অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অজিৎ ইকবাল সিং

অজিৎ ইকবাল সিং (জন্ম ১৯৪৩)হৈছে এগৰাকী ভাৰতীয় অংকবিদ। তেখেতৰ বিশিষ্টতা হৈছে "কাৰ্যকৰী বিশ্লেষণ" আৰু "হৰাত্মক বিশ্লেষণ"। ভাৰতীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদৰ শীৰ্ষতম অনুষ্ঠান "ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী"ৰ(INSA) তেখেত এগৰাকী সভ্য।

হালনাগাদ: ২১ মাৰ্চ ২০২৪ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অজিৎ ইকবাল সিং (জন্ম ১৯৪৩১)হৈছে এগৰাকী ভাৰতীয় অংকবিদ। তেখেতৰ বিশিষ্টতা হৈছে "কাৰ্যকৰী বিশ্লেষণ" আৰু "হৰাত্মক বিশ্লেষণ"। ভাৰতীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদৰ শীৰ্ষতম অনুষ্ঠান "ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী"ৰ(INSA) তেখেত এগৰাকী সভ্য।২ তেখেত এলাহাবাদিস্থিত "ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰত"ৰো এগৰাকী সদস্যা।৩

শিক্ষা

অজিৎ ইকবাল সিঙে ইন্দ্ৰপ্ৰস্থ কলেজৰ পৰা ১৯৬৩ চনত অংকত স্নাতক ডিগ্ৰী অৰ্জন কৰে,৪ আৰু একেটা বিষয়তে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনতো স্নাতক ডিগ্ৰী অৰ্জন কৰে।২১৯৬৯ চনত তেখেতে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা অংকত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে। তেওঁৰ গৱেষণা-পুথিৰ নাম আছিল Contributions to the Theory of Linear Operators in Locally Convex Spaces। তেখেতৰ তত্ত্বাৱধায়ক আছিল ফ্ৰাংক স্মিথিছ৫সিঙে ১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈকে নিউহাম কলেজৰ এগৰাকী "কমনৱেলথ বৃত্তিধাৰী" হিচাপে কেমব্ৰিজত উপস্থিত আছিল।৬

কেৰিয়াৰ

স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি উঠিয়েই সিঙে ইন্দ্ৰপ্ৰস্থ কলেজত শিক্ষক হিচাপে যোগদান কৰে। কেমব্ৰিজৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত, তেখেত দিল্লীলৈ উভতি আহে আৰু হিন্দু কলেজত যোগদান কৰে। তেখেতে গৱেষণাৰ উপৰিও কাৰ্যকৰী বিশ্লেষণ আৰু হৰাত্মক বিশ্লেষণত শিক্ষাদান কৰিছিল। ১৯৭৪ চনত সিঙক দিল্লী বিশ্ববিদ্যালয়ৰ দক্ষিণ এলেকাৰ অংকৰ ৰিডাৰ হিচাপে নিযুক্তি দিয়া হয়। ১৯৮৪ চনৰ পৰা ১০০৮ চনলৈকে তেখেতে সেইটো স্থানত অধ্যাপনা কৰি যায়। ২০০৮ চনত তেখেতে দিল্লীত থকা ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ এগৰাকী অতিথি অধ্যাপকৰ দায়িত্ব গ্ৰহণ কৰে।২

কৰ্ম

অজিৎ ইকবাল সিং স্থানীয়ভাৱে উত্তল স্থানত ৰৈখিক চালক (linear operators in locally convex spaces),সংস্থিতি বৈজ্ঞানিক বীজগণিত(Topological Algebra)কে ধৰি হৰাত্মক বিশ্লেষণ সম্পৰ্কীয় একাধিক গৱেষণাত জড়িত।২৬

বঁটা আৰু স্বীকৃতি

অজিৎ সিঙক দিল্লী বিশ্ববিদ্যালয়ে "ৰায় বাহাদুৰ ব্ৰীজমোহন লাল চাহেব স্মাৰক সোণৰ পদক" আৰু "ৰবি কান্তা দেৱী" পুৰস্কাৰ প্ৰদান কৰে।২

তথ্যসূত্ৰ

  1. ↑ The Year Book 2014 // Indian National Science Academy, New Delhi
  2. ↑ Ajit Iqbal Singh bio. insaindia.org. Indian National Science Academy (INSA)
  3. ↑ National Academy of Sciences (India) Fellows. National Academy of Sciences (India) www.nasi.org.in
  4. ↑ Alumna of the College. ipcollege.du.ac.in
  5. ↑ Mathematics Genealogy Project - Ajit Iqbal Singh. Mathematics Genealogy Project www.genealogy.math.ndsu.nodak.edu
  6. ↑ Visiting Mathematicians - Ohio. Ohio University www.ohio.edu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজিৎ ইকবাল সিং” প্ৰবন্ধৰ সংশোধন ৪১৩৩৫২ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।