বিজ্ঞানী
৫৬ প্ৰবন্ধ
-
গীতাঞ্জলি ৰাও (বিজ্ঞানী)
গীতাঞ্জলী ৰাও (Gitanjali Rao; জন্ম ২০০৫) এগৰাকী ভাৰতীয়-আমেৰিকান আৱিষ্কাৰক, বৈজ্ঞানিক, লেখিকা আৰু ষ্টেম (STEM; বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত) প্ৰবন্ধক। তেওঁ ২০১৭ চনত ডিস্ক'ভাৰি এড্যুকেশ্বন 3M ইয়ং বিজ্ঞানী চেলেঞ্জ বিজয়ী।
-
জয়ন্ত বন্দ্যোপাধ্যায়
জয়ন্ত বন্দ্যোপাধ্যায় (Jayanta Bandyopadhyay; জন্ম ৩১ ডিচেম্বৰ ১৯৪৭, কলকাতা, ভাৰত) এজন ভাৰতীয় গৱেষক, বিশ্লেষক আৰু লেখক। বৰ্তমান তেওঁ কলকাতাৰ অব্জাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেচনত বিশিষ্ট ফেলো হিচাপে কৰ্মৰত।
-
ড° মালিনী
ড০ নীলিমা শইকীয়া (Dr Neelima Saikia) বা ড০ মালিনী (Dr Malinee ) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ তেখেত যোৰহাট, অসমস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ) প্ৰাক্তন বিজ্ঞানী৷ ড০ নীলিমা…
-
ডিমিট্ৰী মেণ্ডেলিভ
ডিমিট্ৰী ইভানোভিচ মেণ্ডেলিভ (Дми́трий Ива́нович Менделе́ев; ৮ ফেব্ৰুৱাৰী ১৮৩৪ – ২ ফেব্ৰুৱাৰী ১৯০৭) আছিল এজন ৰাছিয়ান ৰসায়নবিদ, যিজনে পৰ্যাবৃত্ত তালিকা বা মৌলসমূহৰ পৰ্যায়বদ্ধ সূচীৰ আধুনিক ৰূপ প্ৰস্তুত কৰিছিল।
-
তছনীম জেহৰা হুছেইন
তছনীম জেহৰা হুছেইন এজন পাকিস্তানী তাত্ত্বিক পদাৰ্থবিজ্ঞানী। পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰা কেইজনমান পাকিস্তানী মহিলাৰ ভিতৰত তেওঁ অন্যতম আৰু প্ৰথম পাকিস্তানী মহিলা ষ্ট্ৰিং তত্ত্ববিদ।
-
দিয়ি ইয়াং
দিয়ি ইয়াং (ইংৰাজী: Diyi Yang) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী আৰু ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা। তেওঁ প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ, গণনামূলক ভাষাবিজ্ঞান, গণনামূলক সমাজবিজ্ঞান আৰু সামাজিক কম্পিউটিং ক্ষেত্ৰত গৱেষণা কৰে।
-
নীলিমা গুপ্তে
নীলিমা এম. গুপ্তে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেওঁ ১৯৭৬ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী, ১৯৭৮ চনত বোম্বে আই. আই. টিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, আৰু ১৯৮৩ চনত ষ্টনী ব্ৰুক ছুনিৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে।
-
ফাতিমা মুজিব বিলকীছ
ফাতিমা মুজিব বিলকিছ ( জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৩৬ আৰু মৃত্যু ৭ ফেব্ৰুৱাৰী, ২০১৬) আছিল এগৰাকী পাকিস্তানৰ বিজ্ঞানী, পৰজীৱী বিজ্ঞানৰ বিশেষজ্ঞ। তেওঁ পৰজীৱী বিজ্ঞানৰ ক্ষেত্ৰত আন্তৰ্জাতিক ভাবে বিখ্যাত ব্যক্তি আছিল।
-
ফানুজা নাদৰ্শিনা
ফানুজা নাদৰ্শিনা (Fanuza Nadrshina; Фәнүзә Нәҙершина; জন্ম: ৭ ফেব্ৰুৱাৰী, ১৯৩৬) এগৰাকী বাছকিৰ লোককথাবিদ, শিক্ষাবিদ আৰু অধ্যাপিকা।
-
ফ্ল'ছি কোহেন
ফ্ল’ছি কোহেন (১৯২৫–২০০৪) আছিল এজন ভাৰতীয় বংশোদ্ভূত এগৰাকী শিশু ইমিউন’লজিষ্ট, যি নিজৰ কেৰিয়াৰৰ বেছিভাগ সময় মিচিগানৰ শিশু চিকিৎসালয়ত কটাইছিল। তেওঁ ৱেইন ষ্টেট ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনৰ অধ্যাপকও আছিল।
-
মধু ভাস্কৰন
মধু ভাস্কৰন (Madhu Bhaskaran) এগৰাকী ভাৰতীয় অভিযন্তা আৰু আৰ এম আই টি বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ আৰ এম আই টি বিশ্ববিদ্যালয়ৰ ফাংচনেল মেটেৰিয়েলছ এণ্ড মাইক্ৰ'চিষ্টেমছ ৰিচাৰ্চ গ্ৰুপৰ সহ-নেতৃত্ব কৰে। তেওঁ ২০১৮ চনত "ইলেক্ট্ৰনিক স্কীন"ৰ বিকাশৰ বাবে এপেক এছপায়াৰ বঁটা লাভ কৰে।
-
যমুনা শৰণ সিং
যমুনা শৰণ সিং (Jamuna Sharan Singh; জন্ম ১৯৪১) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী, শিক্ষাবিদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ প্ৰাক্তন প্ৰাধ্যাপক।
-
য়'হান ৱল্ফগাং ফন গ্যটে
য়’হান ৱল্ফগাং ফন গ্যটে (Johann Wolfgang von Goethe,; ২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) আছিল এজন জাৰ্মান কবি, ঔপন্যাসিক, নাট্যকাৰ, বিজ্ঞানী আৰু চিন্তাবিদ। তেওঁ ইউৰোপৰ সাহিত্য, দৰ্শন, আৰু বিজ্ঞানৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।
-
শিঞ্জিনী ভটনাগৰ
শিঞ্জিনী ভটনাগৰ এগৰাকী ভাৰতীয় শিশু গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট। তেওঁ নেচনেল একাডেমী অৱ চাইন্সেছৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ গৱেষণাক বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ২য় বিশ্ব কংগ্ৰেছ অৱ পেডিয়াট্ৰিক গেষ্ট্ৰ’এণ্টেৰ’লজী, হেপাট’লজী এণ্ড নিউট্ৰিচনত স্বীকৃতি দিয়ে।
-
শ্যামলা গোপালন
শ্যামলা গোপালন (Shyamala Gopalan; ৭ ডিচেম্বৰ, ১৯৩৮ – ১১ ফেব্ৰুৱাৰী, ২০০৯) লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ এগৰাকী জৈৱ চিকিৎসা বিজ্ঞানী আছিল, যিয়ে প্ৰজেষ্টেৰন ৰিচেপ্টৰ জিন পৃথক আৰু বৈশিষ্ট্য নিৰ্ণয়ৰ কামে স্তন জীৱবিজ্ঞান আৰু অংক'লজীৰ অগ্ৰগতিৰ বাবে উদ্দীপিত কৰিছে।
-
সুকন্যা দত্ত
সুকন্যা দত্ত এগৰাকী ভাৰতীয় প্ৰাণীবিজ্ঞানী আৰু লেখিকা যিয়ে কিতাপ, ৰেডিঅ' লিপি, প্ৰবন্ধ, আৰু গ্ৰন্থ পৰ্যালোচনাৰ জৰিয়তে বিজ্ঞানক জনপ্ৰিয় কৰি তুলিছে।
-
সৰিতা বিক্ৰম আডভে
সৰিতা বিক্ৰম আডভে হৈছে ইলিনয়ছ বিশ্ববিদ্যালয় আৰ্বানা-শ্যাম্পেইনৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ ৰিচাৰ্ড টি. চেং অধ্যাপক। তেওঁ কম্পিউটাৰ আৰ্হিটেকচাৰ আৰু চিষ্টেম, সমান্তৰাল গণনা, লগতে শক্তি আৰু বিশ্বাসযোগ্যতা-সচেতন চিষ্টেমৰ ক্ষেত্ৰত গৱেষণা কৰি আহিছে।
-
সৰ্বানী বসু
সৰ্বানী বসু এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু ইয়েল বিশ্ববিদ্যালয়ৰ অধ্যাপিকা৷ তেখেতে এছ'চিয়েচন অৱ ইউনিভাৰ্চিটিজ ফৰ ৰিচাৰ্চ ইন এষ্ট্ৰ'নমিৰ পৰিচালনা সমিতিৰ সদস্য আৰু আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ ফেলো।
-
হেমমালা কৰুণাদাসা
হেমমালা ইন্দিভাৰী কৰুণাদাসা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ সহকাৰী অধ্যাপিকা। তেওঁ পৰিষ্কাৰ শক্তি আৰু বৃহৎ এলেকাৰ পোহৰৰ বাবে হাইব্ৰিড জৈৱিক – অজৈৱিক পদাৰ্থ, যেনে পেৰ’ভস্কাইটৰ ওপৰত কাম কৰি আছে
-
হেৰ্মানুছ হাগা
হেৰ্মান হাগা (২৪ জানুৱাৰী ১৮৫২ – ১১ ছেপ্টেম্বৰ ১৯৩৬) এজন ডাচ পদাৰ্থ বিজ্ঞানী আছিল।
-
হৰ গোবিন্দ খোৰানা
হৰ গোবিন্দ খোৰানা ( জন্ম, ৯ জানুৱাৰী ১৯২২ – মৃত্যু,৯ নৱেম্বৰ ২০১১) আছিল এজন ভাৰতীয়-আমেৰিকাৰ জৈৱ ৰসায়নবিদ। উইচকনচিন–মেডিচন বিশ্ববিদ্যালয়ৰ অধ্যাপকত থকাৰ সময়ত তেওঁ মাৰ্শ্বেল ডব্লিউ নাইৰেনবাৰ্গ আৰু ৰবাৰ্ট ডব্লিউ হলীৰ সৈতে ১৯৬৮ চনৰ শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাযুটীয়াভাৱে লাভ কৰিছিল।
-
ৰাজপাল সিং যাদৱ
ৰাজপাল সিং যাদৱ (Rajpal Singh Yadav; জন্ম ১৯৫৮) ভেক্টৰ ইক'লজি আৰু মেনেজমেণ্টৰ ক্ষেত্ৰৰ এজন ভাৰতীয় বিজ্ঞানী। ২০০৯ চনত তেওঁ বিশ্ব স্বাস্থ্য সংস্থাত যোগদান কৰে। ছুইজাৰলেণ্ডৰ জেনেভাৰ অৱহেলিত ক্ৰান্তীয় ৰোগ নিয়ন্ত্ৰণ বিভাগৰ বিজ্ঞানী হিচাপে ২০২৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।
-
ৰাস্না ভাণ্ডাৰী
ৰস্না ভাণ্ডাৰী হায়দৰাবাদৰ চেণ্টাৰ ফৰ ডি এন এ ফিংগাৰপ্ৰিণ্টিং এণ্ড ডায়েগনষ্টিকছৰ চেল চিগনেলিং লেবৰেটৰীৰ মুৰব্বী। ভাণ্ডাৰীয়ে জৈৱিক ব্যৱস্থাত সংকেত পৰিবহনৰ ওপৰত অধ্যয়ন চলাই আছে, বিশেষকৈ শৰীৰবিজ্ঞান আৰু বিপাকীয় ক্ৰিয়াত ইনোচিটল পাইৰ’ফছফেটৰ ভূমিকা বুজি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছে।
-
ৰোজালিণ্ড পিকাৰ্ড
ৰোজালিণ্ড ৰাইট পিকাৰ্ড ( Rosalind Wright Picard; জন্ম ১৯৬২) এগৰাকী আমেৰিকান বৈদ্যুতিক অভিযন্তা আৰু কম্পিউটাৰ বিজ্ঞানী যি এম আই টিৰ স্বাস্থ্য বিজ্ঞান আৰু প্ৰযুক্তিৰ গ্ৰভাৰ এম হাৰ্মান অধ্যাপক, এম আই টি মিডিয়া লেবৰ এফেকটিভ কম্পিউটিং ৰিচাৰ্চ গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক আৰু ষ্টাৰ্টআপ এফেক্টিভা আৰু…
-
ৱিলহেল্ম ৱুণ্ট
ৱিলহেল্ম মাক্সিমিলিয়ান ৱুণ্ট (Wilhelm Maximilian Wundt,;; ১৬ আগষ্ট ১৮৩২ – ৩১ আগষ্ট ১৯২০) আছিল এগৰাকী জাৰ্মান চিকিৎসক, দাৰ্শনিক, অধ্যাপক আৰু আধুনিক মনোবিজ্ঞানৰ অন্যতম পিতৃপুৰুষ।
-
ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ
ৱিলিয়াম ফ্ৰান্সিছ গেনং কনিষ্ঠ (July 6, 1924 – December 23, 2007) এজন আমেৰিকান শৰীৰতত্ত্ববিদ। মগজুৱে কেনেকৈ শৰীৰৰ গুৰুত্বপূৰ্ণ অভ্যন্তৰীণ কামবোৰ নিয়ন্ত্ৰণ কৰে সেয়া আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ ভিতৰত তেখেত অন্যতম।