অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

আমলখি

আমলখি (Amla, বৈজ্ঞানিক নাম- Phyllanthus emblica) ‘Phyllanthaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত পৰ্ণপাতী উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ পৰা পোৱা একে নামৰ ফলৰ বাবে ইয়াক জনা যায়। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে ১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে। আমলখি ভিটামিন 'চি' সমৃদ্ধ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬১০ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আমলখি (Amla, বৈজ্ঞানিক নাম- Phyllanthus emblica) ‘Phyllanthaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত পৰ্ণপাতী উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ পৰা পোৱা একে নামৰ ফলৰ বাবে ইয়াক জনা যায়। ভাৰতৰ সকলো অঞ্চলতে ১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে। আমলখি ভিটামিন 'চি' সমৃদ্ধ।<ref name="গ্ৰন্থ ২"১

বিৱৰণ

আমলখি গছৰ আকাৰ সৰুৰ পৰা মজলীয়া আৰু উচ্চতা প্ৰায় ৮-১৮ মিটাৰ পৰ্যন্ত হয়। এই গছৰ ডালবোৰ ফনা মেলা ধৰণৰ হয়। আমলখিৰ পাতবোৰ সৰু আৰু ঘন হয়। পাতবোৰ ১০ মিলিমিটাৰমান দীঘল আৰু ২ মিলিমিটাৰমান বহল হয়। ঠাৰিৰ দুয়োকাষে ঘন ঘনকৈ পাত লাগে। একেজোপা বৃক্ষতে পুং আৰু স্ত্ৰী পুষ্প ফুলে। আমলখিৰ ফুলৰ ৰং সেউজ-হালধীয়া আৰু পাতৰ তলে তলে থূপ পাতি ফুলে। পুং পুষ্প স্ত্ৰীপুষ্পতকৈ সংখ্যাত অধিক। ইয়াৰ ফলটো প্ৰায় ঘুৰণীয়া, পাতল হালধীয়া বৰণৰ আৰু মিহি হয়। ফল ১.৫ - ২.৫ চেণ্টিমিটাৰলৈকে ডাঙৰ হয়। ফল মঙহাল আৰু বহিৰ্ভাগ ছটা খণ্ডত স্পষ্ট। বীজ ছটালৈকে থাকে।

স্থানীয় নাম

  • সংস্কৃত ভাষাত amalika (अमलिक)
  • মৈথিলী ভাষাত Dhatric (धात्रिक)
  • হিন্দী ভাষাত āmlā (आमला]]
  • গুজৰাটী ভাষাত āmla (આમળાં)
  • উৰ্দূ ভাষাত aavnlaa (awla)
  • মাৰাঠী ভাষাত āvaḷā (आवळा)
  • গাৰো ভাষাত ambare (अमबरे)
  • কোংকণী ভাষাত āvāḷo (आवाळो)
  • মিজো ভাষাত sunhlu
  • নেপালী ভাষাত amalā (अमला)
  • বঙালী ভাষাত amloki (আমলকী)
  • ওড়িয়া ভাষাত anlaa (ଅଁଳା)
  • পঞ্জাবী ভাষাত Aula (ਔਲਾ)
  • মালায়ালম ভাষাত nellikka (നെല്ലിക്ക)
  • মণিপুৰী ভাষাত heikru
  • আৰবী ভাষাত halïlaj or ihlïlaj (اهليلج هليلج)
  • খাচী ভাষাত sohmylleng
  • তেলুগু ভাষাত rasi usiri ( రాశి ఉసిరి కాయ)
  • তামিল আৰু কন্নড় ভাষাত nellikkaai or nellikaayi
  • থাই ভাষাত ma kham pom (มะขามป้อม)
  • চীনা ভাষাত anmole (庵摩勒)

ঔষধি গুণ

পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়।২ আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে।৩৪ ভিটামিন 'চি'ৰ অভাৱত হোৱা খহুলা (Scurvy) ৰোগ নিৰাময়ত আমলখি খাবলৈ দিয়া হয়। হাঁওফাঁওৰ যক্ষ্মা ৰোগত ভোগা ৰোগীৰ ওপৰত কৰা পৰীক্ষাৰ পৰা জনা গৈছে যে, সংশ্লেষিত ভিটামিন 'চি'ৰ উপকাৰিতা অধিক। তুৰষ্কত আমলখি হাঁওফাঁওৰ পোৰণিত ব্যৱহাৰ কৰে। পাৰস্যত পেলুনাশক হিচাপে আমলখিৰ ৰস খুৱায়। আমলখিৰ বীজত ফছফেটাইড পোৱা যায়। কেঁচা আমলখি শীতলকাৰক, শক্তিকাৰক, চৰ্মৰোগনাশক আৰু ৰোধক, মূত্ৰকাৰক, জুলাপ, জ্বৰনাশক, বমনৰোধী, অজীৰ্ণতা, কোষ্ঠকাঠিন্য, কৃমি, পেটৰ বিষ, গ্ৰহণী, ৰক্তক্ষৰণ আদি অনেক ৰোগ আৰু স্বাস্থ্য ৰক্ষাত উপকাৰী।

কি ৰোগত কেনেদৰে ব্যৱহাৰ হয়

  • অম্লপিত্ত ৰোগত আমলখিৰ ৰস চেনিৰ সৈতে নিয়মিত খালে ৰোগ উপশম হয়।
  • এঁৱা ভঙা অৰ্থাৎ নাকৰপৰা তেজ ওলোৱা বেমাৰত আমলখি ঘিঁউত ভাজি বাহি পানীত বাতি তালুত ভৰণ দিয়া হয়।
  • নেমুৰ ৰস আৰু আমলখিৰ ৰস মিহলাই খালে তেজ গ্ৰহণী আৰোগ্য হয়।
  • চকু ৰঙাপৰা ৰোগত আমলখিৰ ৰস ১/২ টোপাল চকুত দিয়ে।
  • একেৰাহে জ্বৰ উঠি থাকিলে আমলখিৰ ৰস ঘিঁউত মিহলাই খালে উপকাৰ পোৱা যায়।
  • আমলখিৰ ৰস ২/৩ চাহ চামোচ,এচামোচ মৌজোলত মিহলাই নিয়মিত পুৱা খালে দৃষ্টিশক্তি অটুট থাকে।
  • আমলখিৰ কিম্বন কৰা ৰস পাণ্ডুৰোগ,অজীৰ্ণতা আৰু কাহত ব্যৱহৃত হয়।
  • আমলখি ফলৰ তেল ঘঁহিলে চুলি পকা বন্ধ হয়।
  • শুকান আমলখি পানীত তিয়াই তাৰ ৰস খালে পিত্তৰোগ আৰু পিত্তশূল উপশম হয়।
  • বহুমূত্ৰ ৰোগত ২/৩ টা আমলখি দৈনিক খালে সুফল পোৱা যায়।
  • লৌহ ধাতু আৰু আমলখি ৰক্তাল্পতাৰ (পাণ্ডুৰোগৰ) মহৌষধ।
  • শ্বাস কষ্টত আমলখিৰ ৰস,মৌজোল আৰু পিপলিৰ সৈতে খালে উপশম পোৱা যায়।
  • আমলখিৰ ৰসে বমি আৰু হেঁকটি অহা ৰোধ কৰে।
  • আমলখিৰ কুঁহিপাতৰ ৰস খালে অজীৰ্ণতা আৰু বদহজম দূৰ হয়।
  • আমলখিৰ ছালৰ ৰস,মৌজোল আৰু হালধিৰ লগত প্ৰমেহ ৰোগত খায়।
  • বীজ হাঁপানি আৰু ব্ৰংকাইটিছ ৰোগত আমলখি ব্যৱহাৰ কৰা হয়।
  • আমলখিত পোৱা মিথানল দ্ৰব্য HIV (RT) ৰ দমনকাৰী ঔষধ।

অন্যান্য ব্যৱহাৰ

চিয়াঁহী, চেম্পু, চুলিত ঘঁহা তেল আদি প্ৰস্তুত কৰাত আমলখি ব্যৱহাৰ কৰা হয়।

লগতে চাওক

  • Winston, David; Maimes, Steven. (2007). Adaptogens: Herbs for Strength, Stamina, and Stress Relief. Healing Arts Press. ISBN 1-59477-158-8 Contains a detailed monograph on Emblica officinalis (Amla; Indian gooseberry; Amalaki) as well as a discussion of health benefits.
  • Puri, Harsharnjit Singh. (2002). Rasayana: Ayurvedic Herbs for Longevity and Rejuvenation. Traditional Herbal Medicines for Modern Times, Vol. 2. CRC. পৃ. 22–42. ISBN 0-415-28489-9
  • Caldecott, Todd. (2006). Ayurveda: The Divine Science of Life. Elsevier/Mosby. ISBN 0-7234-3410-7 Contains a detailed monograph on Phyllanthus emblica (Amla; Indian gooseberry; Amalaki) as well as a discussion of health benefits and usage in clinical practice. Available online at www.toddcaldecott.com/index.php/herbs/learning-h

তথ্যসূত্ৰ

  1. ↑ (২০১৩). বনৌষধি-মহৌষধি. (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ. পৃ. পৃষ্ঠা ৩১
  2. ↑ Caldecott T. Amalaki
  3. ↑ Samhita C. Ed., translation by the Shree Gulabkunverba Society, Volume 4. Chikitsa Sthana, Jamnagar, India: 1949
  4. ↑ Indian Ministry of Health and Family Planning. The Ayurvedic Formulary of India. Part I. 1st ed. Delhi, 1978

সম্পৰ্কিত শ্ৰেণী

বৃক্ষফলভাৰতীয় উদ্ভিদঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমলখি” প্ৰবন্ধৰ সংশোধন ৬৩২০১৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।