অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ্থী আহমেদ

আৰ্থী আহমেদ এগৰাকী বাংলাদেশী ভাৰতনাট্যমৰ নৃত্যশিল্পী, নৃত্য শিক্ষক আৰু সমাজকৰ্মী। ঢাকাত থকা তেওঁৰ একাডেমী আৰ্থী আহমেদ নৃত্য একাডেমী প্ৰাপ্তবয়স্ক লোকৰ নৃত্যৰ শিক্ষা দান আৰু সামূহিক প্ৰডাকচনৰ বাবে বেছিকৈ পৰিচিত।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৬ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

আৰ্থী আহমেদ এগৰাকী বাংলাদেশী ভাৰতনাট্যমৰ নৃত্যশিল্পী, নৃত্য শিক্ষক আৰু সমাজকৰ্মী।১ ঢাকাত থকা তেওঁৰ একাডেমী আৰ্থী আহমেদ নৃত্য একাডেমী প্ৰাপ্তবয়স্ক লোকৰ নৃত্যৰ শিক্ষা দান আৰু সামূহিক প্ৰডাকচনৰ বাবে বেছিকৈ পৰিচিত।২৩ সমাজৰ মাজৰপৰা যৌনতাবাদ, নাৰীবিদ্বেষ আৰু সাংস্কৃতিক ঐতিহ্য অৱক্ষয়ৰ দৰে সমসাময়িক বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ব্যৱহাৰ কৰে।১

২০২৬ চনত বাংলাদেশ চৰকাৰে আহমেদক দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা একুশে পদক প্ৰদান কৰে।৪

প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ

তিনি বছৰ বয়সৰপৰাই আহমেদে নাচিবলৈ আৰম্ভ কৰিছিল। ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনৰপৰা বৃত্তি লাভ কৰাৰ পাছত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰপৰা ভাৰতনাট্যমত বি এ আৰু এম এ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰপৰা নৃত্য শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ ডিপ্লমা লাভ কৰিছে, মুখ্য বিষয় নৃত্য মনোবিজ্ঞান।৫

আহমেদৰ প্ৰথমাৱস্থাৰ ছাত্ৰ-ছাত্ৰী আছিল শিশু, কিন্তু ২০২০ চনৰ ক’ভিদ মহামাৰীৰ সময়ত তেওঁ প্ৰাপ্তবয়স্ক নবীন শিকাৰুসকলৰ বাবে নৃত্যৰ পাঠদান আৰম্ভ কৰিছিল।৫ আৰম্ভণিৰ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰপৰা গৈ আজি তেওঁৰ শিষ্যৰ সংখ্যা হৈছেগৈ ৬০০ গৰাকী। তেওঁ কয় যে, তেওঁৰ নিৰ্দেশনাই নৃত্যৰ জৰিয়তে মনৰ আৱেগিক নিৰাময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে: মানুহে নিজৰ শৰীৰটোক ঘৃণা কৰি, নিজকে সন্দেহ কৰি, বহুত দেৰি হৈছে বুলি মনত সংশয় লৈ সোমাই আহে। কিন্তু সময়ৰ লগে লগে সেই ভাববোৰ জোকাৰি পেলাবলৈ আৰম্ভ কৰে। কিছুমানে জীৱনৰ হতাশা, নিৰাপত্তাহীনতা, উদ্বেগৰপৰা ওলাই আহিছে। ই কেৱল নাচ নাচিবলৈ শিকা নহয়। ই আকৌ জীয়াই থকা অনুভৱ কৰিবলৈ শিকা।২

২০২৩ চনত আহমেদৰ প্ৰযোজনাত সৃষ্ট সখীত ৯০ গৰাকী মহিলা নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিছিল।২ ২০২৫ চনৰ আগষ্ট মাহত ঢাকা বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদত অনুষ্ঠিত ঘোনোঘোটা আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মৰাজিৰ আধাৰত বাৰিষা থিমৰ প্ৰডাকচন।৬ নৱপল্লৱ ২, তেওঁৰ একাডেমীৰ নৱেম্বৰ ২০২৫ চনৰ আবৃত্তিমূলক প্ৰদৰ্শনী, ই বাংলাদেশ গাৰ্ল গাইড এছ'চিয়েচনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছিল।৭

তথ্যসূত্ৰ

  1. ↑ Faga Jaypal Rambhai. (4 February 2025). South Asian Classical Dancers Who Resist Patriarchal Norms Through Their Dance Performances. Feminism In India
  2. ↑ (27 July 2025). Arthy Ahmed builds safe Bharatanatyam haven for Bangladeshi adults. The Daily Star
  3. ↑ Eshadi Sharif. (17 September 2025). Arthy Ahmed Dance Academy: Where adults rekindle their love for dance. The Business Standard
  4. ↑ (2026-02-05). 9 distinguished individuals, 1 institution nominated for Ekushey Padak. Prothomalo
  5. ↑ Sk Mustarin Muskan Mortuza. (4 Dec 2024). Sakhi: A celebration of dance and sisterhood on Friday. Dhaka Tribune
  6. ↑ (9 Aug 2025). “Ghonoghota” unites all ages through monsoon dance. The Daily Star
  7. ↑ Sk Mustarin Muskan Mortuza. (25 Nov 2025). Navapallava 2: Growing, one dance at a time. Dhaka Tribune

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিনৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্থী আহমেদ” প্ৰবন্ধৰ সংশোধন ৫৭৪৭০৫ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।