অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আণ্ড্ৰে মেৰি এম্পিয়েৰ

আণ্ড্ৰে মেৰি এম্পিয়েৰ (en-André-Marie Ampère) (;; ২০ জানুৱাৰী ১৭৭৫-১০ জুন ১৮৩৬) আছিল এগৰাকী ফৰাচী পদাৰ্থবিদ আৰু গণিতজ্ঞ৷ ধ্ৰুপদী বিদ্যুৎ-চুম্বকত্বৰ প্ৰতিস্থাপকসকলৰ ভিতৰত তেওঁৰ নামটো উল্লেখযোগ্য, যাক তেওঁ বিদ্যুৎগতিবিজ্ঞান হিচাপে অভিহিত কৰিছিল৷ তেওঁ কেইবাটাও প্ৰায়োগিক সঁজুলি উদ্ভাৱন কৰিছিল; যাৰ…

হালনাগাদ: ১৩ আগষ্ট ২০২০ ১,০৮৩ শব্দ · ৬ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

আণ্ড্ৰে মেৰি এম্পিয়েৰ (en-André-Marie Ampère) (;১; ২০ জানুৱাৰী ১৭৭৫-১০ জুন ১৮৩৬)২ আছিল এগৰাকী ফৰাচী পদাৰ্থবিদ আৰু গণিতজ্ঞ৷ ধ্ৰুপদী বিদ্যুৎ-চুম্বকত্বৰ প্ৰতিস্থাপকসকলৰ ভিতৰত তেওঁৰ নামটো উল্লেখযোগ্য, যাক তেওঁ বিদ্যুৎগতিবিজ্ঞান হিচাপে অভিহিত কৰিছিল৷ তেওঁ কেইবাটাও প্ৰায়োগিক সঁজুলি উদ্ভাৱন কৰিছিল; যাৰ ভিতৰত ছলেনয়ড (solenoid), বৈদ্যুতিক টেলিগ্ৰাফ আছিল প্ৰধান৷ তেওঁ আছিল স্ব-শিক্ষিত ব্যক্তি৷ তেওঁ ফৰাচী বিজ্ঞান একাডেমী ৰ এজন সদস্য আছিল আৰু ইক'ল পলিটেকনিক আৰু কলেজ ডি ফ্ৰান্সৰ অধ্যাপক আছিল৷

আন্তৰ্জাতিক একক পদ্ধতি (International System of Units, SI)য়ে বৈদ্যুতিক প্ৰৱাহৰ একক এম্পিয়েৰক তেওঁৰ নামেৰে নামকৰণ কৰিছে৷ ৩ পেৰিছত থকা আইফেল টাৱাৰৰ খোদিত ৭২টা নামৰ ভিতৰত তেওঁ নামটোও সন্নিৱিষ্ট হৈছে৷ ৪

প্ৰাৰম্ভিক জীৱন

আণ্ড্ৰে মেৰি এম্পিয়েৰৰ জন্ম হৈছিল ১৭৭৫ চনৰ ২০ জানুৱাৰীত৷ তেওঁৰ পিতৃ জিন-জেকুৱা এম্পিয়েৰ আছি এগৰাকী ব্যৱসায়ী আৰু মাতৃ জিয়ান এণ্ট'নেটে দেছ'টিৰেশ ছাৰ্ছি এম্পিয়েৰ৷ সেইখিনি সময়ত "ফৰাচী আলোকিতকৰণ"-এ চৰম সীমাত উপনীত হৈছিল৷ এম্পিয়েৰে তেওঁৰ শৈশৱ আৰু কৈশোৰ লিয়নৰ পলিমিয়ক্স-অ'-মণ্ট-ড'ৰত পাৰ কৰিছিল৷ ৫ আনহাতে পিতৃ জিন-জেকুৱা এম্পিয়েৰ এজন সফল ব্যৱসায়ী আৰু জিন-জেকুৱা ৰুছুৰ দৰ্শনৰ প্ৰশংসাকাৰী আছিল৷ তেওঁৰ শিক্ষাৰ তত্ত্বসমূহেই শিশু-কিশোৰ এম্পিয়েৰৰ মূল আধাৰ হৈছিল৷ ৰুছোৱে বিশ্বাস কৰিছিল যে তৰুণ ল'ৰাহঁতে আনুষ্ঠানিক শিক্ষা পৰিহাৰ কৰিব লাগে৷ তাৰ পৰিৱৰ্তে তেওঁলোকে "প্ৰকৃতিৰ পৰা পোনপটীয়া শিক্ষা" গ্ৰহণ কৰিব লাগে৷ এম্পিয়েৰৰ পিতৃয়ে এই ধাৰণাটো বাস্তৱায়িত কৰিছিল আৰু নিজৰ পুত্ৰক তেওঁৰ সুগঠিত পুথিভঁৰালটোৰ ভিতৰতে পঢ়িবলৈ উৎসাহিত কৰিছিল৷ অৱশ্যে,কিশোৰ এম্পিয়েৰে সোনকালেই নিজৰ লেটিনৰ বিষয়সমূহৰ শিক্ষা পুনৰ আৰম্ভ কৰিলে আৰু ইয়াৰ ফলত তেওঁ লিঅ'নাৰ্ড ইউলাৰ আৰু ডেনিয়েল বাৰ্ণ'লিৰ কৰ্মৰাজীত বুৎপত্তি লাভ কৰিবলৈ সক্ষম হ'ল৷

ফৰাচী বিপ্লৱ

১২ বছৰ বয়সতে এম্পিয়েৰে উচ্চ গণিতৰ সম্পৰ্কে নিজকে স্ব-শিক্ষিত কৰিছিল৷ ইয়াৰ বাবে তেওঁ শেহতীয়া কিতাপবোৰ পঢ়িছিল৷ পৰৱৰ্তী জীৱনত এম্পিয়েৰে দাবী তুলিছিল যে, গণিত আৰু বিজ্ঞান সম্পৰ্কে তেওঁ জনা আটাইবোৰ কথায়েই ওঠৰ বছৰ বয়সত শিকা৷ কিন্তু তেওঁ আছিল এজন বহুবিদ্যাজ্ঞ (polymath); সেয়েহে তেওঁ ইতিহাস, ভ্ৰমণ, কাব্য, দৰ্শন আৰু প্ৰাকৃতিক বিজ্ঞানো পঢ়িছিল৷ আনহাতে এম্পিয়েৰৰ মাতৃ আছিল এগৰাকী ধৰ্মপ্ৰাণ মহিলা৷ সেইকাৰণে এম্পিয়েৰে আলোকিতকৰণ বিজ্ঞানৰ লগতে কেথোলিক বিশ্বাসো অধ্যয়ন কৰিছিল৷ ফৰাচী বিপ্লৱ (১৭৮৯-৯৯) আৰম্ভ হৈছিল এম্পিয়েৰৰ যুৱকালত৷ এই বিপ্লৱ অত্যন্ত প্ৰভাৱশালী আছিল; আৰু নতুন বিপ্লৱী চৰকাৰখনে এম্পিয়েৰৰ পিতৃক অসামৰিক সেৱালৈ আমন্ত্ৰিত কৰিছিল৷৬ তেওঁ লিয়নৰ কাষৰে সৰু চহৰত শান্তিৰ ন্যায়দাতা হৈছিল৷ যেতিয়া ১৭৯২ চনত জেকোবিয়ান দলে বিপ্লৱী চৰকাৰখন নিজৰ অধীনলৈ আনিলে, তেতিয়া পিতৃ জিন-জেকুৱা এম্পিয়েৰে নতুন ৰাজনৈতিক ঢৌটোৰ প্ৰতিৰোধ কৰিছিল৷ ইয়াৰ বাবে ১৭৯৩ চনৰ ২৪ নৱেম্বৰত, জেকোবিয়ান প্ৰায়শ্চিতকৰণৰ নিয়মানুসাৰি তেওঁৰ শিৰচ্ছেদ (guillotined) কৰা হয়৷

১৭৯৬ চনত এম্পিয়েৰে জুলি কেৰনক লগ পায়৷ ১৭৯৯ চনত তেওঁলোক বৈবাহিক বান্ধোনত আবদ্ধ হয়৷ ১৭৯৯ চনতে এম্পিয়েৰে গণিতৰ শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল৷ এই চাকৰিটোৱে তেওঁক এক আৰ্থিক নিশ্চয়তা প্ৰদান কৰাৰ লগতে বৈবাহিক জীৱনো সহজতৰ কৰি তুলিছিল৷ পৰৱৰ্তী বয়সত তেওঁ প্ৰথমটো সন্তানৰ পিতৃ হৈছিল৷ সন্তানটিৰ নাম তেওঁ নিজৰ পিতৃৰ নামেৰেই দিছিল৷ উল্লেখযোগ্য যে, ফ্ৰান্সৰ নেপোলিয়ন যুগৰ ৰূপান্তৰ আৰু এম্পিয়েৰৰ পৰিপূৰ্ণতা-এই দুয়োটা ঘটনা একেটা সময়তে ঘটিছিল৷ পিতৃ-শিক্ষক এম্পিয়েৰে নতুন ফ্ৰান্স-সমৰ্থিত প্ৰযুক্তিগত কাঠামোটোৰ ভিতৰতে সফলতামুখী নতুন পথ বিচাৰি পালে৷ ১৮০২ চনত এম্পিয়েৰক "বাৰ্গ-এন-ব্ৰেছে"ৰ ইক'লো চেণ্ট্ৰেলত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যাপক হিচাপে নিযুক্তি দিয়া হয়৷ ইয়াৰ বাবে তেওঁ ৰুগীয়া পত্নী আৰু সদ্যোজাত শিশু জিন জেকুৱা-এণ্টনিঅ' এম্পিয়েৰক লিয়নতে এৰি আহিবলগীয়া হয়৷ বাৰ্গৰ আজৰি সময়ত তেওঁ গণিতৰ গৱেষণাত মন দিলে আৰু "গাণিতিক সম্ভাৱিতা" সম্বন্ধে এখনি পুথি লিখি উলিয়ালে৷ যাৰ নাম আছিল-Considérations sur la théorie mathématique de jeu; (1802; "Considerations on the Mathematical Theory of Games") (৷) গৱেষণা-পুথিখন তেওঁ ১৮০৩ চনত পেৰিছ বিজ্ঞান একাডেমীলৈ প্ৰেৰণ কৰিলে৷

শিক্ষাদানৰ কাল

''Essai sur la philosophie des sciences''
Essai sur la philosophie des sciencesছবি: Ampère, André-Marie · Public domain

ৰ ১৮০৩ চনৰ জুলাই মাহত পত্নীৰ মৃত্যুৰ পিছত এম্পিয়েৰ পেৰিছলৈ যায়৷ ১৮০৪ চনত তেওঁ "ইক'ল পলিটেকনিক"তে টিউটৰ হিচাপে কৰ্মৰ পাতনি মেলিলে৷ আনুষ্ঠানিক শিক্ষাৰ অভাৱ হোৱা সত্ত্বেও, এম্পিয়েৰক ১৮০৯ চনত সেইখন শিক্ষানুষ্ঠানত গণিতৰ অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰা হয়৷ তেওঁ ১৮২৮ চন পৰ্যন্ত সেইটো পদত কাৰ্যনিৰ্বাহ কৰি থাকে৷ তাৰে মাজত ১৮১৯ আৰু ১৮২০ চনত, তেখেতে পেৰিছ বিশ্ববিদ্যালয়তে দৰ্শন আৰু জ্যোতিৰ্বিজ্ঞানতো শিক্ষাদান কৰে৷ ১৮২৪ চনত তেওঁক "কলেজ ডি ফ্ৰান্স"ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ এক সন্মানীয় পদৰ বাবে নিৰ্বাচিত কৰা হয়৷ ১৮১৪ চনত এম্পিয়েৰক নতুনকৈ স্থাপিত হোৱা "ইনষ্টিটুট ইম্পিৰিয়েল" (Institut Impérial)ৰ গণিত শ্ৰেণীত যোগদান কৰিবলৈ আমন্ত্ৰিত কৰা হয়৷ এই শিক্ষানুষ্ঠানখনৰ ছত্ৰছায়াতেই পৰৱৰ্তী সময়ত সংশোধিত "ষ্টেট একাডেমী অৱ ছায়েন্সেছ" অধিষ্ঠিত হৈছিল৷

এম্পিয়েৰ একাধিক বিষয়ৰ বৈজ্ঞানিক অনুসন্ধানৰ লগতে জড়িত আছিল৷ গণিত, দৰ্শনৰ পৰা আৰম্ভ কৰি ৰসায়ন বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানলৈকে বিভিন্ন বিষয়ৰ তেওঁ চৰ্চা কৰিছিল৷ সেইসময়ৰ শীৰ্ষস্থানীয় বুদ্ধিজীৱীসকলৰ বাবে এইয়া একধৰণৰ ৰীতিৰ দৰে আছিল৷ এম্পিয়েৰে কৈছে যে-"ওঠৰ বছৰতে তেওঁ জীৱনৰ তিনিটা সৰ্বোচ্চ বিন্দু বিচাৰি পালে৷ তেওঁৰ প্ৰথম আলাপ, এণ্টনিঅ' লিঅ'নাৰ্ড থ'মাছৰ "Eulogy of Descartes" অধ্যয়ন, আৰু "Taking of the Bastille". (৷) পত্নীৰ মৃত্যুৰ দিনাখন তেওঁ Psalm ৰ পৰা দুটা স্তৱক লিখিছিল, আৰু এটা প্ৰাৰ্থনা জুৰিছিল "O Lord, God of Mercy, unite me in Heaven with those whom you have permitted me to love on earth."(৷)৭

বিদ্যুৎ-চুম্বকত্ব সম্পৰ্কীয় কৰ্ম

১৮২০ চনৰ ছেপ্টেম্বৰত, এম্পিয়েৰৰ বন্ধু তথা প্ৰশংসাকাৰী ফ্ৰাংকৱইছ আৰাগোৱে ফৰাচী ছায়েন্স একাডেমীক ডেনমাৰ্কৰ পদাৰ্থবিদ হেন্স খ্ৰীষ্টিয়ান অৰেষ্টেডৰ এটা বিস্ময়জনক আৱিষ্কাৰ দেখুৱায় যে, নিকটৱৰ্তী বৈদ্যুতিক প্ৰৱাহৰ ফলত চুম্বকীয় কাঁটাৰ বিক্ষেপণ হয়৷ ইয়াৰ পিছত এম্পিয়েৰে এটা গাণিতিক আৰু ভৌতিক তত্ত্ব প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে যাৰদ্বাৰা বিদ্যুৎ আৰু চুম্বকত্বৰ মাজত থকা সম্পৰ্কটো বুজাত সহায় হ'ব৷ অৰেষ্টেডৰ পৰীক্ষামূলক কাৰ্যসমূহক আগবঢ়াই নি এম্পিয়েৰে দেখুৱালে যে, বৈদ্যুতিক প্ৰৱাহ কঢ়িয়াই নিয়া দুডাল সমান্তৰাল তাঁৰে পৰস্পৰে পৰস্পৰক আকৰ্ষণ নাইবা বিকৰ্ষণ কৰে; আৰু এই ঘটনাটো বিদ্যুতৰ একমুখী বা বিপৰীতমুখী দিশৰ ওপৰত নিৰ্ভৰশীল৷ এই আৱিষ্কাৰেই বিদ্যুৎগতিবিদ্যাৰ মূল ভেটি হিচাপে প্ৰতিষ্ঠিত হয়৷ পৰীক্ষামূলক এই ফলাফলসমূহৰ ভৌতিক তত্ত্বক সাধাৰণীকৃত কৰিবলৈ এম্পিয়েৰে গণিতো প্ৰয়োগ কৰিলে৷ এই সমগ্ৰ নিৰীক্ষণৰ পৰা এম্পিয়েৰে প্ৰতিষ্ঠা কৰা মূল তত্ত্বটোক এম্পিয়েৰৰ সূত্ৰ (Ampère's law) বুলি কোৱা হয়৷ এই সূত্ৰৰ মতে, দুডাল বিদ্যুৎ-পৰিবাহী তাঁৰৰ পাৰস্পৰিক ক্ৰিয়া তাঁৰৰ দৈৰ্ঘ্য আৰু প্ৰৱাহৰ তীব্ৰতাৰ সমানুপাতিক৷ এম্পিয়েৰে একেটা সূত্ৰকে চুম্বকীয় ক্ষেত্ৰতো প্ৰয়োগ কৰিলে আৰু সেই সূত্ৰৰ লগত ফৰাচী পদাৰ্থ বিজ্ঞানী চাৰ্লছ আগাষ্টিন ডি কুলম্বই প্ৰতিষ্ঠা কৰা চুম্বকীয় ক্ৰিয়াৰ কুলম্ব সূত্ৰৰ সাদৃশ্যখিনি প্ৰমাণ কৰিলে৷

বিদ্যুৎ-চুম্বকীয় সম্পৰ্কটো অনুধাৱন কৰিবলৈ এম্পিয়েৰে এটা ভৌতিক ব্যাখ্যাও আগবঢ়াইছিল, ইয়াৰ বাবে তেওঁ "বিদ্যুৎগতীয় অণু"ৰ অস্তিত্বক তত্ত্বগত ৰূপ দিছিল৷ এইটোৱেই আছিল ইলেক্ট্ৰন ধাৰণাৰ অগ্ৰদূত, যিয়ে বিদ্যুৎ আৰু চুম্বকীয় দুয়োখন ক্ষেত্ৰতেই মূল উপাদান হিচাপে কাম কৰে৷ বিদ্যুৎগতিবিদ্যাৰ এই ভৌতিক ব্যাখ্যাৰ সহায়ত, এম্পিয়েৰে বিদ্যুৎচুম্বকীয় প্ৰপঞ্চটোৰ এক ভৌতিক বৰ্ণনা প্ৰদান কৰিলে-যাক বুজি পাব পৰাকৈ প্ৰদৰ্শনো কৰিব পাৰি আৰু গাণিতিকভাৱেও অনুমানযোগ্য কৰিব পাৰি৷ ১৮২৭ চনত তেওঁৰ মহৎ গ্ৰন্থখন প্ৰকাশ কৰে, যাৰ নাম আছিল Mémoire sur la théorie mathématique des phénomènes électrodynamiques uniquement déduite de l’experience (Memoir on the Mathematical Theory of Electrodynamic Phenomena, Uniquely Deduced from Experience)(৷) এই কৰ্মৰ জৰিয়তে তেওঁ বিজ্ঞানৰ এটা নতুন শাখাৰ পৰিভাষা তৈয়াৰ কৰিলে-"বিদ্যুৎগতিবিদ্যা" (electrodynamics), আৰু প্ৰতিষ্ঠিত গ্ৰন্থখনৰ জৰিয়তে তেওঁৰ খ্যাতি এইদৰেই পৰৱৰ্তী সময়তো থাকি গ'ল৷

১৮২৭ চনত এম্পিয়েৰক ৰয়েল ছ'ছাইটিৰ বিদেশী সদস্য, আৰু ১৮২৮ চনত ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সেছৰ বিদেশী সদস্য হিচাপে নিৰ্বাচিত কৰা হয়৮

সন্মান

  • ৮-১০-১৮২৫: "ৰয়েল একাডেমী অৱ ছায়েন্স, লেটাৰ্ছ এণ্ড ফাইন আৰ্টছ্ অৱ বেলজিয়াম"ৰ সভ্য৷ ৯

স্বীকৃতি

আধুনিক বিদ্যুৎ বিজ্ঞানৰ প্ৰতিষ্ঠালৈ আগবঢ়োৱা অৱদানৰ বাবে এম্পিয়েৰক ১৮৮১ চনত স্বাক্ষৰিত হোৱা "বৈদ্যুতিক আন্তৰ্জাতিক প্ৰদৰ্শনী" নামৰ আন্তৰ্জাতিক সন্মিলনীয়ে বিদ্যুৎ প্ৰৱাহৰ এককৰ বাবে "এম্পিয়েৰ" নামটো ব্যৱহাৰ কৰে৷ ইয়াৰ লগতে কুলম্ব, ভল্ট, ওম, ৱাট নামৰ একককেইটাও এম্পিয়েৰৰ সমসাময়িক চাৰ্লছ-আগাষ্টিন ডি কুলম্ব (ফ্ৰান্স), আলেছেন্দ্ৰো ভল্টা (ইটালী), গিয়ৰ্গ ছিমন ওম (জাৰ্মানী), আৰু জে’মচ্ ৱাট (স্কটলেণ্ড)ৰ নামেৰে ৰখা হয়৷ বিশ্বখ্যাত আইফেল টাৱাৰত খোদিত হৈ থকা থকা ৭২টা নামৰ ভিতৰত এম্পিয়েৰৰ নামটোও আছে৷

ইয়াৰ লগতে বহুকেইটা পথ, স্কোৱেৰ, বিদ্যালয়, লিয়নৰ মেট্ৰো ষ্টেছন, চন্দ্ৰত থকা গিৰি-পৰ্বত আৰু নৰৱেৰ বৈদ্যুতিক ফেৰী আণ্ড্ৰে মেৰি এম্পিয়েৰৰ নামেৰে নামকৰণ কৰা হৈছে৷১০

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "Ampère". Random House Webster's Unabridged Dictionary.
  2. ↑ (1970). Dictionary of Scientific Biography. Charles Scribner's Sons
  3. ↑ www.electronics-notes.com/articles/basic_concept
  4. ↑ www.toureiffel.paris/en/the-monument/eiffel-towe
  5. ↑ Andre-Marie Ampere. IEEE Global History Network. IEEE
  6. ↑ Biography of Andre Marie Ampere
  7. ↑ Catholic Encyclopedia
  8. ↑ Library and Archive Catalogue. Royal Society
  9. ↑ Index biographique des membres et associés de l'Académie royale de Belgique (1769–2005) p. 15
  10. ↑ (18 November 2016). Batterifergen har måttet stå over avganger. Nå er løsningen klar. Teknisk Ukeblad

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞানীপদাৰ্থ বিজ্ঞানীপদাৰ্থ বিজ্ঞানবৈদ্যুতিক শক্তিবিদ্যুৎবৈদ্যুতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আণ্ড্ৰে মেৰি এম্পিয়েৰ” প্ৰবন্ধৰ সংশোধন ২৪৩৭০১ (১৩ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।