বৃটিছ অভিনেত্ৰী
৩১ প্ৰবন্ধ
-
মিলি ববি ব্ৰাউন
মিলি ববি ব্ৰাউন (Millie Bobby Brown; জন্ম: ১৯ ফেব্ৰুৱাৰী ২০০৪) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল। মিলিয়ে নেটফ্লিক্সৰ বিজ্ঞান-কল্পকাহিনী ড্ৰামা-ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছ (২০১৬–বৰ্তমান)ত এলেভেন চৰিত্ৰটো ৰূপায়ণ কৰি স্বীকৃতি লাভ কৰে।
-
তাৰা শৰ্মা
তাৰা শৰ্মা (ইংৰাজী: Tara Sharma; জন্ম: ১১ জানুৱাৰী ১৯৭৭) এগৰাকী ভাৰতীয়-ব্ৰিটিছ অভিনেত্ৰী, উদ্যোগী, সৃষ্টিকৰ্তা, সহ-প্ৰযোজক আৰু দ্য তাৰা শৰ্মা শ্বোৰ আঁতধৰোঁতা। তেওঁ লেখক প্ৰতাপ শৰ্মা আৰু চুজান শৰ্মাৰ কন্যা। ২০০২ চনত অনুপম খেৰৰ পৰিচালনাৰে নিৰ্মিত ওম জয় জগদীশ ছবিৰ জৰিয়তে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে।
-
অৰুণা শ্বিল্ডছ
অৰুণা লাক্কুৰ নাগাপ্পা শ্ৰীনিবাস মূৰ্তি (ইংৰাজী: Aruna Lakkur Nagappa Srinivasa Murthy), যি অৰুণা শ্বিল্ডছ (ইংৰাজী: Aruna Shields) নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰিটিছ মনোচিকিৎসক আৰু প্ৰাক্তন অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা।
-
আয়েশা ধাৰকাৰ
আয়েশা ধাৰকাৰ (ইংৰাজী: Ayesha Dharker; জন্ম: ১৬ মাৰ্চ ১৯৭৮) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ষ্টাৰ ৱাৰ্ছ: এপিচ’ড ২ – এটাক অফ দ্য ক্ল’নছত নাবোৰ ৰাণী জামিলিয়াৰ চৰিত্ৰত কৰা অভিনয় আৰু তেওঁৰ মঞ্চ পৰিৱেশনৰ বাবে জনাজাত। তেওঁৰ অন্যান্য চলচ্চিত্ৰ চৰিত্ৰসমূহৰ ভিতৰত তামিল ছবি দ্য টেৰৰিষ্ট (১৯৯৭) অন্যতম।
-
এনাবেল নীলছন
আয়োনা এনাবেল নীলছন (ইংৰাজী: Iona Annabelle Neilson; পূৰ্বে ৰথচাইল্ড; ৩১ মাৰ্চ ১৯৬৯ – ১২ জুলাই ২০১৮) আছিল এগৰাকী ব্ৰিটিছ ছচিয়েলিট, ফেশ্বন মডেল, লেখিকা আৰু টেলিভিছন ব্যক্তিত্ব। ফেশ্বন ডিজাইনাৰ আলেকজেণ্ডাৰ মেককুইনৰ অনুপ্ৰেৰণা হিচাপে তেওঁ প্ৰথমে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
এমা থম্পছন
ডেম এমা থম্পছন (ইংৰাজী: Emma Thompson; জন্ম: ১৫ এপ্ৰিল ১৯৫৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। চাৰি দশকৰো অধিক সময় ধৰি তেওঁ মঞ্চ আৰু পৰ্দাত কাম কৰি আহিছে। তেওঁৰ সফলতাসমূহৰ ভিতৰত দুটা একাডেমী বঁটা, তিনিটা বাফটা (BAFTA) বঁটা, দুটা গোল্ডেন গ্ল'ব বঁটা আৰু এটা প্ৰাইমটাইম এমি বঁটা অন্যতম।
-
এমা ৱাটছন
এমা চাৰ্ল'ট ডুয়েৰ ৱাটছন (ইংৰাজী: Emma Charlotte Duerre Watson; জন্ম: ১৫ এপ্ৰিল ১৯৯০) এগৰাকী ইংৰাজী অভিনেত্ৰী। তেওঁক ফৰ্বছ আৰু ভেনিটি ফেয়াৰ-এ বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত স্থান দিছে আৰু ২০১৫ চনত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম…
-
এমি জেকচন
এমি লুইজ জেকচন ৱেষ্টউইক (নিয়ে জেকচন; জন্ম ৩১ জানুৱাৰী ১৯৯২) ভাৰতীয় চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত এগৰাকী বৃটিছ অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ তামিল ছবিৰ উপৰি কিছুমান হিন্দী, তেলুগু, কন্নড় আৰু ইংৰাজী ছবিত কাম কৰে।
-
এমি মেঘেৰা
এমি মেঘেৰা (পূৰ্বৰ নাম অমৃত মেঘেৰা) এগৰাকী ব্ৰিটিছ মডেল আৰু অভিনেত্ৰী, যিয়ে হিন্দী, ইংৰাজী আৰু পঞ্জাবী ছবিত কাম কৰে। ২০১৫ চনৰপৰা ২০১৭ চনলৈকে তেওঁ ব্ৰিটিছ ধাৰাবাহিক হলিঅ’ক্সত নীতা কৌৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
এমিলি ব্লাণ্ট
এমিলি অলিভিয়া ল'ৰা ব্লাণ্ট (ইংৰাজী: Emily Blunt; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৮৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ এটা গোল্ডেন গ্ল'ব বঁটা আৰু দুটাকৈ এক্টৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ এটা একাডেমী বঁটা (অস্কাৰ) আৰু চাৰিটা ব্ৰিটিছ একাডেমী ফিল্ম বঁটাৰ (বাফ্টা) মনোনয়ন লাভ কৰিছে।
-
কেট বেকিনচেল
কেথ্ৰিন ৰোমানী বেকিনচেল (Kathrin Romany Beckinsale; জন্ম ২৬ জুলাই ১৯৭৩) এগৰাকী বৃটিছ অভিনেত্ৰী। অভিনেতা ৰিচাৰ্ড বেকিনচেল আৰু জুডি ল'ৰ একমাত্ৰ সন্তান হিচাপে ১৯৭৫ চনত দিনৰ নাটক কাপলছৰ ধাৰাবাহিক প্ৰিমিয়াৰত তেওঁৰ অভিষেক ঘটে।
-
কৰিশ্মা কোটক
কৰিশ্মা কোটক (ইংৰাজী: Karishma Kotak) এগৰাকী ইংৰাজ মডেল, অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা।
-
গোৱেণ্ডোলিন ক্ৰীষ্টি
গোৱেণ্ডোলিন ট্ৰেচি ফিলিপা ক্ৰীষ্টি (ইংৰাজী: Gwendoline Tracey Philippa Christie; জন্ম: ২৮ অক্টোবৰ, ১৯৭৮) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ এইচবিঅ’ৰ (HBO) ফেণ্টাচী-ড্ৰামা ধাৰাবাহিক গেম অৱ থ্ৰোন্ছ (২০১২–২০১৯)-ত ব্ৰিয়েন অৱ টাৰ্থৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ছ’ফী টাৰ্ণাৰ
ছ’ফী বেলিন্দা টাৰ্ণাৰ (ইংৰাজী: Sophie Belinda Turner; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছ (২০১১–২০ ২০১৯)-ত চাঞ্চা ষ্টাৰ্ক হিচাপে অভিনয় জীৱনৰ পাতনি মেলে।
-
জেমা চান
জেমা চান (ইংৰাজী: Gemma Chan; জন্ম: ২৯ নৱেম্বৰ, ১৯৮২) এগৰাকী ইংৰাজ অভিনেত্ৰী। অক্সফৰ্ডৰ ৱৰ্চেষ্টাৰ কলেজৰ স্নাতক চানে ২০০০ চনৰ শেষৰফালে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ২০০৯ চনত তেওঁৰ চলচ্চিত্ৰ জগতত অভিষেক ঘটিছিল।
-
টানিয়া মেল্লেট
টানিয়া মেল্লেট (ইংৰাজী: Tania Mallet; জন্ম: ১৯ মে', ১৯৪১ – ৩০ মাৰ্চ, ২০১৯) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ ১৯৬৪ চনৰ জেমছ বণ্ডৰ বোলছবি গ'ল্ডফিংগাৰত টিলী মাষ্টাৰচনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ডেইজী এডগাৰ-জোনছ
ডেইজী জেচিকা এডগাৰ-জোনছ (ইংৰাজী: Daisy Edgar-Jones; জন্ম: ২৪ মে' ১৯৯৮) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক ক’ল্ড ফীট (২০১৬–২০২০) আৰু ৱাৰ অফ দ্য ৱৰ্ল্ডছ (২০১৯–২০২১)-ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
ডেইজী ৰিডলী
ডেইজী জাজ ইছ’বেল ৰিডলী (ইংৰাজী: Daisy Ridley; জন্ম: ১০ এপ্ৰিল ১৯৯২) এগৰাকী ইংৰাজ অভিনেত্ৰী। ২০১৫ চনৰ পৰা ২০১৯ চনলৈ ষ্টাৰ ৱাৰ্ছ ছিকুৱেল ত্ৰিলজীত ৰে'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে।
-
নাওমি স্কট
নাওমি গ্ৰেচ স্কট (ইংৰাজী: Naomi Grace Scott; জন্ম: ৬ মে' ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু গায়িকা। সংগীতভিত্তিক টেলিভিছন চলচ্চিত্ৰ ‘লেমনেড মাউথ’ (২০১১) আৰু ইয়াৰ একে নামৰ চাউণ্ডট্ৰেকত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰিছিল।
-
নাজনীন বনিয়াদী
নাজনীন বনিয়াদী (ফাৰ্চী: نازنین بنیادی; জন্ম: ২২ মে’ ১৯৭৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মানৱাধিকাৰ কৰ্মী। তেহৰাণত জন্মগ্ৰহণ কৰা আৰু লণ্ডনত ডাঙৰ-দীঘল হোৱা বনিয়াদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল।
-
নিমিষা মেহতা
নিমিষা মেহতা (ইংৰাজী: Nimisha Mehta; জন্ম: ১৯৮৮ বা ১৯৮৯ চনত) এগৰাকী ভাৰতীয় গুজৰাটী মূলৰ ব্ৰিটিছ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী, যি হিন্দী চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত। তেওঁ ২০১৬ চনত ডেজ অফ টাফ্ৰী (গুজৰাটী হিট ছবি চেল্ল’ দিৱসৰ ৰিমেক)ৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
নীনা ৱাদিয়া
নীনা ৱাদিয়া (ইংৰাজী: Nina Wadia; জন্ম: ১৮ ডিচেম্বৰ ১৯৬৮) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ বিবিচিৰ ধাৰাবাহিক ইষ্ট এণ্ডাৰ্ছত জেইনাব মাছুদ, চিটিজেন খানত আণ্টি নুৰ, বিবিচিৰ কমেডী ধাৰাবাহিক ষ্টিল অ’পেন অল আৱাৰ্ছত মিচেছ হুছেইনৰ চৰিত্ৰত কৰা অভিনয় আৰু বিবিচি টুৰ স্কেটছ শ্ব’ গুডনেছ গ্ৰেচিয়াচ মিত অভিনয়…
-
পামেলা ছালেম
পামেলা ফৰ্চুনি ছালেম (২২ জানুৱাৰী ১৯৪৪ – ২১ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ব্ৰিটিছ চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী আছিল। তেওঁৰ জন্ম ভাৰতৰ বোম্বাইত হৈছিল আৰু তেওঁ জাৰ্মানীৰ উইচপাৰ্চ স্কুল আৰু হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।
-
বনি ৰাইট
বনি ফ্ৰান্সেস্কা ৰাইট (জন্ম ১৭ ফেব্ৰুৱাৰী ১৯৯১) হৈছে এগৰাকী ইংৰাজ অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিৱেশ কৰ্মী। তেওঁ জিনি উইজলি চৰিত্ৰত অভিনয় কৰা বাবে হেৰী পটাৰ চলচ্চিত্ৰ ধাৰাবাহিকত বিশেষভাৱে জনাজাত।
-
ভেলেৰী লিঅ’ন
ভেলেৰী থেৰেছ লিঅ’ন (জন্ম: ১২ নৱেম্বৰ, ১৯৪৩) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল। তেওঁ বহুতো চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰযোজনাত অভিনয় কৰিছে। ইয়াৰ ভিতৰত কেৰী অন চলচ্চিত্ৰ শৃংখলাৰ ছয়খন ছবি আৰু দুখন জেমছ বণ্ডৰ বোলছবি— ৰজাৰ মূৰৰ সৈতে দ্য স্পাই হু লাভড মি (১৯৭৭) আৰু চান কেনাৰীৰ সৈতে নেভাৰ চে নেভাৰ এগেইন…
-
মেজী উইলিয়ামছ
মাৰ্গাৰেট কনষ্টেন্স "মেজী" উইলিয়ামছ (ইংৰাজী: Margaret Constance "Maisie" Williams; জন্ম: ১৫ এপ্ৰিল, ১৯৯৭) এগৰাকী ইংৰাজ অভিনেত্ৰী। ২০১১ চনত এইচবিঅ’ৰ মহাকাব্যিক মধ্যযুগীয় ফেণ্টাচী টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছ (২০১১–২০১৯)-ৰ অন্যতম মুখ্য চৰিত্ৰ আৰ্য ষ্টাৰ্ক হিচাপে উইলিয়ামছে অভিনয় জীৱনৰ পাতনি…
-
লিলি এলেন
লিলি ৰোজ বিয়ট্ৰিচ এলেন (ইংৰাজী: Lily Rose Beatrice Allen; জন্ম ২ মে', ১৯৮৫) এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁৰ উল্লেখযোগ্য স্বীকৃতিৰ ভিতৰত আছে এটা ব্ৰিট এৱাৰ্ড তথা গ্ৰেমী এৱাৰ্ড আৰু লৰেন্স অলিভিয়াৰ এৱাৰ্ডৰ বাবে মনোনয়ন।
-
লীনা হিডী
লীনা কেথৰিন হিডী (জন্ম: ৩ অক্টোবৰ, ১৯৭৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। এইচ.বি.অ’.ৰ ফেণ্টাচী ড্ৰামা ধাৰাবাহিক গেম অৱ থ্ৰোনছত (২০১১–২০১৯) চাৰ্চি লেনিনষ্টাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিছিল।
-
হান্না আল ৰছিদ
হান্না আল ৰছিদ (ইংৰাজী: Hannah Al Rashid; জন্ম: ২৫ জানুৱাৰী ১৯৮৬) এগৰাকী ব্ৰিটিছ-ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী। বুগিছ আৰু ফৰাচী বংশোদ্ভূত হান্না মূলতঃ ইণ্ডোনেছিয়ান চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে পৰিচিত।
-
ৰচনা খাতাউ
ৰচনা খাতাউ (ইংৰাজী: Rachna Khatau) এগৰাকী ব্ৰিটিছ-আমেৰিকান টেলিভিছন আৰু মঞ্চ অভিনেত্ৰী, গায়িকা, লেখিকা আৰু টেলিভিছন ঘোষিকা। ২০১৩ চনৰপৰা ২০১৭ চনলৈকে ফ্ৰীফৰ্ম চিটকম বেবী ড্যাডীত চন্দ্ৰা চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।