আলেছেন্দ্ৰো ভল্টা (en-Alessandro Giuseppe Antonio Anastasio Volta)(; ১৮ ফেব্ৰুৱাৰি ১৭৪৫ – ৫ মাৰ্চ ১৮২৭) হৈছে এগৰাকী ইটালীয়ান পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী। তেওঁক বিদ্যুৎ আৰু বিদ্যুৎ শক্তিৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়।১২৩ বৈদ্যুতিক কোষ আৰু মিথেন গেছৰ উদ্ভাৱন তেওঁৰ এক চিৰস্মৰণীয় কীৰ্তি। ১৭৯৯ চনত তেখেতে ভল্টেইক স্তূপ উদ্ভাৱন কৰি ১৮০০ চনত ৰয়েল সমাজৰ সভাপতিলৈ সেই সম্বন্ধীয় ফলাফলৰ দুটা-খণ্ডৰ এখন চিঠি প্ৰেৰণ কৰিছিল। ৪৫ এই উদ্ভাৱনৰ জৰিয়তে ভল্টাই প্ৰমাণিত কৰিছিল যে ৰাসায়নিকভাৱেও বিদ্যুতৰ উৎপাদন সম্ভৱ। তেখেতৰ এই আৱিষ্কাৰে বিপুল পৰিমাণৰ বৈজ্ঞানিক আলোড়ণ সৃষ্টি কৰিলে। তেওঁৰ পথ অনুসৰণ কৰি সমসাময়িক বিজ্ঞানীসকলেও একেজাতীয় পৰীক্ষা কৰিবলৈ আগ্ৰহী হ'ল। পৰৱৰ্তী কালত এনেকৈয়ে বিদ্যুৎ-ৰসায়ন নামৰ ক্ষেত্ৰখনৰ জন্ম হ'ল। ৫
ভল্টাই উদ্ভাৱনসমূহৰ বাবে নেপোলিয়ন বনাপাৰ্টেৰ পৰা প্ৰশংসা লাভ কৰিছিল। ভল্টাক প্ৰায়েই ফৰাচী প্ৰতিষ্ঠান (Institute of France) লৈ আমন্ত্ৰিত কৰা হৈছিল য'ত ভল্টাই উপস্থিত সদস্যসকলক নিজৰ পৰীক্ষাসমূহ প্ৰদৰ্শন কৰিছিল। বোনাপাৰ্টৰ লগত ভল্টাৰ ঘনিষ্ঠতা গঢ়ি উঠিছিল। বনাপাৰ্টে ভল্টাক একাধিক সন্মানেৰে বিভূষিত কৰিছিল। পাভিয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞান বিভাগত ভল্টাই প্ৰায় ৪০ বছৰ কাল অধ্যাপনা কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা বিপুল আদৰ লাভ কৰিছিল।
পেছাগত এই সাফল্য সত্ত্বেও ভল্টা পাৰিবাৰিক জীৱনৰ প্ৰতি অধিক আগ্ৰহী আছিল আৰু জীৱনৰ পৰৱৰ্তী কালছোৱাত তেওঁৰ এই আনুগত্য বাঢ়ি আহিছিল। সেইছোৱা সময়ত তেখেতে ৰাজহুৱা জীৱন প্ৰায় এৰাই চলিছিল আৰু পৰিয়ালৰ মাজত সময় কটাইছিল। বৈদ্যুতিক বিভৱৰ একক ভল্ট তেওঁলৈ উছৰ্গিত।
প্ৰাৰম্ভিক জীৱন আৰু কৰ্ম
বৰ্তমান উত্তৰ ইটালীৰ কোমা নামৰ চহৰ এখনত ভল্টাই জন্মলাভ কৰিছিল। ১৭৪৫ চনৰ ১৮ ফেব্ৰুৱাৰিত। ১৭৯৪ চনত ভল্টাই সম্ভ্ৰান্ত ঘৰৰ ছোৱালী টেৰেছা পেৰেগৰিনীৰ লগত বৈবাহিক বান্ধোনত আবদ্ধ হয়। তেওঁলোকৰ তিনিটি সন্তানৰ নাম হৈছে: জেনিনো, ফ্লেমিনিও আৰু লুইগি। তেওঁৰ দেউতাক ফিলিপিও ভল্টা অভিজাত পৰিয়ালৰ আছিল। আনহাতে মাতৃ দোনা মাডালেনা ইনজাগিছ পৰিয়ালৰ পৰা আহিছিল।৬
১৭৭৪ চনত, ভল্টা কোমো ৰয়েল স্কুলত পদাৰ্থ বিজ্ঞানৰ এগৰাকী অধ্যাপক হিচাপে নিযুক্ত হয়। পৰৱৰ্তী বছৰত, তেখেতে স্থিতি-বিদ্যুৎ উৎপাদন কৰা ইলেক্ট্ৰফ'ৰাছ নামৰ এক বিশেষ সঁজুলি বিকশিত কৰাৰ উপৰিও জনপ্ৰিয় কৰে। এই সঁজুলিবিধৰ প্ৰচাৰ ইমানেই ব্যাপক আছিল যে, তেখেতেক প্ৰায়েই এই সঁজুলিবিধৰ উদ্ভাৱক বুলি কোৱা হয়। যদিওবা একেটা নীতিতেই কাম কৰা এটা যন্ত্ৰৰ বিষয়ে ব্যাখ্যা কৰিছিল ছুইডেনৰ পৰীক্ষক জোহান উইলকেয়ে, ১৭৬২ চনত। ১৭
১৭৭৬ আৰু ১৭৭৮ চনৰ ভিতৰত ভল্টাই গেছৰ ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে। দাহ্য বায়ুৰ সম্পৰ্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেঞ্জামিন ফ্ৰেংকলিনে লিখা এখন বিশেষ গৱেষণাপত্ৰ পঢ়ি ভল্টাই মিথেন আৱিষ্কাৰ কৰাৰ লগতে গৱেষণা কৰে। ১৭৭৬ চনৰ নৱেম্বৰ মাহত তেখেতে মেগিঅৰ হ্ৰদত মিথেন গেছৰ সন্ধান পায়।,৮ আৰু ১৭৭৮ চনৰ আগে আগে তেখেতে মিথেনক পৃথক কৰিবলৈ সক্ষম হয়। ৯ তেখেতে "এটা বন্ধ পাত্ৰত বৈদ্যুতিক স্ফুলিংগৰ দ্বাৰা মিথেনৰ দাহন প্ৰক্ৰিয়া"ৰ দৰে কেতবোৰ পৰীক্ষা কৰিছিল।
ভল্টাই "বৈদ্যুতিক ধাৰকত্ব"ৰ (capacitance) বিষয়েও অধ্যয়ন কৰিছিল। বিভৱ V আৰু আধান Q ৰ বিষয়ে পৃথক অধ্যয়ন কৰি তেখেতে নিৰ্ণয় কৰিছিল যে এটা নিৰ্দিষ্ট বস্তুৰ ক্ষেত্ৰত সেই দুয়োটা আনুপাতিক। ১০ ইয়াক ভল্টাৰ "ধাৰকত্বৰ সূত্ৰ" বুলিও কোৱা হয়। এই বিশেষ কৰ্মৰ বাবেই বৈদ্যুতিক বিভৱৰ একক ভল্ট ৰখা হৈছে।১০
১৭৭৯ চনত তেখেতে পাভিয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হয়। সেইটো পদত তেখেতে প্ৰায় চল্লিছ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰে।
প্ৰকাশিত পুথি
- De vi attractiva ignis electrici (১৭৬৯) (বৈদ্যুতিক জুইৰ আকৰ্ষণ বল On the attractive force of electric fire)
মৃত্যু
১৮২৩ চনত ভল্টাৰ শৰীৰত এটা ৰোগৰ লক্ষণে দেখা দিয়ে। আৰু ১৮২৭ চনত সেই ৰোগত আক্ৰান্ত হৈয়েই তেখেতৰ দেহাৱসান ঘটে।
তথ্যসূত্ৰ
- ↑ Pancaldi, Giuliano. (2003). Volta, Science and Culture in the Age of Enlightenment. Princeton Univ. Press. ISBN 978-0-691-12226-7
- ↑ Alberto Gigli Berzolari, "Volta's Teaching in Como and Pavia" - Nuova voltiana
- ↑ Hall of Fame, Edison
- ↑ Milestones:Volta's Electrical Battery Invention, 1799. ieeeghn.org. IEEE Global History Network
- ↑ Enterprise and electrolysis. rsc.org. Royal Society of Chemistry
- ↑ Life and works. Alessandrovolta.info. Editoriale srl
- ↑ Joh. Carl Wilcke (1762) "Ytterligare rön och försök om contraira electriciteterne vid laddningen och därtil hörande delar" (Additional findings and experiments on the opposing electric charges [that are created] during charging, and parts related thereto) Kongliga Svenska Vetenskaps Academiens Handlingar (Proceedings of the Royal Swedish Science Academy), vol. 23, pages 206–229, 245–266
- ↑ Alessandro Volta, Lettere del Signor Don Alessandro Volta … Sull' Aria Inflammabile Nativa delle Paludi [Letters of Signor Don Alessandro Volta … on the flammable native air of the marshes] (Milan, (Italy): Giuseppe Marelli, 1777)
- ↑ Methane. BookRags
- ↑ Williams, Jeffrey Huw. (2014). Defining and Measuring Nature: The Make of All Things. Morgan & Claypool. ISBN 978-1-627-05278-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেছেন্দ্ৰো ভল্টা” প্ৰবন্ধৰ সংশোধন ৩৮০০০৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।