অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

আপেল

আপেল হৈছে আপেল গছ (বৈজ্ঞানিক নাম: Malus domestica)-ত উৎপাদিত এক খাদ্যফল। বিশ্বব্যাপী আপেল গছৰ খেতি কৰা হয় আৰু ই মালছ গণৰ আটাইতকৈ বহুলভাৱে বিকশিত প্ৰজাতি। এই গছৰ উদ্ভৱ হৈছিল মধ্য এছিয়াত, য'ত ইয়াৰ বনৰীয়া পূৰ্বপুৰুষ মালুছ চিভাৰচি (Malus sieversii) আজিও পোৱা যায়।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৪ ৪০৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আপেল হৈছে আপেল গছ (বৈজ্ঞানিক নাম: Malus domestica)-ত উৎপাদিত এক খাদ্যফল। বিশ্বব্যাপী আপেল গছৰ খেতি কৰা হয় আৰু ই মালছ গণৰ আটাইতকৈ বহুলভাৱে বিকশিত প্ৰজাতি। এই গছৰ উদ্ভৱ হৈছিল মধ্য এছিয়াত, য'ত ইয়াৰ বনৰীয়া পূৰ্বপুৰুষ মালুছ চিভাৰচি (Malus sieversii) আজিও পোৱা যায়। এছিয়া আৰু ইউৰোপত সহস্ৰাধিক বছৰ ধৰি আপেল উৎপাদন কৰা হৈছিল আৰু ইউৰোপীয় উপনিৱেশসকলে উত্তৰ আমেৰিকালৈ ইয়াক আনিছিল। নৰ্চ, গ্ৰীক আৰু ইউৰোপীয় খ্ৰীষ্টান ঐতিহ্যকে ধৰি বহুতো সংস্কৃতিত আপেলৰ ধাৰ্মিক আৰু পৌত্ৰিক তাৎপৰ্য আছে।

বীজৰ পৰা গছ ৰুলে আপেল গছবোৰ ডাঙৰ হয়। সাধাৰণতে, গছৰ আকাৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে গ্ৰাফ্টিং পদ্ধতিৰে আপেলৰ খেতি কৰা হয়। আপেলৰ ৭,৫০০ৰো অধিক জ্ঞাত প্ৰকাৰ আছে। ৰন্ধিবৰ বাবে, কেঁচাকৈ খাবৰ বাবে বা চাইডাৰ উৎপাদনৰ দৰে অনেক ব্যৱহাৰৰ বাবে বিভিন্ন প্ৰকাৰৰ ভিন্ন স্বাদৰ আপেলৰ খেতি কৰা হয়। আপেল গছসমূহ আৰু ফলবোৰ বহুসংখ্যক ভেঁকুৰ, বেক্টেৰিয়া আৰু কীটৰ দ্বাৰা সহজে আক্ৰান্ত হ'ব পাৰে, আৰু এনে সমস্যাক বহুসংখ্যক জৈৱিক আৰু অ-জৈৱিক উপায়েৰে নিয়ন্ত্ৰণ কৰিব পাৰি। ২০১০ চনত আপেল উৎপাদনৰ ৰোগ নিয়ন্ত্ৰণ আৰু নিৰ্বাচিত প্ৰজননৰ ওপৰত গৱেষণাৰ অংশ হিচাপে এই ফলৰ জিনম চিকুৱেঞ্চিং কৰা হৈছিল।

২০১৮ চনত বিশ্বব্যাপী আপেলৰ উৎপাদন আছিল ৮.৬ কোটি টন, আৰু ইয়াৰে প্ৰায় আধা অংশ উৎপাদন হৈছিল চীনত।১

বিৱৰণ

আপেল হৈছে এক পাতল গছ, সাধাৰণতে খেতিত ২ৰ পৰা ৪.৫ মিটাৰ (৬ৰ পৰা ১৫ ফুট) ওখ আৰু বনৰীয়া অৱস্থাত ৯ মিটাৰ (৩০ ফুট) পৰ্যন্ত হয়। যেতিয়া খেতি কৰা হয়, আকাৰ, আকৃতি আৰু শাখাৰ ঘনত্ব ৰুটষ্টক বাছনি আৰু ট্ৰিমিং পদ্ধতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।

ফলবোৰ গ্ৰীষ্মকাল বা শৰৎ কালৰ পৰিপক্ব হয়। ফলবোৰ বিভিন্ন আকাৰত পোৱা যায়। বাণিজ্যিক উৎপাদকসকলে বজাৰৰ পছন্দৰ বাবে ৭ৰ পৰা ৮.৫ ছেণ্টিমিটাৰ ব্যাসৰ আপেল উৎপাদন কৰাত গুৰুত্ব দিয়ে। কিছুমান গ্ৰাহক, বিশেষকৈ জাপানৰ গ্ৰাহকসকলে ডাঙৰ আপেল পছন্দ কৰে। আনহাতে ৫.৫ ছেণ্টিমিটাৰ তলৰ আপেল সাধাৰণতে ৰস তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এইবোৰৰ বজাৰৰ মূল্য কম হয়। পকা আপেলৰ ছাল সাধাৰণতে ৰঙা, হালধীয়া, সেউজীয়া, গুলপীয়া, বা ৰুচেট ৰঙৰ হয়, যদিও বহুতো দ্বি-বা ত্ৰি ৰঙৰ প্ৰকাৰো পোৱা যায়।২

ব্যৱহাৰ

আপেলৰ বীজৰ বাহিৰে চালসহ ফলৰ সকলো অংশ মানুহৰ ব্যৱহাৰৰ বাবে উপযুক্ত। বীজ থকা অংশতো সাধাৰণতে খোৱা নহয় আৰু বৰ্জন কৰা হয়। আপেল প্ৰায়ে কেঁচাকৈ খোৱা হয়। কেঁচা ব্যৱহাৰৰ বাবে উৎপাদন কৰা প্ৰকাবোৰক 'টেবল আপেল' বোলা হয়।

আপেল বিভিন্ন ধৰণে খাব পাৰি: ৰস, চালাডত কেঁচাকৈ, বেকিং কৰি পাই বনাই, চ'চত ৰান্ধি আৰু আপেলৰ মাখন তৈয়াৰ কৰি, আৰু অন্যান্য বেকিং ব্যঞ্জন তৈয়াৰ কৰি।৩

আপেল আৰু আপেলৰ সামগ্ৰী সংৰক্ষণ কৰিবলৈ কেইবাটাও কৌশল ব্যৱহাৰ কৰা হয়। আপেলবোৰ শুকান বা হিমায়িত কৰিব পাৰি বা টিনত ৰাখিব পাৰি।৩ টিনজাত বা হিমায়িত আপেলবোৰ বেকিং বা আন ব্যঞ্জনবোৰত ব্যৱহাৰ কৰা হয়। আপেলৰ ৰস বা চাইডাৰ বটলো তৈয়াৰ কৰা হয়। আপেলৰ ৰস প্ৰায়ে ঘনীকৃত আৰু হিমায়িত হয়।

তথ্যসূত্ৰ

  1. ↑ (2019). Apple production in 2018; Crops/World Regions/Production Quantity. FAOSTAT, UN Food & Agriculture Organization, Statistics Division
  2. ↑ Jules Janick; James N. Cummins; Susan K. Brown. (1996). Fruit Breeding, Volume I: Tree and Tropical Fruits. John Wiley & Sons, Inc. পৃ. 9. ISBN 978-0-471-31014-3
  3. ↑ Apple Varietals. Washington Apple Commission

সম্পৰ্কিত শ্ৰেণী

বৃক্ষফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আপেল” প্ৰবন্ধৰ সংশোধন ৪০৪৫৬১ (৫ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।