অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আবিছ’য়ে অজয়ী-আকিনফ’লাৰিন

আবিছ'য়ে আজয়ী-আকিনফোলাৰিন (Abisoye Ajayi-Akinfolarin,জন্ম-১৯ মে' ১৯৮৫) এগৰাকী উদ্যোগী আৰু মানৱ উন্নয়ন বিশেষজ্ঞ। তেখেত পাৰ্লছ আফ্ৰিকা ইউথ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, যিটো অলাভজনক সংস্থাই অৰ্থনৈতিক স্বাধীনতাৰ সামগ্ৰিক উদ্দেশ্যৰ বাবে প্ৰযুক্তিৰ দক্ষতা আৰু মেণ্টৰিঙৰ সুবিধা…

হালনাগাদ: ১২ মাৰ্চ ২০২৫ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আবিছ'য়ে আজয়ী-আকিনফোলাৰিন (Abisoye Ajayi-Akinfolarin,জন্ম-১৯ মে' ১৯৮৫) এগৰাকী উদ্যোগী আৰু মানৱ উন্নয়ন বিশেষজ্ঞ।

তেখেত পাৰ্লছ আফ্ৰিকা ইউথ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, যিটো অলাভজনক সংস্থাই অৰ্থনৈতিক স্বাধীনতাৰ সামগ্ৰিক উদ্দেশ্যৰ বাবে প্ৰযুক্তিৰ দক্ষতা আৰু মেণ্টৰিঙৰ সুবিধা প্ৰদানৰ জৰিয়তে অভাৱগ্ৰস্ত সম্প্ৰদায়ৰ যুৱতী আৰু মহিলাসকলক শিক্ষা প্ৰদান কৰাত মনোনিৱেশ কৰে। ২০১৮ চনত নৱেম্বৰ মাহত আজয়ী-আকিনফোলাৰিনক শীৰ্ষ দহ চিএনএন হিৰোৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়। একে মাহতে তেওঁক টেকত বিবিচি ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হৈছিল।

আবিছ'য়ে আজয়ী-আকিনফ'লাৰিন এজন কৌশলী পেছাদাৰী যি তথ্য প্ৰযুক্তি, কম্পিউটাৰ প্ৰগ্ৰেমিং, তথ্য বিশ্লেষণ, আৰু এটা পাৰ্থক্য সৃষ্টিৰ প্ৰতি নিষ্ঠা বজাই ৰাখিছে৷

প্ৰাথমিক জীৱন আৰু শিক্ষা

নাইজেৰিয়াৰ অন্দো ৰাজ্যৰ আকুৰেত প্ৰয়াত মুখ্য জেমছ অলানিয়ী আজয়ী আৰু ক্ৰীষ্টিনা টিটিলায়ো আজয়িৰ পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল। নাইজেৰিয়ান ইনষ্টিটিউট অৱ ইনফৰ্মেচন টেকন'লজি (এন আই আই টি)ত আবিছ'য়য়ে অধ্যয়ন কৰে, তাৰ পিছত লাগোছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে য'ত তেওঁ ব্যৱসায়িক প্ৰশাসনত স্নাতক ডিগ্ৰী লাভ কৰে, যিটো মূল ব্যৱসায়িক কাৰ্য্যসমূহৰ ওপৰত ভিত্তি কৰি কৰা পাঠ্যক্ৰম৷ ই তথ্য প্ৰযুক্তিৰ প্ৰয়োগ, দলীয় কাম আৰু সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এবিছ’য়ে হাৰ্ভাৰ্ড কেনেডি স্কুলৰ প্ৰাক্তন ছাত্ৰ মিড-কেৰিয়াৰ মাষ্টাৰছ অৱ পাব্লিক এডমিনিষ্ট্ৰেচনৰ মেছন ফেলো। তেখেতে এড্ৰিয়ান চেং ফেলোও, যিটো পৰিৱৰ্তনকাৰীসকলৰ বাবে ফেল'শ্বিপ আৰু নতুন আৰু সৃষ্টিশীল পদ্ধতিৰে জৰুৰী সামাজিক সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।১

পেছাদাৰী কেৰিয়াৰ

আজয়ী-আকিনফ'লাৰিনৰ সংস্থাই পাৰ্লছ আফ্ৰিকাৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম গাৰ্লছকোডিঙৰ আয়োজন কৰিছিল।১ সেই ব্যৱধান বন্ধ কৰাত সহায় কৰিব বিচৰা আৰু নিজৰ ক্ষেত্ৰখনৰ অধিক মহিলাক উৎসাহিত কৰিব বিচৰা অজয়ী-আকিনফ'লাৰিনে নিজাকৈ অলাভজনক সংস্থা স্থাপন কৰে।২

২০১২ চনত আজয়ী-আকিনফোলাৰিনে পাৰ্লছ আফ্ৰিকা ইউথ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে, যিটো এটা বেচৰকাৰী সংস্থা যিয়ে ছোৱালীক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে প্ৰযুক্তি দক্ষতা বিকাশত সহায় কৰে য’ত গাৰ্লছকোডিং, জি.চি মেণ্টৰ, গাৰ্লছইনষ্টেম আৰু এম্পাৱাৰড হেণ্ডছ অন্তৰ্ভুক্ত।৩২০১২ চনৰ পৰা এই সংস্থাটোৱে ১০,০০০ তকৈ অধিক যুৱতীক ক'ড কৰিবলৈ প্ৰশিক্ষণ দিছে।৪

বঁটা আৰু স্বীকৃতি

১. চিএনএন হিৰোজৰ সন্মানীয়, ২০১৮ ২. বিবিচি ১০০ মহিলা, ২০১৮৫ ৩. ONE ৰ ২০১৮ চনৰ বছৰৰ মহিলা বঁটা৬

তথ্যসূত্ৰ

  1. ↑ Agbo, Njideka. (5 November 2018). Abisoye Ajayi-Akinfolarin: The Coding Hero. The Guardian
  2. ↑ (13 September 2018). Disadvantaged Girls Change their Communities by Learning to Code. CNN
  3. ↑ Pearls Africa. Viva Naija.com
  4. ↑ (November 2018). Top 10 CNN Heroes of 2018 revealed. CNN
  5. ↑ (2018-11-19). BBC 100 Women 2018: Who is on the list?
  6. ↑ (2018-12-19). ONE's 2018 Women of the Year Awards. ONE

সম্পৰ্কিত শ্ৰেণী

নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মীব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আবিছ’য়ে অজয়ী-আকিনফ’লাৰিন” প্ৰবন্ধৰ সংশোধন ৪৯১০২৮ (১২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।