পদ্মশ্ৰী ৱাৰিৱৰ (Padmasree Warrior, জন্মতে- য়েল্লেপেড়ি পদ্মশ্ৰী; তেলেগু: పద్మశ్రీ వారియర్) হৈছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান উদ্যোগী আৰু প্ৰযুক্তিবিদ্যাৰ কাৰ্যবাহী৷ ছিছকো ছিষ্টেমৰ দৰে প্ৰযুক্তিগত কোম্পানীৰ নেতৃত্ব প্ৰদান কৰি তেখেত চৰ্চালৈ আহিছে৷ এইটো কোম্পানীত তেখেতে মুখ্য কাৰিকৰী বিষয়া হিচাপে সাতবছৰৰ বাবে কৰ্মনিৰ্বাহ কৰে৷ একেটা পদতে ৱাৰিৱৰে মট'ৰ'লা কোম্পানীত পাঁচবছৰৰ বাবে কৰ্মদান কৰে৷ আমেৰিকাৰ এনআইঅ' নামৰ কোম্পানীটোত তেখেতে মুখ্য কাৰ্যবাহী বিষয়া হিচাপে জড়িত হয়৷ "এনআইঅ'" হৈছে এটা বৈদ্যুতিক বাহন-নিৰ্মাণকাৰী কোম্পানী৷ বৰ্তমান তেখেত ‘ফেবল’ নামৰ মানসিক সুস্বাস্থ্যজনিত পঢ়ন-মঞ্চখন প্ৰতিষ্ঠা কৰি মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰি আছে৷১ পদ্মশ্ৰী ৱাৰিৱৰ মাইক্ৰ'ছফ্ট ২আৰু ‘স্পটিফাই’ৰ ৩পৰিষদীয় সভাৰ লগতো জড়িত৷
২০১৪ চনত পদ্মশ্ৰী ৱাৰিৱৰক ‘ফৰ্বছ’ আলোচনীয়ে বিশ্বৰ এশগৰাকী শক্তিশালী নাৰীৰ তালিকাভুক্ত কৰে৷ ৪ ২০১৮ চনত পদ্মশ্ৰী ৱাৰিৱৰৰ নামটো “আমেৰিকাৰ প্ৰযুক্তিত শীৰ্ষ ৫০গৰাকী নাৰী”ৰ তালিকাত অন্তৰ্ভুক্ত হয়৷৫
প্ৰাৰম্ভিক জীৱন
য়েল্লেপেড়ি পদ্মশ্ৰীৰ জন্ম হৈছিল অন্ধ্ৰপ্ৰদেশ, ভাৰতৰ বিজয়ৱাড়াস্থিত এটি তেলুগু ভাষা পৰিয়ালত৷ ৬বিজয়ৱাড়াতে থকা ছিলড্ৰেন'ছ মণ্টেচ্ছৰী বিদ্যালয় আৰু মেৰিছ ষ্টেলা কলেজত পদ্মশ্ৰীয়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ ১৯৮২ চনত পদ্মশ্ৰী ৱাৰিৱৰে আইআইটি, দিল্লীৰ পৰা ৰসায়নিক অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷৭৮ পৰৱৰ্তী সময়ত পদ্মশ্ৰী ৱাৰিৱৰে একেটা বিষয়তে কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ ৯
কৰ্মজীৱন
ম'ট'ৰলা
১৯৮৪ চনত ৱাৰিৱৰে ম'ট'ৰ'লাত যোগদান কৰে৷১০ প্ৰায় তেইশ বছৰৰো অধিক সময় কোম্পানীত কাম কৰি পদ্মশ্ৰীয়ে ম'ট'ৰ'লাৰ এনাৰ্জি ছিষ্টেমছ গোটৰ ক'ৰ্পৰেট উপ-অধ্যক্ষ আৰু মহাপ্ৰবন্ধকৰ দায়িত্ব পালন কৰে৷ তেখেতে ফ্ৰিস্কেল ছেমিকণ্ডাক্টৰছ খণ্ডতো মুখ্য কাৰিকৰী বিষয়া আৰু কৰ্পোৰেট উপ-অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰে৷১০ ম'ট'ৰ'লাৰ মুখ্য কাৰিকৰী বিষয়া হোৱাৰ ঠিক আগে-আগে পদ্মশ্ৰীয়ে ম'ট'ৰ'লাৰে থটবিমত মহাপ্ৰবন্ধকৰ দায়িত্ব পালন কৰে৷ ২০০৩ চনৰ জানুৱাৰী মাহত তেখেত ম'ট'ৰ'লাৰ মুখ্য কাৰিকৰী বিষয়াৰ পদত অধিষ্ঠিত হয় আৰু কোম্পানীটোৰ জ্যেষ্ঠ উপ-অধ্যক্ষৰ আসনত বহে৷ ২০০৫ চনত তেখেত কাৰ্যবাহী উপ-অধ্যক্ষলৈ পদোন্নতি হয়৷১১১২
চিছকো
২০০৭ চনৰ ৪ ডিচেম্বৰত, পদ্মশ্ৰী ৱাৰিৱৰে ম'ট'ৰলাৰ পৰা প্ৰস্থান কৰি চিছকো ছিষ্টেমছত যোগদান কৰে৷ চিছকোত তেখেত মুখ্য কাৰিকৰী বিষয়াৰ পদটো চম্ভালে৷১৩ উক্ত পদত তেখেত ২০১৫ চনৰ জুন মাহ পৰ্যন্ত থাকে৷ ১৪
এনআইঅ'
২০১৫ চনৰ ডিচেম্বৰ মাহত পদ্মশ্ৰীয়ে চীনা বৈদ্যুতিক কাৰ কোম্পানী "NIO"ত পৰিষদীয় সদস্য, মুখ্য কাৰ্যবাহী বিষয়া আৰু মুখ্য বিকাশ বিষয়া হিচাপে যোগদান কৰে৷ ২০১৮ চনৰ ডিচেম্বৰ মাহত তেখেতে এই পদ ত্যাগ কৰে৷১৫
ফেবল
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ৱাৰিৱৰে ‘ফেবল’ নামৰ ষ্টাৰ্ট আপ এটা আৰম্ভ কৰে৷ কোম্পানীটোত তেখেতে অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰি আছে৷২ ২০২১ চনৰ জানুৱাৰীত ফেবলে এটা এপ উন্মোচন কৰে৷ এইটো এটা ছাবস্ক্ৰিপছন-ভিত্তিক কিতাপ-পৰামৰ্শৰ মঞ্চ আৰু ব্যক্তিগত ছ'ছিয়েল নেটৱৰ্ক৷১ ৱাৰিৱৰে কৈছে যে-তেওঁলোকে মানুহৰ বোধগত সবলতা বিকাশৰ হকে কাম কৰিছে৷১৬
ব্যক্তিগত জীৱন
পদ্মশ্ৰী ৱাৰিৱৰে মোহনদাস ৱাৰিৱৰৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে৷ তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে৷ ১৭১৮
তথ্যসূত্ৰ
- ↑ (14 January 2021). Can former Cisco CTO Padmasree Warrior build a better social network for book lovers?. Fortune
- ↑ (2 December 2015). Padmasree Warrior. Microsoft
- ↑ rs.spotify.com/governance/board-of-directors/person-details/default.aspx?ItemId=9f7ee6d2-b628-4247-bbf4-f7717d58204a Padmasree Warrior. Spotify
- ↑ The World's 100 Most Powerful Women. Forbes
- ↑ Padmasree Warrior. Forbes
- ↑ NextEV's Padmasree Warrior on Studio 1.0 - Bloomberg
- ↑ (23 August 2004). IIT-Delhi Award goes to Padmasree Warrior, CTO Motorola. The Economic Times. Bennett, Coleman & Co. Ltd
- ↑ (18 February 2012). IIT alumni dominate global Indian tech influencers list. The Times of India. Bennett, Coleman & Co. Ltd
- ↑ Gilpin, Lyndsey. Cisco CTO Padmasree Warrior: Engineer, Artist, Business Leader, Sage. TechRepublic. ZDNet
- ↑ Padmasree Warrior. VideoLectures.Net
- ↑ Padmasree Warrior Biography from Motorola
- ↑ WITI – Hall of Fame
- ↑ Savitz, Eric. Cisco Names Padmasree Warrior Chief Technology Officer. Tech Trader Daily. Barron's
- ↑ Report: Cisco CTO Warrior is leaving the company
- ↑ Chinese Tesla competitor NIO loses its US chief executive, Padmasree Warrior
- ↑ Fable is working to improve cognitive fitness, says CEO Padmasree Warrior. Business Insider
- ↑ McAlone, Nathan. 12 spouses who are lucky to be married to the most powerful women in Silicon Valley. Business Insider
- ↑ 5 things you didn't know about Cisco's Warrior. CNN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মশ্ৰী ৱাৰিৱৰ” প্ৰবন্ধৰ সংশোধন ৪৮৫২১১ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।