কেথাৰিনা বুইজ (১৭১৪–১৭৮১), এগৰাকী ডাচ মানচিত্ৰ নিৰ্মাতা আৰু প্ৰকাশক আছিল, যি শক্তিশালী ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে এগৰাকী গুৰুত্বপূৰ্ণ মানচিত্ৰ নিৰ্মাতা হৈ পৰিছিল।
জীৱনী
কেথাৰিনা বুইজে (১৭৩২) আমষ্টাৰডামৰ মানচিত্ৰ নিৰ্মাতা আৰু প্ৰকাশক দ্বিতীয় জোহানেছ ভান কিউলেন (১৭০৪–১৭৫৫)১ক বিয়া কৰায়, যিজনৰ আগৰেপৰা মানচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এক সফল ব্যৱসায়ী আছিল। তেওঁলোকৰ দুজন পুত্ৰ জেৰাৰ্ড হালষ্ট ভান কিউলেন (১৭৩৩-১৮০১) আৰু কৰ্নেলিছ বুইজছ ভান কিউলেন (১৭৩৬–১৭৭৪) আছিল, দুয়োজনে তেওঁলোকৰ কোম্পানীটোত ভূমিকা পালন কৰিছিল।২
স্বামীৰ মৃত্যুৰ পাছত কেথাৰিনা বুইজে ভ্যান কিউলেন পৰিয়ালৰ ব্যৱসায় চলাই গৈছিল যিয়ে ষ্টৰ্মছৰ মতে তেওঁক আধুনিক যুগৰ আৰম্ভণিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহিলা ডাচ মানচিত্ৰ নিৰ্মাতা কৰি তুলিছিল।৩
১৭৫৫ চনত তেওঁ এই ব্যৱসায়ৰ দায়িত্ব লোৱাৰপৰাই কেথাৰিনা বুইজ শক্তিশালী ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীটোৰ আমষ্টাৰডাম কাৰ্যালয়ৰ বাবে আনুষ্ঠানিক মানচিত্ৰ নিৰ্মাতা হৈ পৰিছিল।৩ ইয়াৰ উপৰি তেওঁৰ কোম্পানীটো সাগৰীয় এটলাছ আৰু চাৰ্ট, হেলমছমেনৰ গাইড আৰু কিতাপৰ বিখ্যাত প্ৰকাশক আৰু বিক্ৰেতা আৰু নেভিগেচন যন্ত্ৰৰ নিৰ্মাতা আৰু বিতৰক হৈ পৰে।৩
১৭৭২ চনৰপৰা আৰম্ভ কৰি তেওঁ ভ্যান কিউলেন কোম্পানীটোৰ আংশিক নিয়ন্ত্ৰণ নিজৰ দুয়োজন পুত্ৰৰ হাতত অৰ্পণ কৰে, যিটো ব্যৱস্থা ১৭৮১ চনত তেওঁৰ মৃত্যুৰ আগলৈকে চলি থাকে। সেই সময়ত তেওঁৰ একমাত্ৰ জীয়াই থকা পুত্ৰ জেৰাৰ্ড হালষ্ট ভান কিউলেনে তেওঁৰ পদটো গ্ৰহণ কৰিছিল। ১৮৮৫ চনলৈকে ভ্যান কেউলেন পৰিয়ালৰ ব্যৱসায়টো সমৃদ্ধিশালী হৈ উঠে আৰু দুটা শতিকাতকৈও অধিক সময় সফলতাৰে চলি থকাৰ পিছত অৱশেষত ইয়াক বন্ধ কৰি দিয়া হয়।৩
১৭৫৬ চনত তেওঁ পুনৰ বিবাহৰ বাবে আমষ্টাৰডামত পঞ্জীয়ন কৰে আৰু হেণ্ড্ৰিক পোষ্টৰ (১৭০৮–১৭৬১) দ্বিতীয় পত্নী হয়।১
তথ্যসূত্ৰ
- ↑ Indexen. archief.amsterdam
- ↑ Catharina Maria Buijs. www.vondel.humanities.uva.nl
- ↑ Storms, Martijn. (2019). 38TH ANNUAL 2019: Geheimhouding bij de VOC? De dubbele petten van Blaeu en Van Keulen. Caert Thresoor
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেথাৰিনা বুইজ” প্ৰবন্ধৰ সংশোধন ৫৯৮১৭৬ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।