অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এমা ৱাটছন

এমা চাৰ্ল'ট ডুয়েৰ ৱাটছন (ইংৰাজী: Emma Charlotte Duerre Watson; জন্ম: ১৫ এপ্ৰিল ১৯৯০) এগৰাকী ইংৰাজী অভিনেত্ৰী। তেওঁক ফৰ্বছ আৰু ভেনিটি ফেয়াৰ-এ বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত স্থান দিছে আৰু ২০১৫ চনত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম…

হালনাগাদ: ২ মাৰ্চ ২০২৬ ৪৬৯ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

এমা চাৰ্ল'ট ডুয়েৰ ৱাটছন (ইংৰাজী ভাষা: Emma Charlotte Duerre Watson; জন্ম: ১৫ এপ্ৰিল ১৯৯০) এগৰাকী ইংৰাজী অভিনেত্ৰী। তেওঁক ফৰ্বছ আৰু ভেনিটি ফেয়াৰ-এ বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত স্থান দিছে আৰু ২০১৫ চনত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰিছে।১২

ৱাটছনে ড্ৰেগন স্কুলত অধ্যয়ন কৰিছিল আৰু ষ্টেজকোচ থিয়েটাৰ আৰ্টছৰ অক্সফৰ্ড শাখাত অভিনয়ৰ প্ৰশিক্ষণ লৈছিল।৩ শিশু অৱস্থাত তেওঁ হেৰী পটাৰ চলচ্চিত্ৰ ধাৰাবাহিকত হাৰ্মাইনী গ্ৰেঞ্জাৰৰ চৰিত্ৰত প্ৰথম পেছাদাৰী অভিনয়ৰ ভূমিকাত অৱতৰণ কৰে, যাৰ পূৰ্বে তেওঁ কেৱল বিদ্যালয়ৰ নাটকতহে অভিনয় কৰিছিল।৪

ৱাটছনে বেলেট শ্বুজ (২০০৭) ছবিত অভিনয় কৰি হেৰী পটাৰ ফ্ৰেঞ্চাইজিৰ বাহিৰেও প্ৰথমটো ডাঙৰ চলচ্চিত্ৰত অংশগ্ৰহণ কৰে আৰু দ্য টেল অৱ ডেচপেৰ (২০০৮) ছবিত কণ্ঠদান কৰে।৫ চূড়ান্ত হেৰী পটাৰ ছবিখনৰ পিছত তেওঁ মাই উইক উইথ মেৰিলিন (২০১১) ছবিত সহায়ক ভূমিকা গ্ৰহণ কৰে।৬

২০১২ চনত মুক্তি পোৱা দ্য পাৰ্কছ অৱ বিং এ ৱালফ্লাৱাৰ ছবিত ছেম নামৰ এজন মুক্ত মনোভাৱৰ ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ সমালোচনাত্মক সফলতা লাভ কৰে।৭ পাছত ছফিয়া কপ'লাৰ পৰিচালিত দ্য ব্লিং ৰিং (২০১৩) ছবিত এলেক্সিছ নেইয়াৰ্ছৰ ভূমিকাত আৰু ডেৰেন আৰোনফস্কিৰ নোহ (২০১৪) ছবিত শিৰোনাম চৰিত্ৰটোৰ দত্তক কন্যাৰ চৰিত্ৰত অভিনয় কৰি অধিক প্ৰশংসা লাভ কৰে।৮

২০১৪ চনত তেওঁক ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছে ব্ৰিটিছ আৰ্টিষ্ট অৱ দ্য ইয়েৰ সন্মানেৰে সন্মানিত কৰে।৯ তেওঁ লাইভ-একচন মিউজিকেল ৰোমান্টিক ফেণ্টাচি বিউটি এণ্ড দ্য বিষ্ট (২০১৭) ছবিত বেলেৰ চৰিত্ৰত আৰু লিটিল উইমেন (২০১৯) ছবিত মেগ মাৰ্চৰ চৰিত্ৰত অভিনয় কৰে।১০

২০১১ চনৰ পৰা ২০১৪ চনলৈকে ৱাটছনে অভিনয় আৰু শিক্ষাৰ মাজত সময় ভাগ কৰিছিল আৰু ২০১৪ চনৰ মে' মাহত ব্ৰাউন ইউনিভাৰ্ছিটিৰ পৰা ইংৰাজী ভাষা সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে।১১ ২০১৮ চনত তেওঁ টাইমচ আপ ইউকে আন্দোলনৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে কাম আৰম্ভ কৰে।১২

২০১৯ চনত তেওঁ মহিলা অধিকাৰৰ বাবে G7 পৰামৰ্শদাতা সংস্থাত নিযুক্ত হয়।১৩ তেওঁৰ মডেলিং কামত বাৰ্বাৰী আৰু লেংকমৰ বাবে অভিযান অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁ বহনক্ষম ফেশ্বন ব্ৰেণ্ড পিপুল ট্ৰিৰ বাবে এটা কাপোৰৰ লাইনো আৰম্ভ কৰিছিল।১৪ ২০২০ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ বহনক্ষম ফেশ্বনৰ সমৰ্থক হিচাপে কেৰিং নামৰ বিলাসী ব্ৰেণ্ড গ্ৰুপৰ পৰিচালনা সমিতিত সদস্য আছিল।১৫

ফিল্ম’গ্ৰাফি

চলচ্চিত্ৰ

  • হেৰী পটাৰ এণ্ড দ্য ফিল’ছফাৰ্চ ষ্টোন (২০০১)
  • হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছ (২০০২)
  • হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান (২০০৪)
  • হেৰী পটাৰ এণ্ড দ্য গবলেট অৱ ফায়াৰ (২০০৫)
  • হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্স (২০০৭)
  • দ্য টেল অৱ ডেছপেৰ’ (২০০৮)
  • হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স (২০০৯)
  • হেৰী পটাৰ এণ্ড দ্য ডেথলী হেল’জ – পাৰ্ট ১ (২০১০)
  • হেৰী পটাৰ এণ্ড দ্য ডেথলী হেল’জ – পাৰ্ট ২ (২০১১)
  • মাই ৱিক উইথ মাৰিলিন (২০১১)
  • দ্য পাৰ্কছ অৱ বিং এ ৱালফ্লাৱাৰ (২০১২)
  • দ্য ব্লিং ৰিং (২০১৩)
  • দিছ ইজ দ্য এণ্ড (২০১৩)
  • নোয়া (২০১৪)
  • কলোনিয়া (২০১৫)
  • ৰিগ্ৰেছন (২০১৫)
  • বিউটি এণ্ড দ্য বিস্ট (২০১৭)
  • দ্য চাৰ্কল (২০১৭)
  • লিটল ৱুমেন (২০১৯)

টেলিভিছন

  • বেলেট শুজ (২০০৭)
  • দ্য ভিকাৰ অৱ ডিবলি (২০১৫)
  • হেৰী পটাৰ ২০তম বাৰ্ষিকী: ৰিটাৰ্ন টু হ’গৱাৰ্টছ (২০২২)
  • পিকল্ড

মিউজিক ভিডিঅ'

  • “ছে ইউ ডোন’t ৱান্ট ইট” (২০১০)

থীম পাৰ্ক আকৰ্ষণ

  • হেৰী পটাৰ এণ্ড দ্য ফৰ্বিডেন জাৰ্নি (২০১০)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Abramson, Jill. (15 April 2015). Emma Watson by Jill Abramson: TIME 100. Time
  2. ↑ (10 February 2010). Emma Watson is named Hollywood's highest paid female actor. The Guardian
  3. ↑ Walker, Tim. (29 September 2012). Emma Watson: Is there life after Hermione?. The Independent
  4. ↑ (1 July 2011). Harry Potter: Casting the spell. Entertainment Weekly
  5. ↑ Emma Watson Filmography. Encyclopaedia Britannica
  6. ↑ My Week with Marilyn review. BBC
  7. ↑ (11 October 2012). The Perks of Being a Wallflower review. The Guardian
  8. ↑ Emma Watson – Career. IMDb
  9. ↑ BAFTA Britannia Awards 2014. BAFTA
  10. ↑ Emma Watson Movies. BBC
  11. ↑ (25 May 2014). Emma Watson graduates from Brown University. The Daily Telegraph
  12. ↑ Time's Up UK founding members. Time's Up
  13. ↑ G7 Gender Equality Advisory Council. Government of Canada
  14. ↑ Emma Watson sustainable fashion. Vogue
  15. ↑ Emma Watson joins Kering board. Kering

সম্পৰ্কিত শ্ৰেণী

বৃটিছ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমা ৱাটছন” প্ৰবন্ধৰ সংশোধন ৫৮৩৮৫৪ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।