অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিল আম্বানী

অনিল ধীৰুভাই আম্বাণী(Anil Dhirubhai Ambani জন্ম ৪ জুন ১৯৫৯) এজন ভাৰতীয় ব্যৱসায়ী, ৰিলায়েন্স গ্ৰুপ (ৰিলায়েন্স এ ডি এ গ্ৰুপ)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। ২০০৬ চনৰ জুলাই মাহত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পৰা বিচ্ছেদৰ পিছত ৰিলায়েন্স গ্ৰুপ গঠন কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অনিল ধীৰুভাই আম্বাণী(Anil Dhirubhai Ambani জন্ম ৪ জুন ১৯৫৯) এজন ভাৰতীয় ব্যৱসায়ী, ৰিলায়েন্স গ্ৰুপ (ৰিলায়েন্স এ ডি এ গ্ৰুপ)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। ২০০৬ চনৰ জুলাই মাহত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পৰা বিচ্ছেদৰ পিছত ৰিলায়েন্স গ্ৰুপ গঠন কৰা হয়। তেওঁ ৰিলায়েন্স কেপিটেলকে ধৰি কেইবাটাও ষ্টক তালিকাভুক্ত নিগমৰ নেতৃত্ব দিছিল। যেনে১ ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ,২ ৰিলায়েন্স পাৱাৰ আৰু ৰিলায়েন্স কমিউনিকেচন৩এসময়ত বিশ্বৰ ষষ্ঠ ধনী ব্যক্তি আম্বাণীয়ে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ব্ৰিটেইনৰ আদালতৰ সন্মুখত দেউলীয়া ঘোষণা কৰিছিল।৪ তেওঁ ২০০৪ চনৰ পৰা ২০০৬ চনলৈ ভাৰতীয় সংসদ ৰ উচ্চ সদনত উত্তৰ প্ৰদেশৰ পৰা স্বাধীন সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫৬

ব্যক্তিগত জীৱন

আম্বানি ভাৰতৰ গুজৰাট ৰাজ্যৰ কঠীয়াৱাৰ অঞ্চলৰ জুনাগাধৰ ওচৰৰ চোৰৱাড গাঁৱৰ এটি গুজৰাটী ভাষা পৰিয়ালত জন্ম গ্ৰহণ কৰে। ৭তেওঁ বস্ত্ৰ উদ্যোগী ধীৰুভাই আম্বাণী আৰু তেওঁৰ পত্নী শ্ৰীমতী কোকিলাবেন আম্বাণীৰ কনিষ্ঠ পুত্ৰ। উপনগৰ মুম্বাইত কোকিলাবেন ধীৰুভাই আম্বাণী হাস্পতাল প্ৰতিষ্ঠা কৰা এগৰাকী নিষ্ঠাবান গৃহকৰ্মী কোকিলাবেন আম্বাণী। চাৰিটা সন্তানৰ ভিতৰত অনিল অন্যতম। তেওঁৰ জেষ্ঠ ভাতৃ মুকেশ আম্বাণী আৰু দুগৰাকী ভগ্নী শ্ৰীমতী নীনা কোথাৰী (প্ৰয়াত ভদ্ৰ শ্যাম কোথাৰীৰ পত্নী) আৰু শ্ৰীমতী ড. দীপ্তি ছালগাওকাৰ (দত্তৰাজ ছালগনকাৰৰ পত্নী)। ৮অনিল আম্বাণী অভিনেত্ৰী টিনা আম্বানীৰ সৈতে ১৯৯১ চনত বিবাহপাশত আৱদ্ধ হৈছিল।৯

পুৰস্কাৰ আৰু স্বীকৃতি

  • ভাৰতৰ আগশাৰীৰ ব্যৱসায়িক আলোচনী বিজনেছ ইণ্ডিয়াৰ দ্বাৰা ‘১৯৯৭ চনৰ বছৰৰ শ্ৰেষ্ঠ ব্যৱসায়ী’ বঁটা প্ৰদান কৰা হয়।১০
  • দ্য টাইম্‌ছ অৱ ইণ্ডিয়া – টিএনএছ, ডিচেম্বৰ ২০০৬ৰ দ্বাৰা কৰা এক সমীক্ষাত ‘বছৰৰ ব্যৱসায়ী’ সন্মান প্ৰদান কৰে।
  • ইণ্ডিয়া টুডে আলোচনী দ্বাৰা আগষ্ট ২০০৬ অনুষ্ঠিত হোৱা দ্বিবাৰ্ষিক মুড অৱ দ্য নেচন সমীক্ষাত ব্যৱসায়িক নেতাসকলৰ মাজত ‘শ্ৰেষ্ঠ আদৰ্শ’ হিচাপে সন্মানিত কৰা হয়।
  • Platts Global Energyপৰা ‘২০০৪ চনৰ বছৰৰ শ্ৰেষ্ঠ চিইঅ(CEO)’’ বঁটা সন্মানিত কৰা হয়।
  • বম্বে 'মেনেজমেণ্ট এছ’চিয়েশ্যনৰ'দ্বাৰা অক্টোবৰ,২০০২ 'দ্শকৰ উদ্যোগী বঁটা’ প্ৰদান।
  • ৰিলায়েন্সৰ বহু ব্যৱসায়িক ক্ষেত্ৰত বিশ্বব্যাপী নেতা হিচাপে প্ৰতিষ্ঠা কৰাত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ৱাৰ্টন ইণ্ডিয়া ইকনমিক ফ'ৰাম (WIEF) দ্বাৰা ডিচেম্বৰ ২০০১ প্ৰথম ৱাৰ্টন ইণ্ডিয়ান প্ৰাক্তন ছাত্ৰ বঁটা প্ৰদান কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (17 April 2014). Reliance Capital. Reliance Capital
  2. ↑ (17 April 2014). Reliance Infra. Reliance Infra
  3. ↑ (17 April 2014). Reliance Communication. Reliance Communication
  4. ↑ (8 February 2020). Onetime Billionaire Says He's Now Worth Nothing. The Economic Times
  5. ↑ (16 June 2004). Anil Ambani to stand for Rajya Sabha. The Economic Times
  6. ↑ (25 March 2006). Anil Ambani quits as Rajya Sabha MP amid office of profit row. Outlook
  7. ↑ (2015-08-01). Top 10 Gujarati billionaires. India TV News
  8. ↑ (2015-03-18). Biggest secrets of Ambani family in pics. The Times of India
  9. ↑ Paranjoy Guha Thakurta; Subir Ghosh; Jyotirmoy Chaudhuri. (30 March 2014). GAS WARS: Crony Capitalism and the Ambanis. Paranjoy Guha Thakurta. ISBN 978-81-928551-3-4
  10. ↑ (20 July 2004). Businessman of the Year 1997. Business Standard

সম্পৰ্কিত শ্ৰেণী

ব্যৱসায়ীউদ্যোগপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিল আম্বানী” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৫৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।