অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এমা থম্পছন

ডেম এমা থম্পছন (ইংৰাজী: Emma Thompson; জন্ম: ১৫ এপ্ৰিল ১৯৫৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। চাৰি দশকৰো অধিক সময় ধৰি তেওঁ মঞ্চ আৰু পৰ্দাত কাম কৰি আহিছে। তেওঁৰ সফলতাসমূহৰ ভিতৰত দুটা একাডেমী বঁটা, তিনিটা বাফটা (BAFTA) বঁটা, দুটা গোল্ডেন গ্ল'ব বঁটা আৰু এটা প্ৰাইমটাইম এমি বঁটা অন্যতম।

হালনাগাদ: ১০ মাৰ্চ ২০২৬ ৭৫৬ শব্দ · ৪ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ডেম এমা থম্পছন (ইংৰাজী ভাষা: Emma Thompson; জন্ম: ১৫ এপ্ৰিল ১৯৫৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। চাৰি দশকৰো অধিক সময় ধৰি তেওঁ মঞ্চ আৰু পৰ্দাত কাম কৰি আহিছে। তেওঁৰ সফলতাসমূহৰ ভিতৰত দুটা একাডেমী বঁটা, তিনিটা বাফটা (BAFTA) বঁটা, দুটা গোল্ডেন গ্ল'ব বঁটা আৰু এটা প্ৰাইমটাইম এমি বঁটা অন্যতম। নাটকৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৮ চনত ৰাণী এলিজাবেথ দ্বিতীয়ই তেওঁক 'ডেম' সন্মানেৰে বিভূষিত কৰিছিল।

অভিনেতা এৰিক থম্পছন আৰু ফিলিডা ল’ৰ সন্তান এমা থম্পছনে কেমব্ৰিজৰ নিউনহাম কলেজত শিক্ষা গ্ৰহণ কৰিছিল। তাত তেওঁ 'ফুটলাইটছ' গোটৰ সদস্য হৈছিল আৰু কমেডী স্কেচ ধাৰাবাহিক আলফ্ৰেস্কোত (১৯৮৩–১৯৮৪) অভিনয় কৰিছিল। ১৯৮৫ চনত তেওঁ সংগীত নাটক মি এণ্ড মাই গাৰ্লৰ ৱেষ্ট এণ্ড পুনৰুজ্জীৱিতকৰণত অভিনয় কৰে, যিটো তেওঁৰ কেৰিয়াৰৰ বাবে এক মাইলৰ খুঁটি হিচাপে বিবেচিত হয়। ১৯৮৭ চনত তেওঁ বিবিচিৰ দুখন ধাৰাবাহিক— তুত্তি ফ্ৰুত্তি আৰু ফৰচুনছ অৱ ৱাৰত কৰা অভিনয়ৰ বাবে চৰ্চালৈ আহে আৰু এই দুয়োখন ধাৰাবাহিকৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বাফটা টিভি বঁটা লাভ কৰে। ১৯৯০-ৰ দশকৰ আৰম্ভণিতে তেওঁ তেতিয়াৰ স্বামী কেন্নাথ ব্ৰানাঘৰ সৈতে প্ৰায়ে একেলগে কাম কৰিছিল, যাৰ ভিতৰত হেনৰী পঞ্চম (১৯৮৯), ডেড এগেইন (১৯৯১) আৰু মাছ এডো এবাউট নাথিং (১৯৯৩) আদি ছবি অন্যতম।

মাৰ্চেণ্ট-আইভৰীৰ ছবি হাৱাৰ্ডছ এণ্ডত (১৯৯২) কৰা অভিনয়ৰ বাবে থম্পছনে বাফটা বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটা লাভ কৰে। ১৯৯৩ চনত তেওঁ একেলগে দুটা একাডেমী বঁটাৰ মনোনয়ন লাভ কৰিছিল— দ্য ৰিমেইনছ অৱ দ্য ডে ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু ইন দ্য নেম অৱ দ্য ফাদাৰ ছবিৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰী। থম্পছনে চেন্স এণ্ড চেন্সিিবিলিটি (১৯৯৫) ছবিখনৰ চিত্ৰনাট্য লিখাৰ লগতে ইয়াত অভিনয়ো কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ ফলত তেওঁ ইতিহাসৰ একমাত্ৰ ব্যক্তি হিচাপে অভিনয় আৰু লিখা— এই দুয়োটা বিভাগতে অস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও তেওঁ পুনৰ বাফটা বঁটা লাভ কৰে। তেওঁৰ আন কেইখনমান উল্লেখযোগ্য ছবি হ'ল প্ৰাইমেৰী কালাৰ্ছ (১৯৯৮), লাভ একচুয়ালী (২০০৩), ছেভিং মিষ্টাৰ বেংকছ (২০১৩), লেট নাইট (২০১৯) আৰু গুড লাক টু ইউ, লিঅ’ গ্ৰেণ্ড (২০২২)।

তেওঁৰ আন কেইখনমান জনপ্ৰিয় চলচ্চিত্ৰ হ'ল হেৰী পটাৰ শৃংখলা (২০০৪–২০১১), নেনী মেকফি (২০০৫, যাৰ কাহিনী তেওঁ নিজেই লিখিছিল), ষ্ট্ৰেঞ্জাৰ দেন ফিকচন (২০০৬), এন এডুকেচন (২০০৯), মেন ইন ব্লেক ৩ (২০১২) আৰু ইয়াৰ পৰৱৰ্তী খণ্ড মেন ইন ব্লেক: ইন্টাৰনেচনেল (২০১৯), ব্ৰেভ (২০১২), বিউটি এণ্ড দ্য বিষ্ট (২০১৭), ক্ৰুৱেলা (২০২১) আৰু মাটিল্ডা দ্য মিউজিকেল (২০২২)। টেলিভিছনৰ ক্ষেত্ৰত তেওঁ উইট (২০০১), এঞ্জেলছ ইন আমেৰিকা (২০০৩), দ্য ছং অৱ লাঞ্চ (২০১০), কিং লিয়াৰ (২০১৮) আৰু ইয়াৰ্ছ এণ্ড ইয়াৰ্ছ (২০১৯) আদিত কাম কৰিছে। ২০১৪ চনত লিংকন চেণ্টাৰৰ প্ৰযোজনাৰ ষ্টিফেন চণ্ডহেইমৰ উইনি টড: দ্য ডেমন বাৰ্বাৰ অৱ ফ্লিট ষ্ট্ৰীটত তেওঁ মিচেছ লাভটৰ চৰিত্ৰত অভিনয় কৰিছিল। বিয়াট্ৰিক্স পটাৰৰ প্ৰকাশকৰ দ্বাৰা অনুমোদিত হৈ থম্পছনে তিনিখন পিটাৰ ৰেবিট নামৰ শিশু গ্ৰন্থও ৰচনা কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

থম্পছনৰ জন্ম হৈছিল ১৯৫৯ চনৰ ১৫ এপ্ৰিলত লণ্ডনৰ হেমৰস্মিথত।১২ তেওঁৰ মাতৃ আছিল স্কটিছ অভিনেত্ৰী ফিলিডা ল’, আনহাতে তেওঁৰ ইংৰাজ পিতৃ এৰিক থম্পছন এজন অভিনেতা আছিল, যি বিশেষকৈ জনপ্ৰিয় শিশু টেলিভিছন ধাৰাবাহিক দ্য মেজিক ৰাউণ্ডএবাউটৰ লেখক হিচাপে পৰিচিত আছিল।৩৪ তেওঁৰ ধৰ্মপিতা আছিল পৰিচালক আৰু লেখক ৰোনাল্ড আয়াৰ। তেওঁৰ এগৰাকী সৰু ভগ্নী ছফি থম্পছন আছে, যিও এগৰাকী অভিনেত্ৰী। পৰিয়ালটো লণ্ডনৰ ৱেষ্ট হেম্পষ্টেড অঞ্চলত বাস কৰিছিল আৰু থম্পছনে কেমডেন স্কুল ফৰ গাৰ্লছত শিক্ষা লাভ কৰিছিল। শৈশৱত তেওঁ স্কটলেণ্ডত বহুত সময় অতিবাহিত কৰিছিল আৰু প্ৰায়েই আৰ্ডেন্টিনিলৈ গৈছিল, য'ত তেওঁৰ ককা-আইতা আৰু খুৰাক বাস কৰিছিল।

কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এডিসি থিয়েটাৰ, য'ত থম্পছনে 'ফুটলাইটছ'ৰ সৈতে অভিনয় আৰম্ভ কৰিছিল
কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এডিসি থিয়েটাৰ, য'ত থম্পছনে 'ফুটলাইটছ'ৰ সৈতে অভিনয় আৰম্ভ কৰিছিলছবি: CC BY-SA 2.0

যৌৱনকালত থম্পছন ভাষা আৰু সাহিত্যৰ প্ৰতি আকৰ্ষিত আছিল। তেওঁৰ মতে এই গুণটো তেওঁৰ দেউতাকৰ পৰা আহিছিল, যাৰ সৈতে তেওঁৰ শব্দৰ প্ৰতি থকা প্ৰেমৰ মিল আছিল। ইংৰাজী ভাষা, ফৰাচী ভাষা আৰু লেটিন ভাষা ভাষাত 'এ লেভেল' সফলভাৱে উত্তীৰ্ণ হোৱাৰ পিছত আৰু বৃত্তি লাভ কৰি তেওঁ ১৯৭৭ চনত কেমব্ৰিজৰ নিউনহাম কলেজত ইংৰাজী ডিগ্ৰীৰ বাবে অধ্যয়ন আৰম্ভ কৰে। থম্পছনে বিশ্বাস কৰে যে তেওঁ এগৰাকী অভিনেত্ৰী হোৱাটো অনিবাৰ্য আছিল, তেওঁ উল্লেখ কৰিছে যে তেওঁ "সৃষ্টিশীল মানুহৰ দ্বাৰা পৰিবষ্টিত আছিল আৰু মই নাভাবো যে ই কেতিয়াবা আন কোনো দিশত গতি কৰিলেহেঁতেন"। তাত থকা সময়ছোৱাত তেওঁৰ জীৱনত এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল যিয়ে তেওঁক নাৰীবাদৰ ফালে ধাবিত কৰিছিল আৰু অভিনয়ৰ বাবে অনুপ্ৰাণিত কৰিছিল। ২০০৭ চনৰ এটা সাক্ষাৎকাৰত তেওঁ বৰ্ণনা কৰিছিল যে তেওঁ কেনেকৈ দ্য মেডউমেন ইন দ্য এটিক নামৰ কিতাপখন আৱিষ্কাৰ কৰিছিল, যিখন ভিক্টোৰিয়ান যুগৰ মহিলা লেখিকা আৰু তেওঁলোকে নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ কেনে ধৰণৰ কৌশল অৱলম্বন কৰিছিল তাৰ বিষয়ে আছিল। ই তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলাই পেলাইছিল। তেওঁ চুটি ৰঙা চুলি আৰু এখন মটৰ চাইকেল লৈ নিজকে এগৰাকী "পাংক ৰকাৰ" হিচাপে গঢ়ি তুলিছিল আৰু লিলি টমলিনৰ দৰে এগৰাকী কমেডিয়ান হোৱাৰ উচ্চাকাংক্ষা কৰিছিল।

কেমব্ৰিজত থকাৰ সময়ত থম্পছনক ইয়াৰ সভাপতি মাৰ্টিন বাৰ্গমেনে বিশ্ববিদ্যালয়খনৰ সন্মানীয় স্কেচ কমেডী গোট কেমব্ৰিজ 'ফুটলাইটছ'ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল।৫ এই গোটটোত তেওঁৰ সহ-অভিনেতা আছিল ষ্টিফেন ফ্ৰাই আৰু হিউ লাওৰী। হিউ লাওৰীৰ সৈতে তেওঁৰ এটা প্ৰেমৰ সম্পৰ্কও আছিল। ফ্ৰাই সোঁৱৰণ কৰি কৈছিল যে "এমা যে বহুদূৰ আগুৱাই যাব সেইটো নিশ্চিত আছিল। আমাৰ মাজত তেওঁৰ ডাকনাম আছিল 'এমা টেলেণ্টেড'।" ১৯৮০ চনত থম্পছনে ফুটলাইটছৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Jepson, Tim; Porges, Larry. (4 November 2014). National Geographic London Book of Lists: The City's Best, Worst, Oldest, Greatest, and Quirkiest. National Geographic Society. পৃ. 15. ISBN 978-1-4262-1385-4
  2. ↑ Rebecca Flint Marx. (2013). Emma Thompson. The New York Times
  3. ↑ Grice, Elizabeth. (23 February 2013). Phyllida Law: my mother's dementia had its funny side. The Telegraph
  4. ↑ Moorhead, Joanna. (20 March 2010). Emma Thompson: 'Family is about connection'. The Guardian
  5. ↑ Hill, Logan. (28 January 2009). The Cambridge Footlights: First steps in comedy. The Independent

সম্পৰ্কিত শ্ৰেণী

বৃটিছ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমা থম্পছন” প্ৰবন্ধৰ সংশোধন ৫৮৬৬১১ (১০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।