ফিৰডৌছি কাদ্ৰি (Firdausi Qadri, জন্ম: ৩১ মাৰ্চ, ১৯৫১) হৈছে এগৰাকী বাংলাদেশী বিজ্ঞানী। তেখেত মূলতঃ ৰোগ প্ৰতিৰোধ বিজ্ঞান আৰু সংক্ৰামক ৰোগৰ গৱেষণাৰ লগত জড়িত। কলেৰা ৰোগৰ প্ৰতিষেধক বিকাশৰ ক্ষেত্ৰত তেখেত প্ৰায় পঁচিশ বছৰতকৈও অধিক সময় জড়িত হৈ আছে।১ ইয়াৰোপৰি ফিৰডৌছি কাদ্ৰি 'Enterotoxigenic Escherichia coli' (ETEC), 'টাইফইড', 'হেলিক'বেক্টাৰ পায়লৰি' আৰু 'ৰ'টাভাইৰাছ'ৰ দৰে সংক্ৰামক ৰোগৰ গৱেষণাৰ লগতো জড়িত। বৰ্তমান তেখেতে বাংলাদেশত থকা 'ডায়েৰিয়া ৰোগ গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ' (ICDDR)ত কাম কৰি আছে। তেখেত 'বিজ্ঞান আৰু স্বাস্থ্যজনিত পদক্ষেপৰ প্ৰতিষ্ঠান'তো অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰি আছে।২ বিষম পৰ্যায়ৰ ডায়েৰিয়াৰ মূল কাৰক হিচাপে চিহ্নিত হোৱা 'ভাইব্ৰিঅ' ক'লেৰি' আৰু 'এণ্টেৰোটক্সিজেনিক ছেখেৰিয়া কলি'ৰ সংক্ৰমণ আৰু প্ৰতিষেধকৰ বিকাশ কৰাত তেখেতৰ প্ৰভুত বৰঙণি আগবঢ়াইছে। 'এইছ. পায়লৰি'ৰ দ্বাৰা সংক্ৰমিত হোৱা আৰু টাইফইড জ্বৰত আক্ৰান্ত হোৱা বাংলাদেশীসকলৰ প্ৰতিৰোধী সঁহাৰি তথা প্ৰতিষেধক সম্পৰ্কেও কাড্ৰিয়ে অধ্যয়ন কৰিছে।১
২০২১ বৰ্ষত ফিৰডৌছি কাদ্ৰিক ৰমন মেগছেছে বঁটাৰে সন্মানীত কৰা হয়।৩
শিক্ষা আৰু কৰ্মজীৱনৰ আগছোৱা
ফিৰডৌছি কাদ্ৰিয়ে ১৯৮০ চনত লিভাৰপুল বিশ্ববিদ্যালয়ৰ পৰা জৈৱ-ৰসায়নত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ১৯৮১ চনত তেখেতে শৈক্ষিক জীৱনৰ পাতনি মেলে। ঢাকা বিশ্ববিদ্যালয়ৰ জৈৱ-ৰসায়ন বিভাগত তেখেতে যোগদান কৰে। ১৯৮৬ চনত এগৰাকী প'ষ্ট ডক্টৰেল ৰিচাৰ্ছ ফেলো হিচাপে তেখেতে (icddr,b)ত যোগদান কৰে। পৰৱৰ্তী সময়ত এইটো প্ৰতিষ্ঠানতে তেখেতে জ্যেষ্ঠ বিজ্ঞানী হিচাপে পৰিচিত হয় আৰু প্ৰতিষেধক বিজ্ঞানৰ ক্ষেত্ৰত এগৰাকী শীৰ্ষ পৰ্যায়ৰ গৱেষিকাৰ মৰ্যাদা লাভ কৰে।৪
গৱেষণাৰ ক্ষেত্ৰলৈ অৱদান
ফিৰডৌছি কাদ্ৰিয়ে অন্ত্ৰ-জনিত ৰোগৰ ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়াইছে। বিশেষকৈ ৰোগ-প্ৰতিৰোধী বিজ্ঞান, জেনোমিকছ্, প্ৰ'ট'মিক প্ৰযুক্তিবিদ্যা, নিদানবিদ্যা আৰু প্ৰতিষেধক বিকাশৰ ক্ষেত্ৰত তেখেতৰ বৰঙণি মন কৰিবলগীয়া। বাংলাদেশত এবিধ কম মূল্যৰ নতুন কলেৰা প্ৰতিষেধক প্ৰস্তুতকৰণত কাদ্ৰি ওতপ্ৰোতভাৱে জড়িত হৈ পৰে।৫ তাৰ আগলৈকে ৰোগাক্ৰান্ত আৰু আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত বাংলাদেশীসকলে 'ডুকোৰাল' নামৰ এবিধ দামী ঔষধ ক্ৰয় কৰিবলগীয়া হৈছিল।৬ 'শ্বাংকল' নামৰ প্ৰতিষেধকবিধৰ কাৰ্যক্ষমতা তেখেতে ঢাকাৰ বস্তি এলেকাত বহুলভাৱে প্ৰদৰ্শিত কৰিছিল।৭ পৰৱৰ্তী সময়ত এইবিধ ঔষধক তেখেতে বাংলাদেশৰ জনস্বাস্থ্যত প্ৰয়োগ কৰাত গুৰুত্ব আৰোপ কৰে;৮ যাৰ মাজত ৰোহিংগীয়া শৰণাৰ্থীও আছিল।৯
সদস্য পদ
ফিৰডৌছি কাদ্ৰি 'অণু-জীৱবিজ্ঞানীৰ বাংলাদেশী সমাজ'ৰ প্ৰতিষ্ঠাপক আৰু উপদেষ্টা পৰিষদৰ সদস্যা।১০ কাদ্ৰি 'অণু-জীৱবিজ্ঞান আমেৰিকান সমাজ', বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰদূত।১১ ২০০৮ চনৰ পৰা ফিৰডৌছি কাদ্ৰিয়ে 'বাংলাদেশী একাডেমি অৱ ছায়েঞ্চেছ'ৰ এগৰাকী সভ্য হিচাপে দায়িত্ব পালন কৰি আহিছে।১২
সন্মান আৰু স্বীকৃতি
২০১২ চনত ফিৰডৌছি কাদ্ৰিক 'ফণ্ডেশ্বন ক্ৰিষ্টোফি ইট ৰডল্ফ মেৰিয়েক্স'ৰ পৰা 'গ্ৰেণ্ড প্ৰাইজ' শীৰ্ষক বাৰ্ষিক বিজ্ঞান বঁটা অৰ্জন কৰে। অন্ত্ৰ-সম্বন্ধীয় ব্যাধিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গৱেষণাৰ বাবে তেখেতক এই বঁটা প্ৰদান কৰা হয়১৩১৪ ২০১৪ চনত এই বঁটাটোৱে 'বিজ্ঞান আৰু স্বাস্থ্যজনিত পদক্ষেপৰ প্ৰতিষ্ঠান' (ideSHi) প্ৰতিষ্ঠা কৰাৰ বাট এটা মুকলি কৰি দিয়ে।১৫ ২০১৪ চনত তেখেতক এখন উচ্চবৰ্গীয় পেনেলৰ বাবে মনোনীত কৰা হয়। এইখন পেনেলে নিম্ন-বিকশিত দেশসমূহৰ বাবে নিয়োজিত হৈ থকা প্ৰযুক্তিবেংক, বিজ্ঞান আৰু উদ্ভাৱনমূলক প্ৰণালীটোৰ প্ৰশাসনীয় আৰু কাৰ্যকৰীগত দিশসমূহৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ উপদেষ্টা হিচাপে কাম কৰে।১৬ ফিৰডৌছি কাদ্ৰি এছিয়াৰ শীৰ্ষ এশগৰাকী বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত হয়। এই তালিকাখন 'এছিয়ান ছাইণ্টিষ্ট মেগাজিন'-এ প্ৰকাশ কৰে।১৭২০২১ চনৰ আগষ্ট মাহত বিজ্ঞানীগৰাকীলৈ ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।১৮ ২০২১ বৰ্ষৰ ২৮ নৱেম্বৰ তাৰিখে ফিলিপাইনছৰ ৰাজধানী মানিলাৰ ৰমন মেগাছেছে কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এখনি বঁটা-প্ৰদান সভাত কাদ্ৰিক উক্ত সন্মান প্ৰদান কৰা হ'ব। বঁটাৰ বাবে নিৰ্বাচন কৰা সভাখনে কাদ্ৰিৰ অক্লান্ত অৱদানক স্বীকৃতি দিয়ে আৰু প্ৰতিষেধক নিৰ্মাণ, জৈৱপ্ৰযুক্তিবিদ্যাকে ধৰি গৱেষণাক্ষেত্ৰলৈ আগবঢ়োৱা তেখেতৰ অৱদানক সশ্ৰদ্ধাৰে বিবেচনা কৰে। বঁটা-প্ৰদানৰ ৱেবছাইটটোত ফিৰডৌছি কাদ্ৰিক 'সুলভ প্ৰতিষেধক চেম্পিয়ন' হিচাপে নামাংকিত কৰা হৈছে।১৯
বঁটা
- বাংলাদেশ বিজ্ঞান একাডেমীৰ তৰফৰ পৰা সোণৰ পদক, ২০০৫ চনত।২০
- ২০১২ চনত ক্ৰিষ্টোফি মেৰিয়াক্স পুৰস্কাৰ১৪
- ২০১৩ চনত অনন্যা শীৰ্ষ দহ বঁটা
- ২০১৩ চনত চি এন আৰ ৰাও বঁটা। উন্নয়নশীল দেশত বিজ্ঞানক আগুৱাই নিয়াৰ বাবে এই বঁটাটো বিশ্বৰ বিজ্ঞান একাডেমিয়ে (TWAS) বাৰ্ষিকভাৱে প্ৰদান কৰি আহিছে।২১
- ২০২০ চনত এল'লৰিয়েল-ইউনেস্ক' বঁটা, (বিজ্ঞান-ক্ষেত্ৰত নাৰী)
- ২০২১ বৰ্ষত ৰমন মেগছেছে বঁটা
তথ্যসূত্ৰ
- ↑ Dr Firdausi Qadri. World Health Organization
- ↑ Dr. Firdausi Qadri. Institute for Developing Science and Health Initiatives
- ↑ (31 August 2021). Firdausi Qadri
- ↑ আৰ্কাইভ কপি
- ↑ Qadri, Firdausi; Clemens, John D.; Sarker, Abdur Razzaque. (2018-10-09). The impact and cost-effectiveness of controlling cholera through the use of oral cholera vaccines in urban Bangladesh: A disease modeling and economic analysis. PLOS Neglected Tropical Diseases. পৃ. e0006652
- ↑ Hutubessy, Raymond; Tebbens, Radboud J. Duintjer; Reyburn, Rita. (2012-10-04). Costs of Illness Due to Cholera, Costs of Immunization and Cost-Effectiveness of an Oral Cholera Mass Vaccination Campaign in Zanzibar. PLOS Neglected Tropical Diseases. পৃ. e1844
- ↑ Qadri, Firdausi; Wierzba, Thomas F.; Ali, Mohammad. (2016-05-04). Efficacy of a Single-Dose, Inactivated Oral Cholera Vaccine in Bangladesh. New England Journal of Medicine. পৃ. 1723–1732
- ↑ Khan, Iqbal Ansary; Khan, Ashraful Islam; Rahman, Anisur. (2019-01-01). Organization and implementation of an oral cholera vaccination campaign in an endemic urban setting in Dhaka, Bangladesh. Global Health Action. পৃ. 1574544
- ↑ Clemens, John D.; Singh, Poonam Khetrapal; Nair, G. Balakrish. (2018-05-12). Emergency deployment of oral cholera vaccine for the Rohingya in Bangladesh. The Lancet. পৃ. 1877–1879
- ↑ Board of Advisory. Bangladesh Society of Microbiologists
- ↑ Contact The ASM International Ambassador in Your Country!. American Society for Microbiology
- ↑ Dr. Firdausi Qadri. Bangladesh Academy of Science
- ↑ Institut de France - Accueil
- ↑ (2013-09-17). Institut de France's Christophe Mérieux Prize. Mérieux Foundation
- ↑ About Us. Institute for Developing Science and Health Initiatives
- ↑ (2014-11-27). Bangladeshi scientist Qadri named member of high-level UN panel. The Daily Star
- ↑ (2021-04-28). 3 Bangladeshi researchers named in Asian Scientist 100 list. The Daily Star
- ↑ (31 August 2021). Firdausi Qadri
- ↑ www.thedailystar.net/news/bangladesh/news/firdau
- ↑ Academy Gold Medal Award. Bangladesh Academy of Sciences
- ↑ Bangladeshi immunologist wins the C.N.R. Rao Prize. The World Academy of Sciences
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিৰডৌছি কাদ্ৰি” প্ৰবন্ধৰ সংশোধন ৬২৪১০১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।