অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়াশ্ৰী ৰামাদাস

জয়াশ্ৰী ৰামাদাস (Jayashree Ramadas) (তাছকাৰ) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ ভাৰতৰ মুম্বাইস্থিত টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ হোমি ভাভা চেণ্টাৰ ফৰ চাইন্স এডুকেচন (এইচবিচিএছই)ৰ কেন্দ্ৰ সঞ্চালিকা (২০১১–২০১৬) আছিল।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জয়াশ্ৰী ৰামাদাস (Jayashree Ramadas) (তাছকাৰ) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ ভাৰতৰ মুম্বাইস্থিত টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ হোমি ভাভা চেণ্টাৰ ফৰ চাইন্স এডুকেচন (এইচবিচিএছই)ৰ কেন্দ্ৰ সঞ্চালিকা (২০১১–২০১৬) আছিল।১ এগৰাকী অধ্যাপিকা হিচাপে তেওঁ জ্ঞান আৰু বিজ্ঞান শিক্ষাৰ সৈতে জড়িত স্নাতক পাঠ্যক্ৰম শিকায়। ইয়াৰ উপৰিও তেওঁ আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰায়োগিক পদাৰ্থ বিজ্ঞান সংঘ আৰু আন্তৰ্জাতিক পদাৰ্থ বিজ্ঞান শিক্ষা সমিতিৰ সদস্য।২৩ ২০০৮ চনৰ নৱেম্বৰ মাহত ৰামাদাসক এইচ.বি.চি.এছ.ই.-ৰ ডিন হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০১১ চনৰ জুনত তেওঁক কেন্দ্ৰৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। তেওঁ বৰ্তমান হায়দৰাবাদৰ টি.আই.এফ.আৰ. চেণ্টাৰ ফৰ ইণ্টাৰডিসিপ্লিনৰী ষ্টাডিজৰ অধ্যাপক।৪

প্ৰাৰম্ভিক জীৱন

১৯৫৪ চনত বম্বে (বৰ্তমান মুম্বাই)ত জন্মগ্ৰহণ কৰিছিল জয়াশ্ৰী ৰমাদাস (তাস্কৰ)ৰ। তেওঁৰ দেউতাক আছিল এজন টেলিকমিউনিকেচন ইঞ্জিনিয়াৰ। তেওঁৰ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা দিল্লীৰ ছেইণ্ট থমাছ স্কুলত হৈছিল, তাৰ পাছত তেওঁ বাগদাদৰ আমেৰিকান স্কুলত এবছৰ অধ্যয়ন কৰিছিল আৰু পুনেৰ ছেইণ্ট হেলেনাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ পুনেৰ ফাৰ্গাছন কলেজত অধ্যয়ন কৰিছিল আৰু ১৯৭৬ চনত আই.আই. টি. কানপুৰৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ এইচ.বি.চি.এছ.ই.-ত বিজ্ঞান শিক্ষা বিষয়ত ডক্টৰেট অধ্যয়ন কৰিবলৈ গৈছিল। তেওঁ পুনে বিশ্ববিদ্যালয়ৰ পৰা পিএইচ.ডি. লাভ কৰিছিল। তেওঁৰ থিচিচখন সম্ভৱতঃ ভাৰতত বিজ্ঞান শিক্ষাৰ বিষয়ে‍ প্ৰথম গৱেষণা-কৰ্ম আছিল।৫

কেৰিয়াৰ

তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময় ৰামাদাস এইচবিচিএছই-ত আছিল। লিডছ বিশ্ববিদ্যালয়ত প'ষ্ট ডক্টৰেট ডিগ্ৰী লাভ কৰা ৰামাদাস পৰৱৰ্তী সময়ত এইচবিচিএছই-ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। ২০০৭ চনৰ আগষ্ট মাহত তেওঁ প্ৰাধ্যাপক আৰু ২০০৮ চনৰ নৱেম্বৰ মাহত ডিন হৈছিল। ২০১১ চনৰ জুন মাহত তেওঁ এইচ. চি. প্ৰধানৰ পৰা এইচবিচিএছই-ৰ চতুৰ্থ কেন্দ্ৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰে, তেওঁ পাঁচ বছৰৰ বাবে এই নিযুক্তি লাভ কৰে। তেওঁ টাফ্টছ বিশ্ববিদ্যালয় আৰু এম. আই. টি.-ত এবছৰকৈ অতিবাহিত কৰিছিল।

২০১৭ চনৰ জানুৱাৰী মাহত ৰামাদাস হায়দৰাবাদৰ টি আই এফ আৰ চেণ্টাৰ ফৰ ইণ্টাৰডিচিপ্লিনেৰী ষ্টাডিজলৈ স্থানান্তৰিত হয়।

বঁটা/বৃত্তি

  • ১৯৭১-১৯৮১ ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিভা সন্ধান বৃত্তি লাভ।
  • "বৈজ্ঞানিক শৈক্ষিক সামগ্ৰীৰ বিকাশ"ৰ বাবে ২০১১ চনৰ টিডব্লিউএএছ আঞ্চলিক কাৰ্যালয় বঁটা লাভ। ৬

তথ্যসূত্ৰ

  1. ↑ Homi Bhabha Centre for Science Education – Tata Institute of Fundamental Research Faculty. Homi Bhabha Centre for Science Education
  2. ↑ International Union of Pure and Applied Physics – C14: MEMBERS. International Union of Pure and Applied Physics
  3. ↑ International Committee on Physics Education – Members of the Commission
  4. ↑ Faculty – TIFR Hyderabad. tifrh.res.in. Tata Institute of Fundamental Research
  5. ↑ Ramadas, Jayashree. Building a new discipline. ias.ac.in. Indian Academy of Sciences
  6. ↑ TWAS Regional Prizes 2011

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়াশ্ৰী ৰামাদাস” প্ৰবন্ধৰ সংশোধন ৪৮৯৪৫৯ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।