জেমা চান (ইংৰাজী ভাষা: Gemma Chan; জন্ম: ২৯ নৱেম্বৰ, ১৯৮২)১ এগৰাকী ব্ৰিটিছ অভিনেত্ৰী।২ অক্সফৰ্ডৰ ৱৰ্চেষ্টাৰ কলেজৰ স্নাতক চানে ২০০০ চনৰ শেষৰফালে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ২০০৯ চনত তেওঁৰ চলচ্চিত্ৰ জগতত অভিষেক ঘটিছিল। চেনেল ৪-ৰ কল্পবিজ্ঞান ধাৰাবাহিক হিউমেনছ (২০১৫–২০১৮)-ত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ চৰ্চালৈ আহে। পৰৱৰ্তী সময়ত ক্ৰেজী ৰিচ এছিয়ানছ আৰু মেৰী কুইন অৱ স্কটছ (দুয়োখন ২০১৮) বোলছবিৰ জৰিয়তে তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে।
চানে ইয়াৰ পিছত মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্চৰ ছবি কেপ্তেইন মাৰ্ভেল (২০১৯) আৰু এটাৰনেলছ (২০২১)-ত ক্ৰমে মিন-আৰ্ভা আৰু চাৰ্চিৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ অলিভিয়া ৱাইল্ডৰ মনস্তাত্ত্বিক থ্ৰিলাৰ ডাণ্ট ৱৰী ডাৰ্লিং (২০২২) আৰু গেৰেথ এডৱাৰ্ডছৰ কল্পবিজ্ঞান চলচ্চিত্ৰ দ্য ক্ৰিয়েটৰ (২০২৩)-টো অভিনয় কৰিছে। ডিজনীৰ এনিমেটেড ছবি ৰায়া এণ্ড দ্য লাষ্ট ড্ৰেগন (২০২১)-ত তেওঁ এটা কণ্ঠ চৰিত্ৰত অভিনয় কৰিছিল। অভিনয়ৰ বাহিৰেও চানক এগৰাকী ফেশ্বন আইকন হিচাপে গণ্য কৰা হয়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
চানৰ জন্ম দক্ষিণ-পূব লণ্ডনৰ চাউথৱাৰ্কৰ গাইছ হস্পিটেলত হৈছিল।৩ তেওঁৰ পিতৃ আছিল হংকঙত ডাঙৰ-দীঘল হোৱা এজন অভিযন্তা আৰু মাতৃ আছিল স্কটলেণ্ডৰ গ্ৰীনকত ডাঙৰ-দীঘল হোৱা এগৰাকী ফাৰ্মাচিষ্ট। চানৰ মাক-দেউতাকে হংকঙৰপৰা প্ৰব্ৰজন কৰি স্কটলেণ্ডত থিতাপি লৈছিল।৩৪
লণ্ডনৰ ব্ৰমলী বৰোৰ লক্সবটম নামৰ উপনগৰখনত ডাঙৰ-দীঘল হোৱা চানে ওৰ্পিংটনৰ নিউষ্টেড উড স্কুল ফৰ গাৰ্লছত অধ্যয়ন কৰিছিল।৫ ইয়াৰ পিছত তেওঁ অক্সফৰ্ডৰ ৱৰ্চেষ্টাৰ কলেজৰপৰা আইন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।৬ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত চানে 'শ্লাটাৰ এণ্ড মে' নামৰ আইন প্ৰতিষ্ঠানখনত এগৰাকী স্নাতক হিচাপে প্ৰশিক্ষণৰ সুযোগ লাভ কৰিছিল,৭৬ কিন্তু অভিনয় জীৱন গঢ়াৰ মানসেৰে তেওঁ সেই সুযোগ প্ৰত্যাখ্যান কৰে আৰু ড্ৰামা চেণ্টাৰ লণ্ডনত প্ৰশিক্ষণ গ্ৰহণ কৰে।৩
ব্যক্তিগত জীৱন
চানে ২০১১ চনৰপৰা ২০১৭ চনলৈ ইংৰাজ কৌতুক অভিনেতা জেক হোৱাইটহলৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।৮৯ ২০১৮ চনত তেওঁ ইংৰাজ অভিনেতা ডমিনিক কুপাৰৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে। তেওঁলোকে একেলগে লণ্ডনত বসবাস কৰিছিল।৯১০
২০১৩ চনৰ ছেপ্টেম্বৰ মাহত চেণ্ট্ৰেল লণ্ডনৰ অল্ড বেইলীত পুটনী ব্ৰীজ টিউব ষ্টেচনৰ বাহিৰত সংঘটিত হোৱা এটা মাৰাত্মক ছুৰিকাঘাতৰ সাক্ষী হিচাপে চান উপস্থিত হৈছিল।১১
চান আৰ্চেনাল ফুটবল ক্লাবৰ এগৰাকী সমৰ্থক।১২
ৰাজনৈতিক দৃষ্টিভংগী
চান আৰু কুপাৰে ২০১৮ চনৰ অক্টোবৰ মাহত 'পিপলছ ভোট মাৰ্চ'ত অংশগ্ৰহণ কৰি ব্ৰেক্সিট প্ৰত্যাহাৰ চুক্তিৰ ওপৰত দ্বিতীয়বাৰৰ বাবে গণভোট অনুষ্ঠিত কৰাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল।১৩ তেওঁ যুক্তৰাজ্যৰ কনজাৰ্ভেটিভ আৰু লেবাৰ — এই দুয়োটা ৰাজনৈতিক দলৰ নেতৃত্ব বাছনি কৰাৰ প্ৰক্ৰিয়াক সমালোচনা কৰিছে।১৪১৫
বাহ্যিক সংযোগ
- Gemma Chan at Rotten Tomatoes
তথ্যসূত্ৰ
- ↑ (29 November 2019). UPI Almanac for Friday, Nov. 29, 2019. United Press International
- ↑ Lee, Michelle. (11 November 2019). Gemma Chan on Aging, Self-Acceptance, and Being a Kid of the '90s. Allure
- ↑ Randall, Lee. (27 May 2012). Interview: Gemma Chan, star of True Love. The Scotsman
- ↑ Gemma Chan on Visible Chinese. visiblechinese.com
- ↑ Bryant, Miranda. (28 October 2015). Humans star Gemma Chan: My parents didn't want me to act but they're proud now. London Evening Standard
- ↑ (7 April 2011). Actress – Bio. Gemma Chan official site
- ↑ Johnson, Lucy Hunter. (10 May 2013). Gemma Chan: the bombshell actress who tamed Jack Whitehall. London Evening Standard
- ↑ Stolworthy, Jacob. (2 October 2020). Jack Whitehall admits he 'messed up' chance to marry Gemma Chan in Travels With My Father episode. The Independent
- ↑ Wignall, Alice. (6 January 2021). Now You See Gemma Chan. Elle
- ↑ Tsjeng, Zind. (5 August 2021). "The Industry Has Shifted. Changing The Culture Takes Longer": Gemma Chan Is Finally Taking The Lead. British Vogue
- ↑ Cheston, Paul. (17 September 2013). Sherlock star Gemma Chan reveals how she 'stared into eyes of calm killer'. London Evening Standard
- ↑ (26 April 2014). Sherlock star Gemma Chan is with Arsenal in spirit. The Telegraph
- ↑ Tobin, Olivia. (20 October 2018). People's Vote March: The famous faces who joined thousands of protesters at huge march. The Standard
- ↑ Frazer-Caroll, Micha. (11 August 2018). Gemma Chan: 'Is it better to give or to receive? Are we talking about oral sex?'. The Guardian
- ↑ Grand Cumberbatch, Amiee. (6 August 2019). Gemma Chan On Why She's Still Holding Out Hope For Change In UK Politics. Bustle
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেমা চান” প্ৰবন্ধৰ সংশোধন ৫৯৪৫১৮ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।