জেমছ ক্লাৰ্ক মেক্সৱেল এফ আৰ এছ ই এফ আৰ এছ (১৩ জুন ১৮৩১ - ৫ নৱেম্বৰ ১৮৭৯) এজন স্কটিছ গণিতজ্ঞ১২ আৰু বিজ্ঞানী আছিল। তেওঁ তড়িৎ-চুম্বকীয় তৰংগৰ সৰ্বোত্তম তত্ত্ব বৰ্ণনা কৰিছিল, যাৰ সহায়ত বিদ্যুৎ, চুম্বকত্ব আৰু পোহৰক একে শক্তিৰ ভিন্ন ৰূপৰূপে বৰ্ণনা কৰা সম্ভৱ হৈছিল। মেক্সৱেলৰ তড়িৎ-চুম্বকীয় বলৰ সমীকৰণক পদাৰ্থবিজ্ঞানত "দ্বিতীয় সৰ্বশ্ৰেষ্ঠ একীকৰণ" বুলি কোৱা হয়, য'ত প্ৰথম সৰ্বশ্ৰেষ্ঠ একীকৰণ কৰিছিল আইজাক নিউটনে।৩
১৮৬৫ চনত তেওঁৰ গ্ৰন্থ “এ ডাইনামিকেল থিয়ৰি অৱ দ্য ইলেক্ট্ৰোমেগনেটিক ফিল্ড” প্ৰকাশৰ জৰিয়তে, মেক্সৱেলে দেখুৱাইছিল যে বিদ্যুৎ আৰু চুম্বক ক্ষেত্ৰৰ তৰঙ্গবোৰ পোহৰৰ গতিত মহাশূন্যত ভ্ৰমণ কৰে। তেওঁ প্ৰস্তাৱ কৰিছিল যে একে মাধ্যমত বৈদ্যুতিক আৰু চুম্বকীয় তৰঙ্গৰ ভ্ৰমণৰ ফলত পোহৰ তৰঙ্গৰ সৃষ্টি হয়।৪ এই একীকৰণৰ দ্বাৰা ৰেডিঅ’ তৰঙ্গৰ অস্তিত্বৰ ভবিষ্যদ্বাণী কৰা হৈছিল। তেওঁক আধুনিক বৈদ্যুতিক প্ৰকৌশল ক্ষেত্ৰৰ পথপ্ৰদৰ্শক হিচাপেও গণ্য কৰা হয়।৫
মেক্সৱেলে মেক্সৱেল-বোল্টজমেন বিতৰণৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যি গেছৰ গতিতত্ত্বৰ দিশবোৰ বৰ্ণনা কৰাৰ এটি পৰিসাংখ্যিকীয় পদ্ধতি আছিল।৬ ১৮৬১ চনত তেওঁ প্ৰথম স্থায়ী ৰঙীন ছবি প্ৰদৰ্শন কৰিছিল। এই আৱিষ্কাৰ ফটোগ্ৰাফীৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত। তেওঁ দলঙৰ ৰড আৰু যৌথ গাঁথনিৰ ( ভাৰৰক্ষাৰ্থ গাঁথনি) দৃঢ়তা বিশ্লেষণত ভিত্তিমূলক কাম কৰিছিল।৭ তেওঁ আধুনিক বিমীয় বিশ্লেষণৰ বাটকটীয়া আছিল। বিশৃংখল তত্ত্বৰ ভেটি স্থাপনত তেওঁৰ বৰঙণিক স্বীকৃতি দিয়া হৈছে।৮৯১০
মেক্সৱেলৰ গৱেষণাই বিশেষ আপেক্ষিকতা আৰু কোৱাণ্টাম বলবিদ্যাৰ দৰে আধুনিক বিজ্ঞানৰ শাখাসমূহৰ ভেটি সাজিবলৈ সহায় কৰিছিল। ঊনৈশ শতিকাৰ লোক হৈও তেওঁ কুৰি শতিকাৰ পদাৰ্থবিজ্ঞানৰ ওপৰত গভীৰতম প্ৰভাৱ পেলাইছিল।১১ আইনষ্টাইনে তেওঁৰ কামক “নিউটনৰ সময়ৰ পৰা পদাৰ্থবিজ্ঞানৰ আটাইতকৈ গভীৰ আৰু ফলপ্ৰসূ আৱিষ্কাৰ” হিচাপে অভিহিত কৰিছিল।১২
১৮৭৯ চনত মাত্ৰ ৪৮ বছৰ বয়সত মেক্সৱেলৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ গৱেষণা আৰু আৱিষ্কাৰসমূহ বিজ্ঞানৰ ক্ষেত্ৰত চিৰদিন জীয়াই থাকিব। আইজাক নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ সৈতে তেওঁৰ নাম বিজ্ঞানৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰ'ব।
প্ৰাথমিক জীবন (১৮৩১–১৮৩৯)

জেমছ ক্লাৰ্ক মেক্সৱেলৰ ১৮৩১ চনৰ ১৩ জুনত এডিনবাৰ্গৰ ১৪ ইণ্ডিয়া ষ্ট্ৰীটত জন্ম হয়।১৩ তেওঁৰ পিতৃজন ক্লাৰ্ক মেক্সৱেল অৱ মিডলবি (এজন এডভ’কেট) আৰু মাতৃ ফ্ৰান্সেছ কে আছিল।১৪১৫ ফ্ৰান্সেছ ৰ’বাৰ্ট হডচন কেৰ কন্যা আৰু জন কেৰ ভগ্নী আছিল। তেওঁৰ পিতৃ পেনিকুইক পৰিয়ালৰ সম্ভ্ৰান্ত ব্যক্তি আছিল আৰু তেওঁলোকে বেৰ’নেট পদবী ভোগ কৰি আহিছিল।১৬ তেওঁৰ বৰদেউতাক আছিল ষষ্ঠ বেৰ'নেট।১৭
তেওঁৰ পিতৃদত্ত নাম আছিল "জন ক্লাৰ্ক", কিন্তু ১৭৯৩ চনত শিশু অৱস্থাতে, মেক্সৱেল পৰিয়ালৰ মিডলবি সম্পত্তিৰ উত্তৰাধিকাৰিত্ব লাভ কৰাত তেওঁৰ নামত "মেক্সৱেল" যোগ কৰা হয়।১৪ ১৮
মেক্সৱেলৰ পিতৃ-মাতৃ বিবাহ পাশত আবদ্ধ হওঁতে তেওঁলোকৰ বয়স ত্ৰিশ পাৰ হৈছিল।১৯ মেক্সৱেলৰ জন্মৰ সময়ত তেওঁৰ মাতৃৰ বয়স প্ৰায় ৪০ আছিল। ইতিমধ্যে তেওঁলোকৰ আৰু এটি কন্যা সন্তান আছিল, নাম এলিজাবেথ। শৈশৱতে এলিজাবেথৰ মৃত্যু হৈছিল।২০
মেক্সৱেলৰ শিশু অৱস্থাতে তেওঁৰ পৰিয়াল গ্লেনলেয়াৰলৈ উঠি যায়। ১,৫০০ একৰ (৬১০ হেক্টৰ) সম্পত্তিৰ ওপৰত অৱস্থিত এই ভৱনটো তেওঁৰ পিতৃ-মাতৃয়ে নিৰ্মাণ কৰিছিল।২১ বাল্যকালৰ পৰাই মেক্সৱেল কৌতূহলপ্ৰৱণ আছিল।২২ তিনিবছৰ বয়সতে যিকোনো বস্তুৰ গতি, চকমকনি বা শব্দত তেওঁ সদায় প্ৰশ্ন কৰিছিল, “এয়া কেনেকৈ হৈছে?”২৩
১৮৩৪ চনত তেওঁৰ পিতৃয়ে তেওঁৰ খুড়ী জেন কেলৈ লিখা এখন চিঠিত সংযোজন কৰা এটি অংশত তেওঁৰ মাতৃয়ে এই জন্মগত কৌতূহলতা বৰ্ণনা কৰিছিল: “সি বৰ ৰঙিয়াল ল'ৰা আৰু বতৰ ভাল হোৱাৰ পিছৰ পৰাই অনেক উন্নতি কৰিছে; দৰ্জা, তলা, চাবি আদি ব্যৱহাৰত তাৰ যথেষ্ট উৎসাহ আছে, আৰু ‘মোক দেখুওৱা ই কিদৰে কাম কৰে’ কথাষাৰ সদায় তাৰ মুখত লাগি থাকে। সি লুকাই থকা নৈৰ দিশো অনুসন্ধান কৰে...."২৪
তথ্যসূত্ৰ
- ↑ O'Connor, J.J.; Robertson, E.F. (November 1997). James Clerk Maxwell. School of Mathematical and Computational Sciences University of St Andrews
- ↑ Topology and Scottish mathematical physics. University of St Andrews
- ↑ Nahin, P.J. (1992). Maxwell's grand unification. IEEE Spectrum. পৃ. 45
- ↑ Maxwell, James Clerk. (1865). A dynamical theory of the electromagnetic field. Philosophical Transactions of the Royal Society of London. পৃ. 459–512 (This article accompanied an 8 December 1864 presentation by Maxwell to the Royal Society. His statement that "light and magnetism are affections of the same substance" is at page 499.)
- ↑ Tapan K. Sakar, Magdalena Salazar-Palma, Dipak L. Sengupta; James Clerk Maxwell: The Founder of Electrical Engineering; 2010 Second Region 8 IEEE Conference on the History of Communications; IEEE
- ↑ Johnson, Kevin. Kinetic Theory of Gases. Maths History
- ↑ Everett, Francis. (2006-12-01). James Clerk Maxwell: a force for physics. Physics World
- ↑ Hunt, Brian R.; Yorke, James A. (1993). Maxwell on Chaos. Nonlinear Science Today
- ↑ Gardini, Laura; Grebogi, Celso; Lenci, Stefano. (2020-10-01). Chaos theory and applications: a retrospective on lessons learned and missed or new opportunities. Nonlinear Dynamics. পৃ. 643–644
- ↑ Bramwell, Steven T. (2017-08-02). The invention of dimension. Nature Physics. পৃ. 820
- ↑ Tolstoy, Ivan. (1981). James Clerk Maxwell: a biography. University of Chicago Press. পৃ. 2. ISBN 0-226-80785-1
- ↑ McFall, Patrick. (23 April 2006). Brainy young James wasn't so daft after all. The Sunday Post. maxwellyear2006.org
- ↑ Early day motion 2048. UK Parliament
- ↑ Harman 2004, পৃ. 506
- ↑ Waterston Macmillan Shearer 2006, পৃ. 633
- ↑ Laidler, Keith James. (2002). Energy and the Unexpected. Oxford University Press. পৃ. 49. ISBN 978-0-19-852516-5
- ↑ Maxwell, James Clerk. (2011). The Scientific Papers of James Clerk Maxwell. Cambridge University Press. ISBN 978-1-108-01225-6
- ↑ Jemima Blackburn. Gazetteer for Scotland
- ↑ Tolstoy, Ivan. (1981). James Clerk Maxwell: a biography. University of Chicago Press. পৃ. 11. ISBN 0-226-80785-1
- ↑ Campbell 1882, পৃ. 1
- ↑ Mahon 2003, পৃ. 186–187
- ↑ Tolstoy, Ivan. (1981). James Clerk Maxwell: a biography. University of Chicago Press. পৃ. 13. ISBN 0-226-80785-1
- ↑ Mahon 2003, পৃ. 3
- ↑ Campbell 1882, পৃ. 27
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেমছ ক্লাৰ্ক মেক্সৱেল” প্ৰবন্ধৰ সংশোধন ৬২৪০৬৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।