ৰেনুকা ৰবিন্দ্ৰন (জন্ম নাম: ৰেনুকা ৰাজগোপালন) ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী মহিলা ডিন আছিল।১
শিক্ষা আৰু কেৰিয়াৰ
তেখেত চেন্নাইৰ ভেপেৰিৰ প্ৰেজেণ্টেছন কনভেণ্টৰ এগৰাকী ছাত্ৰী আছিল। পৰৱৰ্তী পৰ্যায়ত তেখেতে চেন্নাইস্থিত ৱমেন'ছ্ খ্ৰীষ্টিয়ান কলেজত শিক্ষাগ্ৰহণ কৰে।২ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা প্ৰায়োগিক গণিতত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে। পাছলৈ জাৰ্মানীৰ "টেকনিকে হচ্ছকুলে আছেন"ৰ পৰা বায়ুগতিবিদ্যাত ডক্টৰেজিনিয়ৰ ডিগ্ৰী লাভ কৰে।৩৪১৯৬৭ চনত তেখেতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অধ্যাপক আৰু গণিত বিভাগৰ চেয়াৰমেন হিচাপে যোগদান কৰে। পাছলৈ তেখেত এই প্ৰতিষ্ঠানটোৰ ডিন হিচাপে কৰ্মনিৰ্বাহ কৰে। ইয়াৰোপৰি জাৰ্মানীৰ কাইজেৰলাউটাৰ্ন বিশ্ববিদ্যালয়কে একাধিক শিক্ষানুষ্ঠানত তেখেতে অতিথি অধ্যাপক হিচাপে নিমন্ত্ৰিত হয়।৫ তেখেতৰ গৱেষণাৰ বিষয় হৈছে অৰৈখিক তৰঙ্গ আৰু অ-নিউটনীয় তৰল।৬
তথ্যসূত্ৰ
- ↑ PROFILE OF PROF. RENUKA RAVINDRAN. .ias.ac.in
- ↑ DISTINGUISHED ALUMNAE. Women's Christian College
- ↑ Renuka Ravindran Education. math.iisc.ernet.in
- ↑ Renuka Ravindran. RWTH Aachen University
- ↑ (21 May 2004). Passionate about taking science to young minds. The Telegraph
- ↑ www.revolvy.com/page/Renuka-Ravindran
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণুকা ৰবিন্দ্ৰন” প্ৰবন্ধৰ সংশোধন ৫২৯৮৮০ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।