ভাৰতীয় গণিতজ্ঞ
৩৯ প্ৰবন্ধ
-
বৈজয়ন্তী চাৰী
বৈজয়ন্তী চাৰী (Vyjayanthi Chari; জন্ম: ১৯৫৮) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে ৰিভাৰচাইডত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনাৰত। তেখেতে উপস্থাপন-তত্ত্ব আৰু কোৱাণ্টাম বীজগণিত সম্পৰ্কে গৱেষণা কৰিছে।
-
ভানাজা আয়েংগাৰ
ভানাজা আয়েংগাৰ (মৃত্যু-২০০১) আছিল এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু শিক্ষাবিদ। অন্ধ্ৰ প্ৰদেশত থকা তিৰুপতিস্থিত পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়মৰ তেখেত উপাচাৰ্য আছিল। "অন্ধ্ৰ মহিলা সভা স্কুল অৱ ইনফৰমেটিকছ"ৰ তেখেত এগৰাকী অন্যতম প্ৰতিষ্ঠাতা আছিল।
-
ভি. লক্ষ্মীবাই
ভেংকটৰমন লক্ষ্মীবাই (V. Lakshmibai) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে বষ্টনস্থিত নৰ্থ-ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ত গণিতৰ অধ্যাপক। তেখেতে বীজগণিতীয় জ্যামিতি, বীজগণিতীয় গোটৰ তত্ত্ব, উপস্থাপন তত্ত্ব আদি সম্পৰ্কে গৱেষণা কৰিছে।
-
মিথিলী ৰামস্বামী
মিথিলী ৰামস্বামী (জন্ম: ৬ জুন ১৯৫৪) এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেওঁ বেংগালুৰুস্থিত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ টিআইএফআৰ প্ৰযোজ্য গণিত কেন্দ্ৰত গণিতৰ অধ্যাপিকা হিচাপে কৰ্মৰত। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ হৈছে কাৰ্যবিশ্লেষণ, আংশিক বিভেদ সমীকৰণ আৰু নিয়ন্ত্ৰণ তত্ত্ব।
-
সীমা নন্দা
সীমা নন্দা এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে গৱেষণাত গণিত ব্যৱহাৰ কৰি জীৱবিজ্ঞান, অভিযান্ত্ৰিক আৰু অৰ্থনীতিৰ সমস্যা সমাধান কৰে। গণিত আৰু গণনাৰ জৰিয়তে বাস্তৱ পৃথিৱীৰ সমস্যাবোৰ কিদৰে সমাধান কৰিব পাৰি-এই বিষয়ে তেখেতে গৱেষণা কৰিছে।
-
সুজাতা ৰামদ'ৰাই
সুজাতা ৰামদ'ৰাই (জন্ম-১৯৬২) হৈছে এগৰাকী বীজগণিতীয় সংখ্যাৰ তত্ত্ববিদ। তেখেতক জনা যায় ইৱাশ্বাৱা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেত কানাডাৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অংকৰ এগৰাকী অধ্যাপক আৰ "কানাডাৰ গৱেষণা পদ"ৰো (Canada Research Chair) অধিকাৰী।তেখেত "টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল…
-
হেমা শ্ৰীনিবাসন
হেমা শ্ৰীনিবাসন (জন্ম ১৯৫৯) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেত পৰিৱৰ্তিত বীজগণিত আৰু বীজগণিতীয় জ্যামিতিত বিশেষজ্ঞা। ভাৰতীয় বংশোদ্ভূত এইগৰাকী অংকবিদে মিছৌৰী বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপনা কৰি আছে। শ্ৰীনিবাসন আছিল ভাৰতীয় বিজ্ঞান প্ৰতিভাৰ এগৰাকী বৃত্তিভোগী ছাত্ৰী(১৯৭৫)।
-
ৰাধা কেচ্চাৰ
ৰাধা কেচ্চাৰ (Radha Kessar) এগৰাকী ভাৰতীয় গণিতজ্ঞ যি 'সসীম গোটৰ উপস্থাপন তত্ত্ব' (Representation theory of finite groups) সম্পৰ্কে কৰা গৱেষণাৰ বাবে জনাজাত। তেখেতে লণ্ডত বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক। ২০০৯ চনত লণ্ডন গাণিতিক সমাজৰ পৰা তেখেতে "বাৰৱিক বঁটা" অৰ্জন কৰে।
-
ৰেণু চি. লস্কৰ
ৰেণু চক্ৰৱৰ্তী লস্কৰ (জন্ম-১৯৩২) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে লেখ তত্ত্বলৈ বিশেষ বৰঙনি আগবঢ়াইছে। ক্লেমছন বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞানৰ তেখেতে "এমৰিটা অধ্যাপক"। ১৯৬২ চনত তেখেতে ইলিঅ'নয়ছ বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ বিষয়ত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে।