অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নয়নদীপ ডেকা বৰুৱা

নয়নদীপ ডেকা বৰুৱা (জন্ম ১৯৭২) এজন ভাৰতীয় গণিতজ্ঞ। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক। ৰামানুজনৰ গণিতৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবে তেওঁ জনাজাত।

হালনাগাদ: ৩ মে’ ২০২৬ ৫৮২ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নয়নদীপ ডেকা বৰুৱা (জন্ম ১৯৭২) এজন ভাৰতীয় গণিতজ্ঞ। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক।১ ৰামানুজনৰ গণিতৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবে তেওঁ জনাজাত। বিশেষকৈ তেওঁ সহযোগীসকলৰ সৈতে লগ লাগি বিভিন্ন পদ্ধতিৰে বিভিন্ন বিভাজন ফলনৰ ৰামানুজন-সদৃশ সৰ্বাংগসম সম্পৰ্ক(Ramanujan type congruences)ৰ বিকাশ সাধন কৰিছে।

জীৱনী

শিৱসাগৰত নয়নদীপ ডেকা বৰুৱাৰ শিক্ষাজীৱন আৰম্ভ হয়। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা ১৯৯২ চনত তেওঁ গণিতত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনত তেওঁ আই আই টি কানপুৰৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ২০০১ চনত পি এইচ ডি সম্পূৰ্ণ কৰে।২ তেওঁৰ পি এইচ ডিৰ গৱেষণা পত্ৰৰ বিষয় আছিল Contributions to Ramanujan's Schlafli-type Modular Equations, Class Invariants, Theta-functions, and Continued Fractions.৩শিলচৰৰ অসম বিশ্ববিদ্যালয়ত কিছুমাহ কটোৱাৰ পিছতে ১৯৯৭ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰাৰ পিছত তেওঁ ২০০৯ চনত অধ্যাপক হয়।৪ ২০০৬-০৭ বৰ্ষত এবছৰৰ বাবে তেওঁ আৰবানা-চেম্পেইনৰ ইলিন'জ বিশ্ববিদ্যালয়ত ব্ৰুচ চি বাৰ্ণ্টৰ সৈতে কাম কৰিছিল।৫

বঁটা আৰু সন্মান

  1. ২০০৪ চনত ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছছিয়েচনৰ পৰা নয়নদীপ ডেকাবৰুৱাই যুৱ বিজ্ঞানী বঁটা লাভ কৰিছিল।
  2. ২০০৫-০৬ চনত তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৰা এটা BOYSCAST ফেলোশ্বিপ লাভ কৰিছিল।৬

পেচাগত অৱদান

বিভিন্ন বিষয়ত নয়নদীপ ডেকাবৰুৱাই প্ৰায় ৬০খন গৱেষণা পত্ৰ লিখিছে। বিষয়সমূহ হৈছে বিশিষ্ট ফলন(special functions), মাপাংকীয় সমীকৰণ(modular equation), প্ৰাথমিক অতিগুণোত্তৰ শ্ৰেণী(Basic hypergeometric series), ''বিভাজন তত্ত্ব (Theory of Partitions), অবিৰত ভগ্নাংশ (Continued fractions) আদি।৭ তেওঁ বৰ্তমানলৈকে ১১জন শিক্ষাৰ্থীৰ পি এইচ ডিৰ গাইড হিচাপে কাম কৰিছে।৮ তেওঁ অসমৰ লগতে ভাৰতৰ আন ঠাইতো শিক্ষানুষ্ঠান আৰু বিদ্যায়তনিক সমাৱেশত ছাত্ৰ-ছাত্ৰীৰ বাবে বহুতো বক্তৃতা প্ৰদান কৰিছে। অনলাইন আলোচনী গণিত চ'ৰাৰো তেওঁ এজন পৰামৰ্শদাতা।৯ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত বিভিন্ন সমিতিৰ সদস্য হিচাপে তেখেতে কাম কৰিছে।১০

সাহিত্যিক অৱদান

গৱেষণা-পত্ৰ

  1. Deka Baruah, Nayandeep; Berndt, Bruce C. (2007). Partition identities and Ramanujan's modular equations. Journal of Combinatorial Theory Series A. পৃ. 1024-1045
  2. Deka Baruah, Nayandeep; Berndt, Bruce C. (2008). Ramanujan's series for arising from his cubic and quartic theories of elliptic functions. Journal of Mathematical Analysis and Applications. পৃ. 357-371
  3. Deka Baruah, Nayandeep; Berndt, Bruce C. (2009). Ramanujan's Eisenstein series and new hypergeometric-like series for. Journal of Approximation Theory. পৃ. 135-153
  4. Deka Baruah, Nayandeep; Begum, Nilufar Mana. (2019). Generating Functions and Congruences for Some Partition Functions Related to Mock Theta Functions
  5. Deka Baruah, Nayandeep; Kaur, Mandeep. (2020). Some results on vanishing coefficients in infinite product expansions. The Ramanujan Journal. পৃ. 551–568
  6. Deka Baruah, Nayandeep. (2003). On some of Ramanujan's Schläfli-type “mixed” modular equations. Journal of Number Theory. পৃ. 270-294
  7. Deka Baruah, Nayandeep. (2000). A Few Theta-Function Identities and Some of Ramanujan's Modular Equations. The Ramanujan Journal. পৃ. 239–250
  8. Deka Baruah, Nayandeep; Nath, Kallol. (2012). INFINITE FAMILIES OF ARITHMETIC IDENTITIES FOR 4-CORES. Bulletin of the Australian Mathematical Society. পৃ. 304 - 315
  9. Deka Baruah, Nayandeep; Nath, Kallol. (2014). Infinite families of arithmetic identities for self-conjugate 5-cores and 7-cores. Discrete Mathematics. পৃ. 57-67
  10. Deka Baruah, Nayandeep; Das, Hirakjyoti. (2021). Families of congruences for fractional partition functions modulo powers of primes. Research in Number Theory
  11. Deka Baruah, Nayandeep; Kaur, Mandeep; Kim, Mingyu. (2020). Proofs of Some Conjectures of Z. -H. Sun on Relations Between Sums of Squares and Sums of Triangular Numbers. Indian Journal of Pure and Applied Mathematics. পৃ. 11–38
  12. Deka Baruah, Nayandeep; Cooper, Shaun; Hirschorn, Michael. (2008). SUMS OF SQUARES AND SUMS OF TRIANGULAR NUMBERS INDUCED BY PARTITIONS OF 8. International Journal of Number Theory. পৃ. 525-538
  13. Deka Baruah, Nayandeep; Berndt, Bruce C. (2010). Eisenstein series and Ramanujan-type series for 1/π. The Ramanujan Journal. পৃ. 17–44
  14. Deka Baruah, Nayandeep; Berndt, Bruce C.; Chan, Heng Huat. (2009). Ramanujan's Series for 1/π: A Survey. The American Mathematical Monthly. পৃ. 567-587

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.tezu.ernet.in/dmaths/people/faculty.html
  2. ↑ www.tezu.ernet.in/dmaths/people/faculty-pages/nd
  3. ↑ Mathematics Genealogy, Nayandeep Deka Baruah
  4. ↑ www.tezu.ernet.in/dmaths/people/faculty-pages/nd
  5. ↑ আৰ্কাইভ কপি
  6. ↑ www.tezu.ernet.in/dmaths/people/faculty-pages/nd
  7. ↑ Google Scholar, Nayandeep Deka Baruah
  8. ↑ www.genealogy.math.ndsu.nodak.edu/id.php?id=1749
  9. ↑ আৰ্কাইভ কপি
  10. ↑ Executive Body of Assam Academy of Mathematics

সম্পৰ্কিত শ্ৰেণী

গণিতজ্ঞভাৰতীয় গণিতজ্ঞঅসমীয়া গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়নদীপ ডেকা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬০৪২১১ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।