বিজয়ানন্দী বা বিজয়ানন্দ (আনুমানিক ৯৪০-১০১০, ভাৰতৰ বেনাৰস (বৰ্তমান বাৰাণসী), আছিল এজন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী যিয়ে ত্ৰিকোণমিতিৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছিল।
তেওঁ জয়ানন্দৰ পুত্ৰ৷ একমাত্ৰ জনা তথ্য হ'ল যে, তেওঁ আল-বেৰুণীৰ আৰবী গ্ৰন্থ ঘুৰাত আল-জিজাতৰ পৰা কৰণতিলকা নামৰ এখন অনুবাদ গ্ৰন্থ লিখিছিল।১ কিন্তু বিজয়নন্দী নামৰ, আনুমানিক ৫৫০ চনৰ আন এজন জ্যোতিৰ্বিজ্ঞানী আছিল, যাক বৃহস্পতি আৰু শনিৰ দ্ৰাঘিমাংশ গণনাৰ পদ্ধতি প্ৰৱৰ্তনৰ বাবে বৰাহমিহিৰএ তেওঁৰ পঞ্চসিদ্ধান্তিকাত (XVII, 62) বুলি উল্লেখ কৰিছিল।
কৰণতিলকাত সময়ৰ একক, সূৰ্য আৰু চন্দ্ৰৰ দ্ৰাঘিমাংশ, দিনৰ দৈৰ্ঘ্যৰ গণনা, গ্ৰহণ আৰু অন্যান্য এনে বিষয়ৰ টোকা অন্তৰ্ভুক্ত কৰা হৈছে।২
তথ্যসূত্ৰ
- ↑ Khan, M.S. (1987). An Examination of Al-Bīrūnī’s Knowledge of Indian Astronomy. International Astronomical Union Colloquium. পৃ. 139–144
- ↑ Sarton, George; Siegel, Frances. (1936). Forty-Sixth Critical Bibliography of the History and Philosophy of Science and of the History of Civilization (To End of February 1936,--With Special Reference to China and Japan). Isis. পৃ. 522–613
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়ানন্দী” প্ৰবন্ধৰ সংশোধন ৪১৯৪৭০ (২৩ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।