অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাইকেল ডব্লিউ. ইয়ং

মাইকেল ৱাৰেন ইয়ং (Michael Warren Young; জন্ম: ২৮ মাৰ্চ ১৯৪৯) এজন আমেৰিকান ক্ৰন'বায়লজীষ্ট আৰু বংশগতি বিজ্ঞানী। তেওঁ প্ৰায় তিনি দশক জুৰি জেনেটিকেলি নিয়ন্ত্ৰিত নিদ্ৰাৰ পেটাৰ্ণ আৰু Drosophila melanogaster (ফ্ৰুট ফ্লাই) ৰ অনিদ্ৰাৰ ওপৰত গৱেষণা কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মাইকেল ৱাৰেন ইয়ং (Michael Warren Young; জন্ম: ২৮ মাৰ্চ ১৯৪৯) এজন আমেৰিকান ক্ৰন'বায়লজীষ্ট আৰু বংশগতি বিজ্ঞানী। তেওঁ প্ৰায় তিনি দশক জুৰি জেনেটিকেলি নিয়ন্ত্ৰিত নিদ্ৰাৰ পেটাৰ্ণ আৰু Drosophila melanogaster (ফ্ৰুট ফ্লাই) ৰ অনিদ্ৰাৰ ওপৰত গৱেষণা কৰিছিল।১ ৰকফেলাৰ বিশ্ববিদ্যালয়ত থকা কালছোৱাত তেওঁৰ গৱেষণাগাৰে ক্ৰন'বায়লজীৰ ক্ষেত্ৰ খনলৈ অপৰিসীম অৱদান আগবঢ়াইছিল। অভ্যন্তৰীণ ক্ৰিয়া কলাপ নিয়ন্ত্ৰিত কৰা অভ্যন্তৰীণ ঘড়ীৰ বাবে দায়ী ছন্দঃপূৰ্ণ চক্ৰ (circadian rhythm)-ৰ বিভিন্ন জিনৰ আৱিষ্কাৰ তেওঁৰ অন্যতম বৃহৎ সাফল্য। Drosophila ৰ সাধাৰণ নিদ্ৰা চক্ৰৰ বাবে গুৰুত্বপূৰ্ণ প্ৰিয়ড জিন (Period Gene) তেওঁ চিনাক্ত কৰিছিল। ছন্দঃপূৰ্ণ চক্ৰৰ বাবে অতি প্ৰয়োজনীয় প্ৰটিন সমূৰ সংশ্লেষণৰ বাবে দায়ী টাইমলেছ আৰু দবলটাইম জিনো ইয়ংৰ গৱেষণাগাৰতে আৱিষ্কৃত হৈছিল। তেওঁক জেফ্ৰি চি. হল আৰু মাইকেল ৰছবাশ্বৰ সৈতে "ছন্দঃপূৰ্ণ চক্ৰ নিয়ন্ত্ৰণ কৰা আণৱিক সংৰচনা আৱিষ্কাৰৰ বাবে" যুটীয়ভাৱে ২০১৭ চনৰ চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।২৩

প্ৰাৰম্ভিক জীৱন

১৯৪৯ চনৰ ২৮ মাৰ্চ তাৰিখে মিয়ামী, ফ্লৰিডাত মাইকেল ইয়ংৰ জন্ম হৈছিল।৪ তেওঁৰ পিতৃয়ে অলিন মেথিচন কেমিকেল কৰ্পৰেচনত কাম কৰিছিল। তেওঁৰ মাতৃ আইনৰ ফাৰ্ম এখনত চেক্ৰেটাৰী হিচাপে কাম কৰিছিল। বিজ্ঞানৰ লগত কোনো সম্পৰ্ক নথকা সত্ত্বেও মাইকেলৰ মাক দেউতাকে তেওঁক বিজ্ঞানসুলভ পৰিবেশ দিবলৈ যত্ন কৰিছিল। বিজ্ঞানৰ প্ৰতি ৰাপ থকা গম পাই তেওঁৰ পিতৃয়ে তেওঁলৈ অণুবীক্ষণ আৰু দুৰবিন আনি দিছিল। তেওঁৰ ঘৰৰ কাষতে এখনি ব্যক্তিগত চিৰিয়াখানা আছিল। তাৰ সংস্পৰ্শৰ বাবেই তেওঁৰ বিজ্ঞান সুলভ মন জীৱ বিজ্ঞানৰ প্ৰতি ঢাল খালে।৫

শিক্ষা

১৯৭১ চনত ইয়ঙে টেক্সাচ বিশ্ববিদ্যালয়, অষ্টিনৰ পৰা জীৱ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।১ তাৰ পিছত তেওঁ ব্ৰুক জুডৰ লগত Drosophilaৰ জিনমৰ ওপৰত গৱেষণা কৰি ১৯৭৫ চনত পিএইছডি ডিগ্ৰী লাভ কৰে।৪ এই সময়তে তেওঁ Drosophilaৰ ওপৰত গৱেষণা কৰিবলৈ মন মেলে।৫ স্নাতকৰ কালছোৱাত তেওঁ ৰনণ কোনোপকা আৰু চেইমূৰ বেঞ্জাৰৰ দ্ৰ'চ'ফিলা চাৰ্কাডিয়ান মিউটেণ্টৰ ওপৰত কৰা গৱেষণাৰ কথা গম পাইছিল, আৰু পিছলৈ ইয়াৰে ওপৰত গৱেষণা কৰি তেওঁ প্ৰিয়ড জিনৰ ক্লনিংত কাম কৰিছিল।৫

তাৰ পিছত তেওঁ ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিনত আণৱিক বংশগতিৰ ওপৰত পোষ্ট ডক্টৰেল ট্ৰেইনিং কৰিছিল।১ তাৰ পিছত তেওঁ ডেভিড হগনেছ গৱেষণাগাৰত ৰিকবিএণ্ট ডিএনএৰ বিভিন্ন প্ৰক্ৰিয়াৰ লগত চিনাকি হয়।৫ দুবছৰ পিছত তেওঁ ৰকফেলাৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক ৰূপে যোগ দিয়ে। ১৯৮৪ চনত তেওঁ সহযোগী অধ্যাপক আৰু পিছলৈ ১৯৮৮ চনত তেওঁ অধ্যাপকৰ পদ পায়।৬২০০৪ চনত ইয়ংক শৈক্ষিক পৰিক্ৰমাৰ উপ সভাপতি নিযুক্ত হয় আৰু ৰিচাৰ্ড আৰু জেনী ফিচাৰ আসনত অধিষ্ঠিত হয়।৪

বঁটা আৰু সন্মান

  • ১৯৭৮: আন্দ্ৰে আৰু বেলা মেয়াৰ ফাউণ্ডেচন ফেলশ্বিপ১
  • ২০০৬: চছাইটি ফৰ ৰিচাৰ্ছ ন বায়লজিকেল ৰিদমৰ পিটতেনড্ৰাই/এছচফ বঁটা১
  • ২০০৭: আমেৰিকান একাডেমী অফ মাইক্ৰবায়লজিৰ সদস্য১
  • ২০০৭: নেচনেল একাডেমী অফ চাইন্সৰ সদস্য১
  • ২০০৯: স্নায়ুবিজ্ঞানৰ গ্ৰোবেৰ বঁটা (জেফ্ৰি চি. হল আৰু মাইকেল ৰছবাশ্বৰ সৈতে)৭
  • ২০১১: লুইজা গ্ৰছ হৰৱিটজ বঁটা (জেফ্ৰি চি. হল আৰু মাইকেল ৰছবাশ্বৰ সৈতে)৬
  • ২০১২: মেছৰী বঁটা (জেফ্ৰি চি. হল আৰু মাইকেল ৰছবাশ্বৰ সৈতে)৬
  • ২০১২: কানাডা গ্ৰীণ্ডাৰ ফাউণ্ডেচন আন্তৰাষ্ট্ৰীয় বঁটা (জেফ্ৰি চি. হল আৰু মাইকেল ৰছবাশ্বৰ সৈতে)৬
  • ২০১৩: জীৱ বিজ্ঞান আৰু মেডিচিনৰ বাবে শ্ব বঁটা (জেফ্ৰি চি. হল আৰু মাইকেল ৰছবাশ্বৰ সৈতে)৬
  • ২০১৩: বায়মেডিকেল চাইন্সৰ ৱিলি বঁটা (জেফ্ৰি চি. হল আৰু মাইকেল ৰছবাশ্বৰ সৈতে)৮
  • ২০১৭: চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা (জেফ্ৰি চি. হল আৰু মাইকেল ৰছবাশ্বৰ সৈতে)৯

তথ্যসূত্ৰ

  1. ↑ 2009 Neuroscience Prize- Michael W. Young. Biology. Gruber Foundation
  2. ↑ Cha, Arlene Eujung. (2017-10-02). Nobel in physiology, medicine awarded to three Americans for discovery of ‘clock genes’. Washington Post
  3. ↑ (2017-10-02). The 2017 Nobel Prize in Physiology or Medicine - Press Release. The Nobel Foundation
  4. ↑ Biographical Notes of Laureates. Biology. The Shaw Foundation
  5. ↑ Autobiography of Michael Young. Biology. The Shaw Foundation
  6. ↑ Mike Young to Receive Shaw Prize. The Rockefeller University
  7. ↑ Michael W. Young · The Gruber Foundation. gruber.yale.edu
  8. ↑ Wiley: Twelfth Annual Wiley Prize in Biomedical Sciences Awarded to Dr. Michael Young, Dr. Jeffrey Hall and Dr. Michael Rosbash.. Biology. John Wiley & Sons, Inc
  9. ↑ Sample, Ian. (2017-10-02). Jeffrey C Hall, Michael Rosbash and Michael W Young win 2017 Nobel prize in physiology or medicine – as it happened. The Guardian

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিবিজ্ঞানীচিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইকেল ডব্লিউ. ইয়ং” প্ৰবন্ধৰ সংশোধন ৩৮২৫৩৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।