বাসন্তী এন. ভাটয়ানকএগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতৰ গৱেষণাই "সুষম অসম্পূৰ্ণ ব্লক ডিজাইন"(balanced incomplete block design), "দ্বিখণ্ডিত লেখ"(bivariegated graph),"গ্ৰেচফুল লেখ"(graceful graph), "লেখ সমীকৰণ", আৰু "কম্পনাংক বিভাজন"ক(frequency partition) সামৰি লয়।
শিক্ষা আৰু কৰ্মজীৱন
তেখেতে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ১৯৭০ চনত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰিছিল। তেখেতেৰ গৱেষণাপত্ৰখনৰ শীৰ্ষক আছিল-Some New Results in PBIBD Designs and Combinatorics। এছ. এছ. শ্ৰীখাণ্ডে আছিল তেখেতৰ গৱেষক। ডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেতে বিশ্ববিদ্যালয়খনতে গণিত বিভাগৰ অধ্যাপকৰ পদত অধিষ্ঠিত হয়। আৰু পৰৱৰ্তী পৰ্যায়ত বিভাগৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয়। ১ তেখেতৰ অধীনত বিজয় জনাৰ্দন অভয়ংকৰ, য়হা টলেমি ৰুষ্টমীয়ে গৱেষণা কৰি বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰিছিল। ২
তথ্যসূত্ৰ
- ↑ Rao, Nithyanand. (12 November 2017). Celebrating Sharadchandra Shrikhande, the Mathematician Who Disproved Euler. The Wire
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসন্তী এন. ভাটনায়ক” প্ৰবন্ধৰ সংশোধন ৫৫৫১৬৩ (২২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।