আঁহত (Sacred Fig, বৈজ্ঞানিক নাম: Ficus religiosa) হৈছে মোৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ ডিমৰু জাতীয় গছ।১ এই গছজোপাৰক অন্য বহুতো নাম যেনে বোধি (bodhi tree)২ পিপল (pippala, peepul,১ peepal) বা অশ্বত্থ (ashwattha) আদিৰে জনা যায়।৩ এই গছজোপাই ভাৰত উপমহাদেশত জন্ম হোৱা তিনিটা প্ৰধান ধৰ্ম বৌদ্ধধৰ্ম, হিন্দুধৰ্ম আৰু জৈনধৰ্মত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। এই উদ্ভিদবিধ ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান, শ্ৰীলংকা, দক্ষিণ-পশ্চিম চীন আৰু ইণ্ডোনেছিয়া আদি দেশত স্থানীয়ভাৱে পোৱা যায়।৪৫
বিৱৰণ
আঁহত বৃক্ষজাতীয় উদ্ভিদ। আহঁত এবিধ পৰ্ণপাতী বা পাৰ্শ্বীয় চিৰসেউজীয়া উদ্ভিদ। এই গছজোপাৰ উচ্চতা ৩০মিটাৰ পৰ্য্যন্ত আৰু ব্যাস তিনি মিটাৰ পৰ্য্যন্ত হ'ব পাৰে। এই গছৰ পাতবোৰ সৰু পাণৰ আকৃতিৰ হয়। গুৰিভাগ খাঁজ নকটা ঘূৰণীয়া আৰু আগৰফালে ক্ৰমান্বয়ে সৰু হৈ গৈ দীঘলনেজীয়া ৰূপ ধৰে।৬ পাতৰ দৈৰ্ঘ্য প্ৰায় ১০-১৭ ছে:মি: আৰু পৃস্থ ৮-১২ ছে: মি: হয়।
আহঁত গছৰ ফলবোৰ সৰু, বৰণ কেঁচাতে সেউজীয়া আৰু পকিলে বেঙুণীয়া হৈ পৰে।
আহঁতৰ জীৱনকাল দীঘলীয়া। এই গছৰ গড় আয়ুস ৯০০-১৫০০ বছৰ। কিছুমান ঠাইত এই গছ ৩০০০ বছৰ পৰ্য্যন্ত জীয়াই থকাৰো তথ্য পোৱা যায়।৭৮
সংস্কৃতিত
আঁহত গছক হিন্দু, জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম ধৰ্মত পবিত্ৰ বুলি গণ্য কৰা হয়। শ্ৰীলংকাত থকা বোধি বৃক্ষক মানুহে ৰোৱা আটাইতকৈ পুৰণি গছ বুলি অনুমান কৰা হয়।
স্থানীয় নাম

- অশ্ৱত্থঃ, aśvatthaḥ, vṛksha, pippala vṛksha (vṛksha means tree)
- அரச மரம் arasa maram (literally King or King's Tree. Arasu or Arasan is Tamil for King)
- రావి Raavi
- ಅರಳಿ ಮರ araLi mara
- Pimpalla Rook/jhadd
- അരയാല് Arayal
- પિપળો (Pipdo)
- Pippal
- पिंपळ pimpaL (where L stands for the German ld sound, used in for example Nagold)
- ଅଶ୍ୱତ୍ଥ (Ashwatth)
- assattha; rukkha
- पीपल
- බෝ bo, ඇසතු esathu
- โพธิ์ (Pho)
- bồ-đề
- پیپل peepal
- পিপুল pipul
ব্যৱহাৰ
পৰম্পৰাগতভাৱে আঁহতৰ বিভিন্ন অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। তথ্য অনুসৰি প্ৰায় ৫০ বিধ সৰু-বৰ ৰোগ যেনে বহুমূত্ৰ, এজমা, ডায়েৰিয়া, হৃদযন্ত্ৰৰ বিভিন্ন বিসংগতি আদিত এই উদ্ভিদ ব্যৱহৃত হয়।৯১০ আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতিতো আঁহত গছৰ বিভিন্ন অংশৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়।
তথ্যসূত্ৰ
- Keith and Macdonell. 1912. Vedic Index of Names and Subjects.
- Plaksa description
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ পৃ. 45
- ↑ Oxford English Dictionary, Oxford University Press, 1971, p. 1014
- ↑ Ficus religiosa — Peepal. Flowers of India
- ↑ Oxford English Dictionary, Oxford University Press, 1971, p.1014
- ↑ Ficus religiosa — Peepal. Flowers of India
- ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ Ficus religiosa (sacred fig tree). Invasive Species Compendium. CABI
- ↑ Stephen Forbes. (25 December 2016). The oldest historical tree in the world. medium.com. Medium
- ↑ Singh D, Singh B, Goel RK "Traditional uses, phytochemistry and pharmacology of Ficus religiosa: a review." J Ethnopharmacol. February 2, 2011
- ↑ Journal of Ethnopharmacology: Traditional uses, phytochemistry and pharmacology of Ficus religiosa: A review. ScienceDirect
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঁহত” প্ৰবন্ধৰ সংশোধন ৫৬৪৯৮২ (১৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।