ব্যৱসায়ী
৫২ প্ৰবন্ধ
-
কৰ্টনী কাৰ্ডাশিয়ান
কৰ্টনী কাৰ্ডাশিয়ান বাৰ্কাৰ (জন্ম: ১৮ এপ্ৰিল ১৯৭৯) এগৰাকী আমেৰিকান সংবাদ মাধ্যমৰ ব্যক্তিত্ব, চচিয়েললাইট আৰু ব্যৱসায়ী। ২০০৭ চনত তেওঁ আৰু তেওঁৰ পৰিয়ালে ৰিয়েলিটী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
চাইৰাছ মিস্ত্ৰী (ব্যৱসায়ী)
চাইৰাছ পল্লনজী মিষ্ট্ৰী (জন্ম, ৪ জুলাই ১৯৬৮ –মৃত্যু, ৪ ছেপ্টেম্বৰ ২০২২) আছিল এজন জন্মগতভাৱে ভাৰতীয় যদিও আইৰিছ কোটিপতি ব্যৱসায়ী। ২০১২ চনৰপৰা ২০১৬ চনলৈ তেওঁ ভাৰতীয় ব্যাৱসায়িক সংঘবদ্ধ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল।
-
চাৰা গডাৰ্ড
চাৰা আপডাইক গডাৰ্ড (প্ৰায় ১৭০১ – ৫ জানুৱাৰী, ১৭৭০) আছিল ৰোড আইলেণ্ডৰ প্ৰভিডেন্সত প্ৰতিষ্ঠা হোৱা প্ৰথমখন কাকত প্ৰভিডেন্স গেজেট আৰু কাণ্ট্ৰী জাৰ্নেলৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰকাশক।
-
চেহনাজ হুছেইন
চেহনাজ হুছেইন (Shahnaz Husain) হ'ল ভাৰতৰ 'চেহনাজ হুছেইন গোট'ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আৰু পাৰিচালন সঞ্চালক। ভেষজ পদ্ধতিৰে সৌন্দৰ্য চৰ্চ্চাক আগুৱাই নিয়া আৰু ভাৰতীয় আয়ুৰ্বেদক পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে।
-
ছাৰা হাইড
ছাৰা হাইড (মৃত্যু ১৫ নৱেম্বৰ ১৭৫০) এগৰাকী আইৰিছ মুদ্ৰক আৰু কিতাপ বিক্ৰেতা আছিল।
-
জুলি ঝুও
জুলি ঝুও এগৰাকী চীনা-আমেৰিকান ব্যৱসায়ী আৰু কম্পিউটাৰ বিজ্ঞানী। তেওঁ ফেচবুকৰ প্ৰডাক্ট ডিজাইনৰ ভাইচ প্ৰেচিডেণ্ট আছিল আৰু বৰ্তমান ছানডিয়ালৰ সহ-প্ৰতিষ্ঠাপক। ঝুও হৈছে দ্য মেকিং অৱ এ মেনেজাৰ (২০১৯) নামৰ গ্ৰন্থখনৰ লেখক।
-
জেন বিচেল গ্ৰেভহৰ্ণ
জেন বিচেল গ্ৰেভহৰ্ণ (১৯১১–১৯৭৩) এগৰাকী আমেৰিকান শিল্পী, টাইপোগ্ৰাফাৰ, কিতাপ বাইণ্ডাৰ আৰু প্ৰিণ্টাৰ আছিল।
-
জেনিফাৰ ফ্লেভিন
জেনিফাৰ লি ফ্লেভিন ষ্টেলন (ইংৰাজী: Jenifer Lee Flavin; জন্ম: ১৪ আগষ্ট, ১৯৬৮) এগৰাকী আমেৰিকান ব্যৱসায়ী মহিলা আৰু প্ৰাক্তন মডেল। তেওঁ অভিনেতা চিলভেষ্টাৰ ষ্টেলনৰ সৈতে বিবাহিত।
-
জৰ্জিনা ৰড্ৰিগেজ
জৰ্জিনা ৰড্ৰিগেজ হাৰ্নাণ্ডেজ (জন্ম: ২৭ জানুৱাৰী ১৯৯৪) এগৰাকী আৰ্জেণ্টিনা আৰু স্পেনিছ ছ’চিয়েল মিডিয়া ব্যক্তিত্ব, মডেল আৰু উদ্যোগী। পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে তেওঁৰ সম্পৰ্কৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে।
-
টেৰুকো মিজুছিমা
টেৰুকো মিজুছিমা (১৯২০-১৯৯৬) এগৰাকী জাপানী গৃহিণী, লেখিকা, উদ্ভাৱক, সামাজিক মন্তব্যকাৰী আৰু কৰ্মী আছিল, যিয়ে ১৯৭৩ চনত বিশ্বৰ প্ৰথমবাৰৰ বাবে বেংক গঠন কৰাৰ কৃতিত্ব লাভ কৰে।
-
ডিনা নুথহেড
ডিনা নুথহেড (অনুমাণিক 1696) মেৰিলেণ্ড প্ৰভিন্সত বাস কৰা এগৰাকী ঔপনিৱেশিক মুদ্ৰক আছিল। তেৰটা কলনীত ছপাশালৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী মহিলা বুলি ধাৰণা কৰা হৈছে। নুথহেডৰ জন্ম হৈছিল মেৰিলেণ্ডৰ এন্নে অৰুণ্ডেল কাউণ্টিত।
-
পপী কেপেলা
পপী কেপেলা স্বস্তিকা (জন্ম: ২২ অক্টোবৰ ১৯৯১), যাক প্ৰায়ে মাদাম পপী কেপেলা বুলিও কোৱা হয়, এগৰাকী ইণ্ডোনেছিয়ান প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিচালক, গায়িকা, অভিনেত্ৰী আৰু ব্যৱসায়ী।
-
বৰবেৰা বুশ্বে
বৰবেৰা বুশ্বে (ইংৰাজী: Barbara Bouchet; জন্ম: বেৰ্বেল গুটশ্বাৰ; ১৫ আগষ্ট ১৯৪৩) এগৰাকী জাৰ্মান-ইটালিয়ান অভিনেত্ৰী, নৰ্তকী আৰু মডেল, যি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইটালীত সক্ৰিয়। তেওঁক ১৯৬০ আৰু ১৯৭০ দশকৰ বি মুভি বা ধাৰাবাহিক চলচ্চিত্ৰসমূহৰ এগৰাকী ছেক্স চিম্বল হিচাপে গণ্য কৰা হয়।
-
মাৰ্ফা ব’ৰেটস্কয়া
মাৰ্ফা ব’ৰেটস্কয়া, যাক মাৰ্থা দ্য মেয়ৰেছ বুলিও কোৱা হয়, এগৰাকী ৰাছিয়ান ব্যৱসায়ী আৰু সম্ভ্ৰান্ত মহিলা আছিল। ১৫ শতিকাৰ নভগ'ৰডৰ এজন প'ছাডনিক আইজাক ব'ৰেটস্কিৰ পত্নী আছিল। নভগ’ৰডৰ স্বাধীনতাৰ শেষৰ দশকবোৰত তেওঁ চহৰখনৰ ৰাজনীতিত অগ্ৰণী ভূমিকা পালন কৰিছিল।
-
মেৰী ইয়েটছ
চুজান মেৰী য়েটছ (২৫ আগষ্ট ১৮৬৬ – ৫ জানুৱাৰী ১৯৪৯), লিলি য়েটছ নামেৰে জনাজাত, চেলটিক পুনৰুজ্জীৱনৰ সৈতে জড়িত এগৰাকী এম্ব্ৰয়ডাৰী শিল্পী আছিল। ১৯০৮ চনত তেওঁ কুয়ালা ইণ্ডাষ্ট্ৰীজৰ এম্ব্ৰয়ডাৰী বিভাগ প্ৰতিষ্ঠা কৰে আৰু ১৯৩১ চনত ইয়াৰ ভংগ নোহোৱালৈকে ইয়াৰ সৈতে জড়িত আছিল।
-
মেৰী ছিমনছ
মেৰী ছিমনছ (মৃত্যু প্ৰায় ১৬৮৭) এগৰাকী ইংৰাজ ছপা কৰোঁতা আছিল। ১৭ শতিকাত লণ্ডনত আমূল গ্ৰন্থ প্ৰকাশ কৰা ছিমনছ পৰিয়ালৰ সদস্য আছিল। ব্যৱসায়টোৰ আটাইতকৈ উল্লেখযোগ্য লেখক আছিল জন মিল্টন। ১৬৫৪ চনত মেৰীয়ে স্বামীৰপৰা ছপা ব্যৱসায়টো লৈছিল আৰু চলাইছিল।
-
লক্ষ্মী মিত্তল
লক্ষ্মী নিৱাস মিত্তল ( জন্ম ১৫ জুন ১৯৫০) যুক্তৰাজ্যত বাস কৰা এজন ভাৰতীয় তীখাৰ ব্যৱসায়ী। তেওঁ বিশ্বৰ দ্বিতীয় বৃহত্তম ষ্টীল কোম্পানী আৰ্চেলৰমিটালৰ কাৰ্যবাহী অধ্যক্ষ আৰু ষ্টেইনলেছ ষ্টীল নিৰ্মাতা কোম্পানী আপেৰামৰ অধ্যক্ষ।
-
লীনা নায়াৰ
লীনা নায়াৰ (পূৰ্বৰ উপাধি মেনন; জন্ম ১৯৬৯) হৈছে এজন ব্ৰিটিছ-ইণ্ডিয়ান ব্যাৱসায়িক কাৰ্যনিৰ্বাহী, আৰু তেওঁ হৈছে চানেলৰ মুখ্য কাৰ্যনিৰ্বাহী অৱস্থাপক (CEO)। নায়াৰে পূৰ্বে ইউনিলিভাৰৰ মুখ্য মানৱ সম্পদ বিষয়াৰ আৰু লীডাৰশ্বিপ এক্সিকিউটিভ সদস্য হিচাপে কৰ্ম কৰিছিল।
-
হিলাৰিয়া বল্ডৱিন
হিলাৰিয়া বল্ডৱিন (ইংৰাজী: Hilaria Baldwin; জন্ম: হিলাৰী লিন হেৱাৰ্ড-টমাছ; ৬ জানুৱাৰী ১৯৮৪) এগৰাকী আমেৰিকান যোগ প্ৰশিক্ষক, পডকাষ্টাৰ, লেখিকা আৰু ব্যৱসায়ী। তেওঁ অভিনেতা আলেক বল্ডৱিনৰ পত্নী, যাৰ সৈতে তেওঁ ২০১২ চনত বিবাহপাশত আবদ্ধ হৈছিল।
-
ৰবাৰ্ট টি কিয়োচাকি
ৰবাৰ্ট টি কিয়োচাকি (Robert Toru Kiyosaki) হৈছে এজন আমেৰিকান ব্যৱসায়ী আৰু লেখক। তেওঁ ব্যক্তিগত কোম্পানী Rich Global LLC আৰু Rich Dad Company -ৰ সংস্থাপক।
-
ৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহ
ৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহ (জন্ম: ১৯৭৪) এগৰাকী মালয়েছিয়ান ব্যৱসায়ী, প্ৰাক্তন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে 'মিছ মালয়েছিয়া ৱৰ্ল্ড ১৯৯৪'ৰ মুকুট লাভ কৰিছিল।
-
ৰীম আলাছাদি
ৰীম আলাছাদি (আৰবী: ريم الأسدي) ইৰাকত জন্মগ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ ফেশ্বন ডিজাইনাৰ। লণ্ডন আৰু টকিঅ’ দুয়োখনতে তেওঁৰ ঘৰ আছে আৰু তেওঁ সৃষ্টি কৰা পোছাকৰ আৰ্হি জাপানত অতি জনপ্ৰিয়, তেওঁৰ শৈলীক "ব্ৰিটিছ পাংক আৰু পুনঃব্যৱহৃত সামগ্ৰীসমূহক ভিক্টোৰিয়ান-প্ৰেৰিত ভলিউমিনাছ আৰু কামুক পোছাকলৈ পৰিৱৰ্তন কৰা" বুলি…