বিজয়লক্ষ্মী ৰবীন্দ্ৰনাথ (Vijayalakshmi Ravindranath; জন্ম ১৮ অক্টোবৰ ১৯৫৩) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী। বৰ্তমান তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ চেণ্টাৰ ফৰ নিউৰ’ছায়েন্সৰ অধ্যাপিকা। তেওঁ গুৰগাঁৱৰ ৰাষ্ট্ৰীয় মগজু গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালিকা (২০০০-০৯) আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ স্নায়ুবিজ্ঞান কেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তেওঁৰ আগ্ৰহৰ মূল ক্ষেত্ৰ হৈছে এলঝেইমাৰ আৰু পাৰ্কিনছনৰ দৰে স্নায়ুৰ অৱক্ষয়ী ৰোগকে ধৰি মগজু সম্পৰ্কীয় বিকাৰৰ অধ্যয়ন।১২ তেওঁ বাংগালুৰুৰ চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্চৰ প্ৰতিষ্ঠাপক সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩
শিক্ষা আৰু কৰ্মজীৱন
ৰবীন্দ্ৰনাথে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা বি. এছচি. আৰু এম.এছচি. ডিগ্ৰী লাভ কৰি ১৯৮১ চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত পিএইচ.ডি. লাভ কৰে আৰু আমেৰিকাৰ নেচনেল কেন্সাৰ ইনষ্টিটিউটত প'ষ্ট ডক্টৰেট ফেল' হিচাপে কাম কৰে। তেওঁ বাংগালোৰৰ নেচনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থ এণ্ড নিউৰ'চাইন্সেছত যোগদান কৰিছিল, য'ত তেওঁ মানৱ মস্তিষ্কৰ বিপাক ক্ষমতাৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু বিশেষকৈ মনোবৈজ্ঞানিক ঔষধ আৰু পৰিৱেশৰ বিষাক্ত পদাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।৪ ১৯৯৯ চনত ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগক ভাৰতত স্নায়ুবিজ্ঞান গৱেষণা গোটসমূহৰ সমন্বয় আৰু নেটৱৰ্ক স্থাপনৰ বাবে ৰাষ্ট্ৰীয় মগজু গৱেষণা কেন্দ্ৰ স্থাপন কৰাত সহায় কৰে।৫
বঁটা আৰু স্বীকৃতি
ৰবীন্দ্ৰনাথ ভাৰতীয় বিজ্ঞান একাডেমী, ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী আৰু চিকিৎসা বিজ্ঞান একাডেমী, ভাৰতীয় স্নায়ু বিজ্ঞান একাডেমী আৰু তৃতীয় বিশ্ব বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেলো।৬৭
- ১৯৯৬ চনত চিকিৎসা বিজ্ঞানৰ বাবে শান্তি স্বৰূপ ভাটনগৰ বঁটা৷৮
- ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ কে পি ভাৰ্গৱ পদক৷
- ২০০১ চনত বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে ওম প্ৰকাশ ভাচিন বঁটা৷৯
- জে.চি. বসু ফেল'শ্বিপ (২০০৬)৷
- ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এছ.এছ.ভাটনগৰ বঁটা (২০১৬)৷
- ২০১০ চনত পদ্মশ্ৰী সন্মান৷১০
তথ্যসূত্ৰ
- ↑ Prof. Vijayalakshmi Ravindranath. Indian Institute of Science
- ↑ Ravindranath. Lilavathi Daughters
- ↑ Centre for Brain Research
- ↑ Awardee Details: Shanti Swarup Bhatnagar Prize
- ↑ (2016-08-16). Biographical Sketch of Dr. Vijayalakshmi Ravindranath
- ↑ (2016). List of Fellows. National Academy of Medical Sciences
- ↑ Archived copy
- ↑ Career in CSIR. www.csir.res.in
- ↑ Shri Om Prakash Bhasin Awards – Health and Medical Sciences
- ↑ Indian Fellow, Dr V Ravindranath. Indian National Science Academy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়লক্ষ্মী ৰবীন্দ্ৰনাথ” প্ৰবন্ধৰ সংশোধন ৫০৮১৯২ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।