জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ (George Westinghouse Jr.) (৬ অক্টোবৰ, ১৮৪৬- ১২ মাৰ্চ, ১৯১৪) আছিল এগৰাকী আমেৰিকান উদ্যোগী আৰু অভিযন্তা; যাক বিদ্যুৎ শক্তি উদ্যোগৰ এগৰাকী অগ্ৰদূত বুলি অভিহিত কৰা হয়৷ তেওঁ ৰেলৱে বায়ু ব্ৰেকৰ সৃষ্টি কৰিছিল৷ মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ প্ৰথমটো পেটেণ্ট (Patent) লাভ কৰিছিল৷ ১৮৮০ৰ দশকৰ আৰম্ভণিৰ কালছোৱাত ৱেষ্টিংহাউছে বিদ্যুৎ শক্তিৰ বিতৰণৰ ক্ষেত্ৰখনত পৰিৱৰ্তী প্ৰৱাহে সূচনা কৰিব পৰা সম্ভাৱনাপূৰ্ণ সফলতাৰ কথা অনুধাৱন কৰিছিল আৰু তাৰবাবে তেখেতে নিজৰ সমস্ত সমল আৰু চিন্তা এই উদ্যোগটো গঢ়ি তুলিবলৈ ব্যৱহাৰ কৰিছিল৷ ইয়াৰ ফলত তেওঁ থমাছ আলভা এডিচনৰ লগত প্ৰত্যক্ষ প্ৰতিযোগিতাত লিপ্ত হৈছিল, কাৰণ এডিছনে বিদ্যুৎ বিতৰণৰ বাবে একমুখী প্ৰৱাহৰহে পোষকতা কৰিছিল৷ ১৯১১ চনত ৱেষ্টিংহাউছে আমেৰিকান ইনষ্টিটিউট্ অৱ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ্ছ (AIEE) ৰ পৰা এডিছন পদক লাভ কৰিছিল৷ পৰিৱৰ্তী প্ৰৱাহৰ বিকাশৰ লগত জড়িত হোৱাৰ বুদ্ধিদীপ্ত সাফল্যৰ বাবে তেওঁক এই সন্মান আগবঢ়োৱা হৈছিল৷১
প্ৰাৰম্ভিক জীৱন
নিউয়ৰ্ক মহানগৰৰ চেণ্ট্ৰেল ব্ৰীজত ১৮৪৬ চনত জৰ্জ ৱেষ্টিংহাউছৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ আছিল জৰ্জ ৱেষ্টিংহাউছ জ্যেষ্ঠ আৰু মাতৃ আছিল এমেলিন (ভেডাৰ)৷ দেউতাকৰ এখন যন্ত্ৰৰ দোকান আছিল৷২তেখেতৰ পূৰ্বপুৰুষসকল জাৰ্মানীৰ ৱেষ্টফেলিয়াৰ পৰা আহিছিল৷ তেওঁলোকে প্ৰথমতে ইংলেণ্ডত প্ৰৱেশ কৰিছিল আৰু পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল৷ তেওঁলোকৰ উপাধিটো ৱেষ্টিংহাউছেন (Westinghausen)ৰ পৰা ইংৰাজীকৃত কৰা হৈছিল৷ যুৱ অৱস্থাৰ পৰাই, ৱেষ্টিংহাউছে যন্ত্ৰপাতি আৰু ব্যৱসায়ত প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল৷ পোন্ধৰ বছৰ বয়সত, আমেৰিকাৰ গৃহযুদ্ধৰ সূচনা হোৱাৰ পৰত, ৱেষ্টিংহাউছ নিউ ইয়ৰ্ক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীত তালিকাভুক্ত হয়৷ পিতৃ-মাতৃয়ে অনুৰোধ কৰাৰ পাছতহে ৱেষ্টিংহাউছে ঘৰলৈ ওভতি আহে৷ ১৮৬৩ চনৰ এপ্ৰিলত, ৱেষ্টিংহাউছে পুনৰ প্ৰতিৰক্ষা বাহিনীত যোগদান কৰিবলৈ পিতৃ-মাতৃক খাটনি ধৰে৷ পৰিণতিস্বৰূপে এইবাৰ ৱেষ্টিংহাউছে ১৬তম নিউ ইয়ৰ্ক অশ্বাৰোহী বাহিনীৰ M কোম্পানীত যোগদান কৰে আৰু কৰ্পৰেল পৰ্যায়লৈকে পদোন্নতি লাভ কৰে৷ ১৮৬৪ চনৰ ডিচেম্বৰ মাহত, তেওঁ সেনাবাহিনীৰ পৰা পদত্যাগ কৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰীয় নৌসেনাত যোগদান কৰে৷ তাত তেখেতে USS Muscootaৰ কামানবাহী নাঁৱত তৃতীয় সহকাৰী অভিযন্তা হিচাপে কৰ্মনিৰ্বাহ কৰে আৰু যুদ্ধৰ শেষলৈকে নিজৰ দায়িত্ব পালন কৰে৷ ৩ ১৮৬৫ চনৰ আগষ্টত, সামৰিক সেৱাৰ পৰা অব্যাহতি লৈ তেওঁ নিউ ইয়ৰ্কৰ ছেনেকডাটিত থকা পৰিয়ালৰ মাজলৈ উভতি আহে আৰু ইউনিয়ন কলেজত নামভৰ্তি কৰে৷ কিন্তু পাঠ্যক্ৰমৰ প্ৰতি তেওঁ আকৰ্ষণ হেৰুৱায় আৰু প্ৰথম বৰ্ষতে শিক্ষানুষ্ঠানৰ পৰা ওলাই আহে৷
ৱেষ্টিংহাউছে প্ৰথমটো উদ্ভাৱন মাত্ৰ ১৯ বছৰ বয়সতে সম্পন্ন কৰে৷ সেইটো আছিল এটা ঘূৰ্ণীয়মান বাষ্প ইঞ্জিন (rotary steam engine)৪ তেওঁ "ৱেষ্টিংহাউছ ফাৰ্ম ইঞ্জিন"টোও বিকশিত কৰে৷ ২১ বছৰ বয়সত, তেওঁ এটা "কাৰ ৰিপ্লেচাৰ" (car replacer) সাজে-যাৰদ্বাৰা পথচ্যুত হোৱা ৰে'ল-বাহনক নিৰ্দেশিত কৰিব পৰা যাব৷ ইয়াৰ লগতে তেওঁ এটা reversible frog সাজি উলিয়ায়৷ ই হৈছে ৰেলপথ ছুইছৰ লগত ব্যৱহাৰ হোৱা একধৰণৰ যন্ত্ৰ, যিয়ে এখন ৰে'লক দুটা ৰে'লপথৰ মাজৰ যিকোনো এটাৰে চলাত সহায় কৰে৷ ৪৫
তথ্যসূত্ৰ
- ↑ George Westinghouse. IEEE Global History Network. IEEE
- ↑ Westinghouse__George.html. PSU.edu
- ↑ Register of Commissioned Officers of the United States Navy. 1865. pg. 209
- ↑ George Westinghouse Timeline
- ↑ He later patented the device. It was issued as in April 1868, when he was 22. It was reissued as in August 1869
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জ ৱেষ্টিংহাউছ” প্ৰবন্ধৰ সংশোধন ২৪৩৮১২ (১৫ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।