত। ইয়াৰ উপৰি তেওঁ পেম্ব্ৰক মহাবিদ্যালয়ৰো এগৰাকী সভ্য।
-
বাসন্তী এন. ভাটনায়ক
বাসন্তী এন. ভাটয়ানকএগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতৰ গৱেষণাই "সুষম অসম্পূৰ্ণ ব্লক ডিজাইন"(balanced incomplete block design), "দ্বিখণ্ডিত লেখ"(bivariegated graph),"গ্ৰেচফুল লেখ"(graceful graph), "লেখ সমীকৰণ", আৰু "কম্পনাংক বিভাজন"ক(frequency partition) সামৰি লয়।
-
বিজয়ানন্দী
বিজয়ানন্দী বা বিজয়ানন্দ (আনুমানিক ৯৪০-১০১০, ভাৰতৰ বেনাৰস (বৰ্তমান বাৰাণসী), আছিল এজন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী যিয়ে ত্ৰিকোণমিতিৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছিল।