অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপালী পন্ত যোশী

দীপালী পন্ত যোশী (Deepali Pant Joshi) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী প্ৰাক্তন কাৰ্যবাহী সঞ্চালক (২০১৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে‍)। তেওঁ এগৰাকী উন্নয়ন অৰ্থনীতিবিদ আৰু অৰ্থনৈতিক বিষয়ৰ লেখিকা। তেওঁৰ পেছাদাৰী দায়িত্বসমূহৰ ভিতৰত আছে মুদ্ৰা ব্যৱস্থাপনা বিভাগ, আইনী বিভাগ আৰু প্ৰিমিচেছ বিভাগ।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৫২৯ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দীপালী পন্ত যোশী (Deepali Pant Joshi) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী প্ৰাক্তন কাৰ্যবাহী সঞ্চালক (২০১৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে‍)।১ তেওঁ এগৰাকী উন্নয়ন অৰ্থনীতিবিদ আৰু অৰ্থনৈতিক বিষয়ৰ লেখিকা।২ তেওঁৰ পেছাদাৰী দায়িত্বসমূহৰ ভিতৰত আছে মুদ্ৰা ব্যৱস্থাপনা বিভাগ, আইনী বিভাগ আৰু প্ৰিমিচেছ বিভাগ। তেওঁ তথ্য অধিকাৰ আইনৰ অধীনৰ প্ৰথমগৰাকী আপীল কৰ্তৃপক্ষ আছিল, লগতে ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল বাছনি (আই.বি.পি.এছ.) ৰ পৰিচালনা পৰিষদত আৰ.বি.আই. মনোনীত আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেড (বি.আৰ.বী.এন.এম.পি.এল.)ৰ বোৰ্ডৰ সঞ্চালক আছিল।

যোশীয়ে ৰাজস্থানৰ আৰ বি আইৰ আঞ্চলিক সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে যোশীয়ে গ্ৰাহক সেৱা বিভাগ আৰু গ্ৰাম্য পৰিকল্পনা আৰু ঋণ বিভাগৰ দায়িত্বত আছিল।

প্ৰাৰম্ভিক জীৱন

দীপালী পন্ত যোশীয়ে প্ৰয়াগৰাজৰ ছেইণ্ট মেৰী কনভেণ্ট ইণ্টাৰ কলেজ আৰু এলাহাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁৰ পিতৃ জগদীশ মোহন পন্ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু পিছলৈ উত্তৰ প্ৰদেশ ৰাজ্যৰ মহাপ্ৰশাসক আৰু অফিচিয়েল ট্ৰাষ্টী হৈছিল৷ তেওঁৰ মাতৃ অধ্যাপিকা চন্দ্ৰ পন্তে এলাহাবাদ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত অধ্যাপনা কৰিছিল।

ব্যক্তিগত জীৱন

যোশী আছিল পৰিয়ালৰ একমাত্ৰ সন্তান। তেওঁ ৰাজীৱ যোশীৰ সৈতে‍ বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুজন পুত্ৰ আছে; তেওেঁলাক ক্ৰমে‍ পৰিতোষ আৰু কুনাল।

কেৰিয়াৰ

যোশী হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি এছিয়া চেণ্টাৰৰ ফেল', তাৰ পৰাই তেওঁ বিত্ত আৰু অৰ্থনীতি ক্ষেত্ৰত পোষ্ট ডক্টৰেট ডিগ্ৰীৰ গৱেষণা কৰিছিল। এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী আৰু আইন আৰু ব্যৱস্থাপনা ডিগ্ৰী লাভ কৰিছিল। ১৯৮১ চনত প্ৰত্যক্ষ নিযুক্তি হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকত যোগদান কৰা যোশী তেতিয়াৰ পৰাই ৰিজাৰ্ভ বেংকত আছে। আৰ বি আই হায়দৰাবাদত আৰ্বান বেংক আৰু মুদ্ৰা ব্যৱস্থাপনাৰ দায়িত্বত থকা মুখ্য জেনেৰেল মেনেজাৰ হিচাপে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ পেছাদাৰী দায়িত্ব আৰু প্ৰশাসনিক দায়িত্ব পালন কৰি আহিছে। তেওঁ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ বেংকিং ন্যায়াধীশ আৰু বেংকাৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অন্ধ্ৰ বেংকৰ ব’ৰ্ডৰ সঞ্চালিকা আছিল। তেওঁৰ পূৰ্বৰ পেছাদাৰী দায়িত্ব আছিল গ্ৰাম্য পৰিকল্পনা আৰু ঋণ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক। তেওঁ এগৰাকী প্ৰসিদ্ধ লেখিকা আৰু তেওঁৰ এই কৃতিত্বত চাৰিখন গুৰুত্বপূৰ্ণ গ্ৰন্থ আছে। তেওঁ কৃষি বেংকিং মহাবিদ্যালয়ক অনুষদৰ সহায় আগবঢ়ায় আৰু মচূৰীৰ আই.এ.এছ একাডেমী, হায়দৰাবাদৰ প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় আৰু কেইবাখনো ভাৰতীয় আৰু বিদেশী বিশ্ববিদ্যালয়ত বিস্তৃতভাৱে‍ বক্তৃতা প্ৰদান কৰিছে‍। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত আৰবিআইক প্ৰতিনিধিত্ব কৰিছে আৰু জি-২০ৰ বিত্তীয় অন্তৰ্ভুক্তি বিশেষজ্ঞ গোটত ভাৰতক প্ৰতিনিধিত্ব কৰিছে‍। তেওঁৰ নীতিগত স্বাৰ্থ কল্যাণ আৰু উন্নয়ন অৰ্থনীতি, আইন আৰু মুদ্ৰা ব্যৱস্থাপনা ক্ষেত্ৰখনৰ লগতো জডি়ত হৈ‍ আছে।৩

ভাষণসমূহ

গ্ৰন্থপঞ্জি

  • সামাজিক বেংকিং প্ৰতিশ্ৰুতি প্ৰদৰ্শন আৰু সম্ভাৱনা ৪
  • কে.কে.বাগচীৰ ভাৰতত নিয়োগ আৰু দৰিদ্ৰতা নিৰ্মূল কাৰ্যসূচী ৫
  • দ্য ফাইনেন্সিয়েল ইনক্লুচন ইম্পেৰেটিভ, কেম্ব্ৰিজ বুকছ, কেম্ব্ৰিজ ইউনিভাৰ্চিটি প্ৰেছ আৰু ভাৰত আৰু বিদেশৰ আলোচনীসমূহত প্ৰকাশিত বহুতো গৱেষণা-পত্ৰ।

তথ্যসূত্ৰ

  1. ↑ (7 Mar 2006). Bank ombudsman's advice to customers. hindu.com
  2. ↑ Stocks. www.bloomberg.com
  3. ↑ Deepali Pant Joshi: Indian rural banking sector – big challenges and the road ahead
  4. ↑ Foundation Cambridge books 2006 April 2006
  5. ↑ Edited . 2007

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বেংকাৰবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপালী পন্ত যোশী” প্ৰবন্ধৰ সংশোধন ৪৮৫১৫৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।