অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুভাষ মুখোপাধ্যায়

সুভাষ মুখোপাধ্যায় (Subhash Mukherjee; ১৬ জানুৱাৰী ১৯৩১ – ১৯ জুন ১৯৮১) এজন ভাৰতীয় বিজ্ঞানী আৰু চিকিৎসক। তেওঁ ইন-ভিট্ৰ' ফাৰ্টিলাইজেচন পদ্ধতি ব্যৱহাৰ কৰি বিশ্বৰ দ্বিতীয় আৰু ভাৰতৰ প্ৰথম মানৱ সন্তান কানুপ্ৰিয়া আগৰৱালক (দুৰ্গা) জন্ম দিয়াইছিল।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ৫৪৬ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সুভাষ মুখোপাধ্যায় (Subhash Mukherjee; ১৬ জানুৱাৰী ১৯৩১ – ১৯ জুন ১৯৮১) এজন ভাৰতীয় বিজ্ঞানী আৰু চিকিৎসক। তেওঁ ইন-ভিট্ৰ' ফাৰ্টিলাইজেচন পদ্ধতি ব্যৱহাৰ কৰি বিশ্বৰ দ্বিতীয় আৰু ভাৰতৰ প্ৰথম মানৱ সন্তান কানুপ্ৰিয়া আগৰৱালক (দুৰ্গা) জন্ম দিয়াইছিল। ১৯৭৮ চনত যুক্তৰাজ্যত প্ৰথম আইভিএফ সন্তান জন্ম দিয়াৰ মাত্ৰ ৬৭ দিনৰ পিছত কানুপ্ৰিয়াই জন্মগ্ৰহণ কৰিছিল। ১ পৰৱৰ্তী পৰ্যায়ত ড° সুভাষ মুখোপাধ্যায় তৎকালীন পশ্চিমবংগ ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ হাৰাশাস্তি সন্মুখীন হৈছিল আৰু তেওঁৰ এই কৃতিত্ব আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক মহলৰ সৈতে ভাগ-বতৰা কৰিবলৈ দিয়া হোৱা নাছিল। ২ হতাশ হৈ ১৯৮১ চনৰ ১৯ জুনত তেওঁ আত্মহত্যা কৰে। ৩ ৪

তেওঁৰ জীৱন আৰু মৃত্যু বাতৰি কাকতৰ আলোচনাৰ বিষয় হৈ পৰিছিল। তপন সিনহাৰ পৰিচালনাত ১৯৯০ চনত হিন্দী ভাষাত নিৰ্মিত আৰু দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী এক ডাক্তৰ কি মৌত ডাঃ মুখোপাধ্যায়ৰ জীৱন কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত। ৫ ৬

প্ৰাৰম্ভিক জীৱন

১৯৩১ চনৰ ১৬ জানুৱাৰীত ব্ৰিটিছ ভাৰতৰ বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ (বৰ্তমানৰ ঝাৰখণ্ডৰ) হাজাৰীবাগত এটা ব্ৰাহ্মণ পৰিয়ালত মুখোপাধ্যায়ৰ জন্ম হয়। তেওঁ কলিকতা বিশ্ববিদ্যালয়ত শৰীৰবিজ্ঞানত বি এছ চি (অনাৰ্ছ) অধ্যয়ন কৰে (১৯৪৯)। ইয়াৰ পিছত তেওঁ তেতিয়াৰ কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলিকতা জাতীয় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ (১৯৫৫) ডিগ্ৰী লয়। ৭ পিছলৈ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয় চৌহদৰ পৰা অধ্যাপক সচ্চিদানন্দ বেনাৰ্জীৰ তত্বাৱধানত ‘প্ৰজনন শৰীৰবিজ্ঞান’ বিষয়ত পি এইচ ডি (১৯৫৮) লাভ কৰে। ১৯৬৭ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা “ৰিপ্ৰডাক্টিভ এণ্ডক্ৰাইন’লজী”ত পি এইচ ডি লয়।

কৰ্মজীৱন

কলকাতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ সম্পূৰ্ণ কৰাৰ পিছত ১৯৬৭ চনৰ পৰা ১৯৭৫ চনলৈ কলকাতাৰ নীলৰতন চিৰকাৰ চিকিৎসা মহাবিদ্যালয়ত শৰীৰবিজ্ঞানৰ প্ৰবক্তা, ৰিডাৰ আৰু অধ্যাপক হিচাপে কাম কৰে।

ক্ৰাইঅ'বায়'লজিষ্ট ডাঃ সৰোজ কান্তি ভট্টাচাৰ্য আৰু গাইনোক'লজিষ্ট সুনীত মুখাৰ্জীৰ সৈতে কাম কৰাৰ সময়ত তেওঁ ভাৰতৰ প্ৰথমজন চিকিৎসক আৰু ব্ৰিটিছ চিকিৎসক পেট্ৰিক ষ্টেপট' আৰু ৰবাৰ্ট এডৱাৰ্ডছৰ পিছতে বিশ্বৰ ভিতৰত দ্বিতীয়জন চিকিৎসক হিচাপে পৰিগণিত হয় যিয়ে ১৯৭৮ চনৰ ৩ অক্টোবৰত ইন ভিট্ৰ' ফাৰ্টিলাইজেচন প্ৰক্ৰিয়াৰে টেষ্ট টিউব সন্তান "দুৰ্গা" ওৰফে কানুপ্ৰিয়া আগৰৱালক জন্ম দিয়ে। ৮ ৯ ১০

তেওঁ পশ্চিম বংগ ৰাজ্য চৰকাৰৰ জিঘাংসাৰ সন্মুখীন হ’বলগীয়া হয় ১১ আৰু ভাৰত চৰকাৰে তেওঁক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অনুমতি নিদিয়ে। ১২ বংগ চৰকাৰে এজন ৰেডিঅ’ফিজিচিষ্টৰ নেতৃত্বত এটা পেনেল নিযুক্তি দিছিল – য’ত মুখোপাধ্যায়ৰ দাবীসমূহ পৰীক্ষা কৰিবলৈ সদস্য হিচাপে এজন গাইন’কলজিষ্ট, এজন নিউৰ’ফিজিঅ’লজিষ্ট আৰু এজন ফিজিঅ’লজিষ্ট আছিল। সমিতিৰ সদস্যসকল আছিল ড° মৃণাল কুমাৰ দাসগুপ্ত, অধ্যক্ষ ৰেডিঅ'-জ্যোতিৰ্বিজ্ঞানী (কলকাতা বিশ্ববিদ্যালয়), ধীৰেন কুণ্ডু, পাৰমাণৱিক পদাৰ্থবিজ্ঞানী (সাহা প্ৰতিষ্ঠান), ড° জে চি চেটাৰ্জী, গাইন’কলজিষ্ট আৰু ড° অজিত মাইতি, স্নায়ুশৰীৰবিজ্ঞান (কলকাতা বিশ্ববিদ্যালয়)। ১৩ ১৯৮১ চনৰ ১৯ জুনত মুখোপাধ্যায়ে কলিকতাৰ বাসগৃহত কমিটীৰ দ্বাৰা অপমানিত হৈ আত্মহত্যা কৰে। ১৪

তেওঁৰ স্বীকৃতিৰ কৃতিত্ব টি চি আনন্দ কুমাৰক দিয়া হয়, যাক ভাৰতৰ দ্বিতীয় (আনুষ্ঠানিকভাৱে প্ৰথম) টেষ্ট টিউব সন্তানৰ মাষ্টাৰমাইণ্ড হিচাপে গণ্য কৰা হয়। সুভাষ মুখোপাধ্যায়ৰ ব্যক্তিগত টোকাসমূহ পৰ্যালোচনা কৰি কুমাৰে এই সিদ্ধান্তত উপনীত হয় যে এইটো ক্ষেত্ৰত তেওঁ প্ৰথম নহয়। তেওঁক সুদক্ষতাৰে সহায় কৰিছিল মুখোপাধ্যায়ৰ একালৰ সহকৰ্মী সুনীত মুখাৰ্জীয়ে। কুমাৰে মুখোপাধ্যায়ৰ স্মৃতিত প্ৰজনন জীৱবিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ কামত জড়িত আছিল।

তপন সিনহাৰ পৰিচালনাত তেওঁৰ জীৱনৰ আধাৰত এখন ছবি এক ডাক্তৰ কি মৌত নিৰ্মাণ কৰা হয়।

বিলম্বিত স্বীকৃতি

মুখোপাধ্যায়ে স্বীকৃতি পোৱাৰ পূৰ্বৰ বৈজ্ঞানিক তথ্য অনুসৰি হৰ্ষ বৰ্ধন ৰেড্ডী বুৰি (জন্ম ১৬ আগষ্ট ১৯৮৬) ভাৰতৰ প্ৰথম মানৱ টেষ্ট টিউব সন্তান। এই কৃতিত্বৰ ভাগীদাৰ আই আৰ আৰ (আই চি এম আৰ)ৰ সঞ্চালক টি চি আনন্দ কুমাৰৰ। ১৯৯৭ চনত কুমাৰে বিজ্ঞান কংগ্ৰেছত অংশগ্ৰহণ কৰিবলৈ কলকাতালৈ যায়। তাতেই মুখোপাধ্যায়ৰ সকলো গৱেষণামূলক নথি তেওঁৰ হাতত গতাই দিয়া হৈছিল। দুৰ্গাৰ পিতৃ-মাতৃৰ সৈতে কথা পাতি বিষয়টো ভালদৰে পৰীক্ষা কৰাৰ পিছত কুমাৰ নিশ্চিত হয় যে প্ৰকৃততে মুখোপাধ্যায়েই ভাৰতৰ প্ৰথমটো মানৱ টেষ্ট টিউব সন্তানৰ স্থপতিবিদ। ১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Is an "Indian Crab Syndrome" Impeding Indian Science? sciencemag.org. Retrieved 20 August 2013
  2. ↑ "The doctor behind the first Indian life outside the womb – Financial Express"
  3. ↑ (10 May 2010). IVF Pioneer Wins Nobel Prize in Medicine. TopNews.co.uk
  4. ↑ "Beautiful Mind: The story of Dr. Subhas Mukherjee creator of India's first test-tube baby |website=The Times of India"
  5. ↑ (31 July 2022). Dr. Subhas Mukhopadhyay: দড়ির সঙ্গে ঝুলছে মৃতদেহ! হটাৎ কোন রহস্যের আঁধারে নিজের প্রাণ দিয়েছিলেন সুভাষ মুখার্জি?. The Bengali Chronicle
  6. ↑ Site on Dr Mukherjee
  7. ↑ "India reveals deep frozen test-tube baby", K. S. Jayaraman, New Scientist, 19 October 1978
  8. ↑ (5 October 2010). Test tube triumph & tragedy – Nobel for UK scientist stirs memory of a Bengal doctor. The Telegraph
  9. ↑ (4 October 2010). Medicine Nobel for IVF pioneer. হিন্দুস্তান টাইমছ
  10. ↑ "Architect of India's first test tube baby: Dr Subhas Mukerji (16 January 1931 to 19 July 1981)", Current SCience, Vol. 72, No.7, 10 April 1997
  11. ↑ Test tube triumph & tragedy – Nobel for UK scientist stirs memory of a Bengal doctor. The Telegraph
  12. ↑ (4 October 2010). Subhash Mukhopadhyay – the unlucky doctor behind India's first Test-tube baby. Sify.com
  13. ↑ (14 October 2003). Honour fails to cheer doctor's wife. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  14. ↑ Pal, Sanchari. (2018-09-19). The Pioneer of IVF in India Who Was Rewarded With Suicide: Subhash Mukhopadhyay. ED Times · The Youth Blog
  15. ↑ (8 January 2004). Late honour for test tube pioneer. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুভাষ মুখোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৬০২৭৪৪ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।