বৃক্ষ
৪৩ প্ৰবন্ধ
-
দেৱদাৰু
দেৱদাৰু (Polyalthia longifolia) একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। দেৱদাৰু দীঘলীয়াকৈ শংকু আকাৰত বাঢ়ি যায় বাবে ঘৰৰ বাগিচা পদূলি আদিত সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোৱা হয়। হিমালয় পৰ্বতৰ উপত্যকাত এই গছবিধ যথেষ্ট পৰিমাণে দেখা পোৱা যায়।
-
বগা কাঞ্চন
গোলাপী কাঞ্চন বা বগা কাঞ্চন হৈছে এক প্ৰকাৰৰ বৃক্ষ। ই ৰঙা কাঞ্চনতকৈ আকাৰত সৰু, পাতৰ গঠনো একে, অৰ্থাৎ আগফালে দুভাগত বিভক্ত। বসন্তত প্ৰায় পাতহীন গছজোপাত গোলপীয়া ৰঙৰ সুগন্ধি ফুলেৰে ভৰি পৰে। ফুলৰ পাহি ৫টা। ফল চিৰা চিৰা। ইয়াৰ বগা ফুলৰ প্ৰকাৰভেদো আছে। ই এক ভাৰতীয় প্ৰজাতি।
-
বহঁত
বহঁত (বৈজ্ঞানিক নাম: Artocarpus lacucha) বা ডেৱা Moraceae পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ উদ্ভিদ। ইয়াক ইংৰাজীত monkey fruit বা monkey jack বোলা হয়। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এচিয়াজুৰি এই উদ্ভিদবিধ বিস্তৃত গছজোপাৰ কাঠ মূল্যৱান আৰু ইয়াৰ ফলসমূহ খোৱাৰ উপযোগী।
-
বৰহমথুৰি
বৰহমথুৰি (সংস্কৃত-ৱৰ্হণ, পাত+ অসমীয়া- থুৰি, পাতৰ চুপহি) বা বৰ্হমথুৰি, দীঘল দীঘল পাতেৰে থুৰি মেলা এবিধ আওকাঠী গছ৷ ইয়াৰ পাত চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায়। বিহুৰ সময়ত নাচনীবোৰৰ মাজত ইয়াৰ বৰ আদৰ। এইবিধ গছৰ থুৰি পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে।
-
মধুৰিআম
মধুৰিআম (Guava) হৈছে বহুতো ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত উৎপাদিত এবিধ ক্ৰান্তীয় ফল। সাধাৰণ মধুৰিআম ছাইডিয়াম গুৱাজাভা (নেমু মধুৰিআম, আপেল মধুৰিআম) হৈছে মৰ্টেল পৰিয়ালৰ (মাইৰ্টেচিয়া) অন্তৰ্গত এটি সৰু বৃক্ষ। ই মেক্সিকো, মধ্য আমেৰিকা, কেৰিবিয়ান আৰু উত্তৰ দক্ষিণ আমেৰিকাৰ এটি স্থানীয় উদ্ভিদ।
-
কেচেৰু গছ
কেচেৰু (বৈজ্ঞানিক নাম: Heteropanax fragrans) Araliaceae পৰিয়ালৰ এবিধ চিৰসেউজ উদ্ভিদ। বৃক্ষজাতীয় এই উদ্ভিদজোপাৰ পাত এৰী পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে। মিজো ভাষাত ইয়াক চাংখেন নামেৰে জনা যায়। এই গছবিধ চীন, ভূটান, ভাৰত, ইণ্ডোনেছিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।
-
জাঁইফল
জাঁইফল (nutmeg; বৈজ্ঞানিক নাম: Myristica Fragrans; শ্ৰেণী: Myristicaceae) হৈছে এবিধ সুগন্ধি মছলা। জাঁইফল মছলাবিধ উদ্ভিদজোপাৰ গুটিৰ শাহ আৰু জাঁইপত্ৰী হ'ল গুটিটোক আৱৰি থকা ৰেটিকুলেট এৰিল অংশ। এই গুটি আৰু এৰিলক আৱৰি এটা প্ৰায় ১.২৫ ছেণ্টিমিটাৰ ডাঠ পেৰিকাপ অংশ থাকে।
-
নাগচম্পা
নাগচম্পা (cannonball tree, বৈজ্ঞানিক নাম: Couroupita guianensis) এক প্ৰকাৰৰ বৃক্ষজাতীয় উদ্ভিদ। ই Lecythidaceae পৰিয়ালৰ এজোপা সপুষ্পক আৰু পৰ্ণপাতী উদ্ভিদ। এই গছজোপা মধ্য আৰু দক্ষিণ আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ এবিধ থলুৱা উদ্ভিদ।
-
বৰ থেকেৰা
বৰ থেকেৰা(Garcinia pedunculata) এবিধ টেঙা ফল লগা চিৰসেউজ গছ। ই ঘাইকৈ এছিয়াৰ দক্ষিণ-পূব অঞ্চল বিশেষকৈ ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়। অসমীয়া জন জীৱন আৰু খাদ্য প্ৰণালীত থেকেৰাৰ ব্যৱহাৰ অতীজৰে পৰা হৈ লাগিছে।
-
শিৰিষ
শিৰিষ (Albizia lebbeck) ইণ্ডোমালায়া, নিউ গিনি আৰু উত্তৰ অষ্ট্ৰেলিয়াৰ স্থানীয় এলবিজিয়াৰ এবিধ প্ৰজাতি। অন্যান্য গ্রীষ্মমণ্ডলীয় আৰু উপগ্রীষ্মমণ্ডলীয় অঞ্চলত ব্যাপকভাৱে ইয়াৰ খেতি হয়। ইয়াৰ ইংৰাজী নামসমূহৰ ভিতৰত lebbeck, lebbek tree, flea tree, frywood, koko আৰু woman's tongues tree প্ৰধান।
-
টেঙা কঁটৰা
টেঙা কঁটৰা হৈছে ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সৰু সপুষ্পক উদ্ভিদৰ প্ৰজাতি। বহুসময়ত ইয়াক আলংকাৰিক পুষ্প হিচাপে গণ্য কৰা হয়। পূৰ্ৱতে ইয়াক বাউয়িনিয়া গণত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু উপ−পৰিয়াল চেৰিঅ’ডিয়াৰ আৰু ট্ৰাইব বাউইনিয়া চিনাক্তকৰণৰ লগে লগে ইয়াৰ নাম সলনি কৰা হয়।
-
ফাক ট্ৰি
ফাক ট্ৰি বা ফাক গছ উত্তৰ লণ্ডনৰ হেম্পষ্টেড হিথৰ পশ্চিম হিথত থকা এটা অস্থিৰ ওক গছ। ই এটা প্ৰতিষ্ঠিত সমকামী ক্ৰুজিং এলেকাত অৱস্থিত। ইয়াৰ মিহি ডালৰ বাবে বিখ্যাত যিয়ে সমকামী যৌনতাক সহজ কৰি তোলে।
-
বিশাল বটবৃক্ষ
বিশাল বটবৃক্ষ বা দা গ্ৰেট বেন্যান (The Great Banyan) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ শিৱপুৰৰ আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যানত অৱস্থিত আনুমানিক ২৭০ বছৰ পুৰণি বট গছ।