অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰেম চৌধুৰী

প্ৰেম চৌধুৰী (ইংৰাজী: Prem Chowdhry) এগৰাকী ভাৰতীয় সমাজ বিজ্ঞানী, ইতিহাসবিদ, আৰু নতুন দিল্লীস্থিত “ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট'ৰিকেল ৰিচাৰ্চ”ৰ জ্যেষ্ঠ শৈক্ষিক সভ্য। তেওঁ এগৰাকী নাৰীবাদী আৰু আনুষ্ঠানিক বিবাহ অস্বীকাৰ কৰা দম্পতীৰ বিৰুদ্ধে হোৱা হিংসাৰ সমালোচক।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৬৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

প্ৰেম চৌধুৰী (ইংৰাজী: Prem Chowdhry) এগৰাকী ভাৰতীয় সমাজ বিজ্ঞানী, ইতিহাসবিদ,১ আৰু নতুন দিল্লীস্থিত “ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট'ৰিকেল ৰিচাৰ্চ”ৰ জ্যেষ্ঠ শৈক্ষিক সভ্য।২ তেওঁ এগৰাকী নাৰীবাদী৩ আৰু আনুষ্ঠানিক বিবাহ অস্বীকাৰ কৰা দম্পতীৰ বিৰুদ্ধে হোৱা হিংসাৰ সমালোচক।৪

লিংগ অধ্যয়ন, ৰাজনৈতিক অৰ্থনীতিৰ কৰ্তৃত্ব আৰু ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ সামাজিক ইতিহাসৰ এগৰাকী সুপৰিচিত পণ্ডিত।৫৬

কৰ্মজীৱন

প্ৰেম চৌধুৰী মহিলা অধ্যয়ন কেন্দ্ৰৰ আজীৱন সদস্য।৭৮ ইয়াৰ উপৰিও তেওঁ নতুন দিল্লীৰ “ভাৰতীয় সামাজিক অনুসন্ধান পৰিষদ” (Indian Council of Social Science Research)ৰ দ্বাৰা সমৰ্থিত “নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল”ৰ এক উন্নত অধ্যয়ন গোট সমসাময়িক অধ্যয়ন কেন্দ্ৰতো কাম কৰিছে।৯

প্ৰেম চৌধুৰী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ,১০ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ শৈক্ষিক সভ্য।

বিশ্বৰ বহুতো জনপ্ৰিয় সংবাদ মাধ্যমত চৌধুৰীয়ে তেওঁৰ বিশেষজ্ঞ মন্তব্য আগবঢ়াইছে। উদাহৰণ স্বৰূপে ভাৰতত কন্যা সন্তান জন্ম দিয়াৰ বিৰুদ্ধে পক্ষপাতিত্বৰ প্ৰভাৱৰ বিষয়ে দ্য গাৰ্ডিয়ানত১১ (The Guardian), "সন্মান হত্যা"ৰ বিষয়ে দ্য গাৰ্ডিয়ান১২, এছ'চিয়েটেড প্ৰেছ১৩ (Associated Press), টাইম১৪ (TIME), আৰু ৰয়টাৰ্ছ১৫ (Reuters), হাৰিয়ানাৰ সামাজিক গাঁথনিৰ বিষয়ে দ্য ষ্টেটছমেন১৬ (The Statesman), হাৰিয়ানাৰ সামাজিক গাঁথনি আৰু ইয়াৰ সৈতে দলিত মহিলা ধৰ্ষণৰ সম্পৰ্ক কেনেকুৱা এই বিষয়ে এন.পি.আৰ.১৭ (NPR), ভাৰতীয় চলচ্চিত্ৰৰ ৰাজনৈতিক ইতিহাসৰ বিষয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ১৮ (The Indian Express) আৰু ভাৰতত মহিলাৰ উত্তৰাধিকাৰৰ অধিকাৰৰ বিষয়ে ৰয়টাৰ্ছ আদি আলোচনীত লিখিছে।১৯ ২০০৪ চনত তেওঁৰ মডাৰ্ণ এছিয়ান ষ্টাডিজত (Modern Asian Studies) প্ৰকাশিত "প্ৰাইভেট লাইভছ, ষ্টেট ইণ্টাৰভেনচন: কেছেছ অৱ ৰানৱে মেৰেজ ইন ৰুৰেল নৰ্থ ইণ্ডিয়া" (Private Lives, State Intervention: Cases of Runaway Marriage in Rural North India) নামৰ প্ৰবন্ধটো ২০০৬ চনত কানাডাৰ অনুপ্ৰৱেশ আৰু শৰনাৰ্থী আয়োগে উদ্ধৃত কৰিছিল।২০

তেখেতে দ্য ট্ৰিবিউনত (The Tribune) আন্তঃজাতি বিবাহৰ সৈতে জড়িত হিংসাৰ বিষয়েও ধাৰাবাহিকভাৱে প্ৰবন্ধ লিখিছে,২১ আৰু দৰিদ্ৰতা হ্ৰাস কৰিবলৈ ছোৱালী শিক্ষাত বিনিয়োগ কৰাৰ পোষকতা কৰিছে।২২

শিল্পী জীৱন

প্ৰেম চৌধুৰী এগৰাকী স্ব-শিক্ষিত চিত্ৰ শিল্পী।২৩২৪ তেওঁৰ চিত্ৰকলা ভাৰতৰ “নেচনেল গেলেৰী” আৰু ভাৰতৰ “নেচনেল একাডেমী অৱ ফাইন আৰ্টছ” আৰু ভাৰতৰ “ললিত কলা একাডেমী”ত সংৰক্ষিত কৰা হৈছে। ১৯৭০ চনত তেওঁ প্ৰথম চিত্ৰ প্ৰদৰ্শনীৰ আৰম্ভ কৰিছিল। তেওঁৰ চিত্ৰসমূহৰ প্ৰায়ভাগেই ভাৰতীয় মহিলাৰ মৰ্যাদাৰ স্বৰূপ প্ৰতিফলিত কৰে।২৫২৬

গ্ৰন্থ

প্ৰেম চৌধুৰীয়ে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। সেই গ্ৰন্থসমূহ হৈছে ১৯৮৪ চনত প্ৰকাশিত পঞ্জাব পলিটিক্স: দ্য ৰোল অৱ ছাৰ ছোটু ৰাম (Punjab politics: the role of Sir Chhotu Ram), ১৯৯৪ চনত প্ৰকাশিত দ্য ভেইলেড উইমেন: শ্বিফটিং জেণ্ডাৰ ইকুৱেচন ইন ৰুৰেল হাৰিয়ানা (The Veiled Women: Shifting Gender Equations In Rural Haryana), ২০০০ চনত প্ৰকাশিত কলনিয়েল ইণ্ডিয়া এণ্ড দ্য মেকিং অৱ এম্পায়াৰ চিনেমা: ইমেজ, আইডিঅলজি এণ্ড আইডেনটিটি (Colonial India and the Making of Empire Cinema: Image, Ideology and Identity), ২০০৯ চনত প্ৰকাশিত কনটেনটিয়াছ মেৰেজেছ, এল’পিং ক’পলছ: জেণ্ডাৰ, কাষ্ট, এণ্ড পেট্ৰিয়েচী ইন নৰ্ডান ইণ্ডিয়া (Contentious Marriages, Eloping Couples: Gender, Caste, and Patriarchy in Northern India), ২০১০ চনত জেণ্ডাৰ ডিছক্ৰিমিনেচন ইন লেণ্ড অ’নাৰশ্বিপ (Gender Discrimination in Land Ownership), ২০১১ চনত প্ৰকাশিত পলিটিকেল ইক’নমি অৱ প্ৰডাক্সন এণ্ড ৰিপ্ৰডাক্সন (Political Economy of Production and Reproduction), আৰু ২০১১ চনত প্ৰকাশিত আণ্ডাৰষ্টেণ্ডিং পলিটিক্স এণ্ড ছছাইটি – হড়ৱৰী লাল (Understanding Politics And Society – Hardwari Lal)। ইয়াৰ লগতে তেওঁ জাৰ্নেল আৰু আলোচনীত বিভিন্ন প্ৰবন্ধ তথা গৱেষণা পত্ৰও প্ৰকাশ কৰিছে।

ব্যক্তিগত জীৱন

প্ৰেম চৌধুৰী হাৰিয়ানাৰ শিক্ষাবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ২৭ হড়ৱৰী লালৰ কন্যা।২৮

তথ্যসূত্ৰ

  1. ↑ Different Types of History Part 4 of History of science, philosophy and culture in Indian civilization. Ray, Bharati. Pearson Education India, 2009
  2. ↑ Sage Publishing: Prem Chowdhry Affiliations
  3. ↑ Anagol, Padma. (2005). The Emergence of Feminism in India, 1850–1920. Ashgate Publishing Company. ISBN 9780754634119
  4. ↑ 'Khaps Have To Reform', Sheela Reddy, Outlook India, July 2010
  5. ↑ Geetha, V. (June 11, 2012). Power, violence and Dalit women. দ্য হিন্দু
  6. ↑ Oxford University Press
  7. ↑ India Court of Women on Dowry and Related Forms of Violence against Women, 2009
  8. ↑ Centre for Women's Development StudiesCWDS About Us
  9. ↑ Law and Social Science Research Network, Nehru Memorial Museum & Library 2008
  10. ↑ JNU Alumni Association
  11. ↑ Ramesh, Randeep. (July 28, 2007). Foetuses aborted and dumped secretly as India shuns baby girls. The Guardian
  12. ↑ Burke, Jason. (June 25, 2010). Triple murder in India highlights increase in 'honour killings'. The Guardian
  13. ↑ George, Nirmala. (July 12, 2010). Divorce or die -- old rules clash with new India. Boston.com. Associated Press
  14. ↑ Singh, Madhur. (May 25, 2010). Why Are Hindu Honor Killings Rising in India?. টাইম
  15. ↑ Denyer, Simon. (May 15, 2008). Indian village proud after double "honor killing". ৰয়টাৰ্ছ
  16. ↑ Gursoy, Rabia; Jalali, Falah. (August 24, 2020). Black and white selfies on social media bring awareness to violence against women. The Statesman
  17. ↑ McCarthy, Julie. (February 8, 2013). Outside The Big City, A Harrowing Sexual Assault In Rural India. NPR
  18. ↑ Rathi, Nandini. (August 11, 2017). 1930s imperial propaganda: How star-studded western films justified British colonialism. The Indian Express
  19. ↑ (March 13, 2019). As property prices rise, more Indian women claim inheritance. Mint. ৰয়টাৰ্ছ
  20. ↑ (January 9, 2006). RESPONSES TO INFORMATION REQUESTS (RIRs). www.justice.gov. Immigration and Refugee Board of Canada
  21. ↑ Chowdhry, Prem. (July 19, 2019). Violence around inter-caste marriages. The Tribune
  22. ↑ Chowdhry, Prem. (February 11, 2020). Invest in education for girls to reduce poverty. The Tribune
  23. ↑ Chowdhry, Prem (artist). (2008). Scarlet Woman. Chicago Journals
  24. ↑ Chowdhry, Prem. (Autumn 2010). Illustration. Signs: Journal of Women in Culture and Society. পৃ. Front cover
  25. ↑ Salwat, Ali. (1 February 2008). The Art of Dialogue. Newsline Magazine Retrieved 21 February 2015
  26. ↑ Jayetilleke, Rohan. (June 2, 2004). Prem Chowdry explores life. Daily News
  27. ↑ Social Scientist. v 21, no. 244-46 (Sept–Nov 1993) p. 112
  28. ↑ Reformist revisited, Humra Quraishi, The Tribune India. 27 March 2011

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীভাৰতীয় শিক্ষাবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেম চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৯১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।