দীপক কুমাৰ দাস (Dipak Kumar Das) হৈছে এগৰাকী অসমীয়া বিজ্ঞানী৷ তেখেত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা,ISRO ৰ অন্তৰ্গত মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ বৰ্তমানৰ অধ্যক্ষ৷ মহাকাশযান আৰু আনুষংগিক প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ২০১০ চনত ISRO-ASI বঁটা লাভ কৰিছিল৷ ২০২০ চনত তেখেত "পৃথিৱী নিৰীক্ষণ কৃত্ৰিম উপগ্ৰহ সমিতি"ৰ সভাপতি হিচাপে নিৰ্বাচিত হয়৷১ ইছ'ৰ' চন্দ্ৰ অভিযান চন্দ্ৰযান প্ৰকল্পতো দীপক কুমাৰ দাস জড়িত আছিল৷ ২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
দীপক কুমাৰ দাসৰ জন্ম হৈছিল অসমৰ শুৱালকুছিত৷ তেখেতে কটন কলেজৰ পৰা ১৯৭৬-৭৮ৰ সময়ছোৱাত শিক্ষাগ্ৰহণ কৰিছিল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তিবিদ্যা বিভাগত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল৷ ৩
কৰ্মজীৱন
ইছৰ'ৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰতেই দীপক কুমাৰ দাসে ১৯৮৩ চনত কৰ্মজীৱনৰ পাতনি মেলে৷ তেওঁৰ বিচৰণক্ষেত্ৰ আছিল যোগাযোগ আৰু নেভিগেশ্যন ছেটেলাইটৰ প্ৰযুক্তি৷ আহমেদাবাদৰ বোপাল চৌহদত এটা অত্যাধুনিক ATI ব্যৱস্থা নিৰ্মাণ কৰাত তেওঁ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়৷ দীপক কুমাৰ দাস আহমেদাবাদস্থিত মহাকাশ প্ৰয়োগ কেন্দ্ৰ (SAC)ৰ এগৰাকী বিশিষ্ট বিজ্ঞানী আৰু কেন্দ্ৰটোৰ অধ্যক্ষ৷ এই কেন্দ্ৰটো মহাকাশযানৰ বিভিন্ন যন্ত্ৰ-যন্ত্ৰাংশৰ বিকাশ আৰু নিৰ্মাণৰ লগত জড়িত৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰায় ত্ৰিশটাতকৈও অধিক অভিযানৰ বাবে এই কেন্দ্ৰটোৱে দীপক দাসৰ নেতৃত্বৰ কমিউনিকেশন আৰু নেভিগেশন পে'লোড নিৰ্মাণ কৰিছে৷ সহযোগী প্ৰগ্ৰেম পৰিচালক হিচাপে তেখেতে কেইবাটাও প্ৰকল্পত সহযোগিতা আগবঢ়াইছিল৷ সাতটা নেভিগেছন পে'লোডৰে সমৃদ্ধ নেভিক নক্ষত্ৰমণ্ডল (বা আগতে আইআৰএনএনএছ (IRNSS) বুলি জনাজাত হোৱা) নক্ষত্ৰমণ্ডলৰ নিৰ্মাণ আৰু সেইবোৰক কাৰ্যক্ষম কৰি তোলাৰ আঁৰতো তেখেতে মূল্যৱান বৰঙণি আগবঢ়াইছিল৷ GSAT-11 আৰু GSAT-19ৰ উচ্চ থ্ৰ'পুট কৃত্ৰিম উপগ্ৰহ নিৰ্মাণত তেখেতে ওতপ্ৰোতভাৱে জড়িত আছিল৷ তেখেতৰ নেতৃত্বত বহুকেইটা SATCOM আৰু নেভিগেশন প্ৰযুক্তিৰ বিকাশ সাধন হৈছে৷ ২০১৬ চনৰ মে' মাহৰ পৰা ২০১৮ চনৰ জুনলৈকে তেখেতে সহযোগী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ২০১৮ চনৰ জুলাই মাহত তেখেতে কেন্দ্ৰটোৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়৷ ১ চন্দ্ৰযান-২ অভিযানতো তেখেত জড়িত আছিল৷ ৩৪
স্বীকৃতি আৰু সন্মান
- ২০১০ চনত ইছৰ'-এছআই বঁটা, মহাকাশযান আৰু আনুষংগিক প্ৰযুক্তিলৈ আগবঢ়োৱাৰ অৱদানৰ বাবে৷
- ২০১০ চনত ইছৰ' মেধা বঁটা
- ২০১৫ চনত ইছৰ' পাৰদৰ্শিতা উৎকৃষ্টতা বঁটা
- আন্তৰ্জাতিক মহাকাশবিজ্ঞান একাডেমীৰ (IAA) সংশ্লিষ্ট সদস্য
- আন্তৰ্জাতিক নভোচাৰী সংঘৰ মহাকাশ যোগাযোগ আৰু নেভিগেছন সমিতিৰ (SCAN) সদস্য
- ২০২০ চনত পৃথিৱী নিৰীক্ষণ কৃত্ৰিম উপগ্ৰহ সমিতিৰ সভাপতি৷ ১
তথ্যসূত্ৰ
- ↑ D. K. Das. SAC
- ↑ DK Das: Another Assamese behind Chandrayaan. NE NOW
- ↑ (july 23, 2019). Assam's DK Das part of Chandrayaan-2 Mission. Gplus
- ↑ nenow.in/north-east-news/assam/dk-das-another-as
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপক কুমাৰ দাস” প্ৰবন্ধৰ সংশোধন ৩৮১৩৫০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।