অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আব্দুল্লা আবু ছাইদ

আব্দুল্লা আবু ছাইদ (Abdullah Abu Sayeed, জন্ম ২৫ জুলাই ১৯৩৯) এজন বাংলাদেশী শিক্ষাবিদ, লেখক, টেলিভিছন উপস্থাপক আৰু কৰ্মী। তেওঁ সাহিত্যৰ অধ্যয়ন, পঠন অভ্যাস আৰু প্ৰগতিশীল ধাৰণাক প্ৰসাৰিত কৰা অ-লাভজনক সংস্থা বিশ্ব সাহিত্য কেন্দ্ৰৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ। তেওঁ ২০০৪ চনত ৰমন মেগছেছে বঁটা লাভ কৰিছিল৷

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৪ ৪১৪ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আব্দুল্লা আবু ছাইদ (Abdullah Abu Sayeed, জন্ম ২৫ জুলাই ১৯৩৯) এজন বাংলাদেশী শিক্ষাবিদ, লেখক, টেলিভিছন উপস্থাপক আৰু কৰ্মী। তেওঁ সাহিত্যৰ অধ্যয়ন, পঠন অভ্যাস আৰু প্ৰগতিশীল ধাৰণাক প্ৰসাৰিত কৰা অ-লাভজনক সংস্থা বিশ্ব সাহিত্য কেন্দ্ৰৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ। তেওঁ ২০০৪ চনত ৰমন মেগছেছে বঁটা লাভ কৰিছিল৷

প্ৰাৰম্ভিক জীৱন

১৯৩৯ চনৰ ২৫ জুলাইত কলিকতাৰ পাৰ্ক চাৰ্কাছৰ এটা বঙালী মুছলমান পৰিয়ালত ছাইদৰ জন্ম হৈছিল।১২তেওঁৰ পিতৃ আছিল ইংৰাজী আৰু বাংলা সাহিত্যৰ শিক্ষক আৰু নাট্যকাৰ আজিমুদ্দিন আহমেদ।৩৪ তেওঁলোকৰ পূৰ্বপুৰুষৰ ঘৰ আছিল বাগেৰহাট জিলাৰ কমৰগটিত।৫১৯৫৫ চনত পাবনাৰ আৰ এম একাডেমীৰ পৰা মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৫৭ চনত বাগেৰহাটৰ প্ৰফুল্ল চন্দ্ৰ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ ক্ৰমে১৯৬০ আৰু ১৯৬১ চনত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষাত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩ ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ অন্যান্যসকলৰ লগতে ন'বেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰিছিল।৬

কৰ্মজীৱন

ছায়েদে মুনছিগঞ্জৰ চৰকাৰী হাৰগাংগা মহাবিদ্যালয়ত অতিথি শিক্ষক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পিছত কিছুদিন চিলেট উইমেন কলেজত অধ্যাপনা কৰিছিল। ১৯৬২ চনত তেওঁ ৰাজশাহী মহাবিদ্যালয়ত পূৰ্ণকালীন শিক্ষক হিচাপে যোগদান কৰে। ৫ মাহৰ পাছত তেওঁ ঢাকাৰ চৰকাৰী বিজ্ঞান মহাবিদ্যালয়ত যোগদান কৰে। মাত্ৰ ২৩ বছৰ বয়সতে ২ বছৰৰ বাবে তেওঁ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদতো আছিল। তেওঁ বাংলাদেশ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (BUET) ত অংশকালীন প্ৰবক্তা হিচাপেও বাংলা ভাষা শিকাইছিল। ১৯৯২ চনৰ এপ্ৰিল মাহত তেওঁ অধ্যাপক হিচাপে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে।৭

পৰৱৰ্তী সময়ত সায়ীদে সহকাৰী অধ্যাপক পদৰ বাবে সাক্ষাৎকাৰ দিলে। সায়ীদৰ মেধা আৰু ব্যক্তিত্বত আপ্লুত হৈ ঢাকা কলেজৰ প্ৰখ্যাত অধ্যক্ষ জালালুদ্দিন আহমেদে তেওঁক ঢাকা কলেজলৈ নিমন্ত্ৰণ জনায়। পিছলৈ সায়ীদ ঢাকা কলেজৰ বাংলা ভাষাৰ বিভাগীয় মুৰব্বী হয়।৮ ছাত্ৰ-ছাত্ৰীৰ মাজত তেওঁ অতি জনপ্ৰিয় আছিল। কোৱা হয় যে, আন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও তেওঁৰ ক্লাছত অংশগ্ৰহণ কৰিবলৈ আহিছিল। তেওঁ নিজৰ শিক্ষক জীৱনৰ আধাৰত নিশফলা মাথেৰ কৃষক (উৰ্বৰ মাটিৰ খেতিয়ক) নামৰ এখন গ্ৰন্থ লিখিছিল। ১৯৬০ চনত তেওঁ সাহিত্য আলোচনী কান্তশৰ (The Voice) সম্পাদনা কৰে যি বাংলাদেশী সাহিত্যৰ এক নতুন ধাৰাক প্ৰসাৰিত কৰে।১২

১৯৬৬ চনৰ পৰা সায়ীযদে টিভি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। প্ৰথমতে তেওঁ শিশুৰ অনুষ্ঠান আৰু কুইজ অনুষ্ঠানৰ উপস্থাপক আছিল।৯ ১৯৭০ চনৰ মাজভাগত তেওঁ বাংলাদেশ টেলিভিছনত সপ্তবৰ্ণ (সাত ৰং) নামৰ এটা টিভি শ্ব' উপস্থাপন কৰিবলৈ আৰম্ভ কৰে। সপ্তবৰ্ণক সপ্তাহত এবাৰ সম্প্ৰচাৰ কৰা হৈছিল। এয়া এক ৯০ মিনিটৰ অনুষ্ঠান আছিল। কুৰি শতিকাত সত্তৰ আৰু আশীৰ দশকত তেওঁ টিভি শ্ব’ ঈদ আনাদামেলাও উপস্থাপন কৰিছিল। ১৯৭৭ চনত তেওঁ ৰাষ্ট্ৰীয় টেলিভিছন বঁটা লাভ কৰে।১০

১৯৭৮ চনত তেওঁ "বিশ্ব সাহিত্য কেন্দ্ৰ" প্ৰতিষ্ঠা কৰে। বাংলাদেশ পৰিবেশ আন্দোলন (BAPA) আৰু ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল বাংলাদেশ’ (TIB)ৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে।১১

আব্দুল্লা আবু ছাইদ (বাওঁফালে), ইয়াছমিন হক আৰু মহম্মদ জাফৰ ইকবালৰ সৈতে
আব্দুল্লা আবু ছাইদ (বাওঁফালে), ইয়াছমিন হক আৰু মহম্মদ জাফৰ ইকবালৰ সৈতেছবি: CC BY-SA 3.0

গ্ৰন্থাৱলী

সায়ীদে ৫০খনতকৈও অধিক গ্ৰন্থ লিখিছে আৰু সম্পাদনা কৰিছে।১২

  • বিদায়ে, অবন্তি (২০০৫)
  • বহে জলবতি ধাৰা (২০০৬)
  • ভালোবাসাৰ ছম্পন (২০০৭)
  • বিশ্ব সাহিত্তো কেন্দ্ৰো ও আমি (২০০৭)
  • বিশ্বস্ত্ৰ জাৰ্নেল (২০০৭)
  • অমৰ উপস্থাপক জিবন (২০০৮)
  • অমৰ আছাবাদ (২০০৯)
  • মৃত্যুময় ও চিৰাহৰিত
  • স্বপ্ন-দুস্বপ্নেৰ গলপো
  • ৰোডানৰুপোছি
  • খৰাজৌবানেৰ বন্দী
  • যুদ্ধযাত্ৰা
  • সংগঠন অ বাংলা
  • অমৰ আছাবাদ
  • অমৰ বোকা শ্বৈশ্বব (২০১০)১২

বঁটা

  • সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল যোগাযোগৰ ৰমন মেগছেছে বঁটা, ২০০৪ চনত।২
  • ৰাষ্ট্ৰীয় টেলিভিছন বঁটা (১৯৭৭)১৩
  • মাহবুব উল্লাহ ট্ৰাষ্ট বঁটা (১৯৯৮)১০
  • একুশ্বে পদক (২০০৫)১
  • বাংলা একাডেমী সাহিত্য পুৰস্কাৰ (২০১১)১০
  • খান মহম্মদ ফাৰাবী স্মৃতি বঁটা (২০১২)১৪
  • শিক্ষাৰ ক্ষেত্ৰত ষ্টাৰ লাইফটাইম বঁটা (২০১৬)১০

তথ্যসূত্ৰ

  1. ↑ (2011-07-27). The 'bookworm' in full form: Abdullah Abu Sayeed turns 72. The Daily Star
  2. ↑ Sayeed, Abdullah Abu. Ramon Magsaysay Award Foundation
  3. ↑ (2000). Bangla Academy Dictionary of Writers. Bangla Academy. পৃ. 2. ISBN 984-07-4052-0
  4. ↑ Lorraine Hahn. (2005-01-14). Ramon Magsaysay Recipient Abdullah Abu Sayeed TalkAsia Transcript. CNN
  5. ↑ Abu Sayeed, Abdullah. (2001). বিস্ৰস্ত জৰ্নাল. Sahitya Prakash
  6. ↑ Abdullah Abu Sayeed: Spreading the light of learning. The Financial Express
  7. ↑ Abdullah Abu Sayeed: Spreading the light of learning. The Financial Express
  8. ↑ Shamim Ahsan. (2004-09-03). Recognised for an Enlightening Pursuit. Star Weekend Magazine. The Daily Star
  9. ↑ Abdullah Abu Sayeed: Spreading the light of learning. The Financial Express
  10. ↑ (2016-02-05). Prof. Abdullah Abu Sayeed. The Daily Star
  11. ↑ Abdullah Abu Sayeed: Spreading the light of learning. The Financial Express
  12. ↑ (2019-07-25). Professor Abdullah Abu Sayeed's 80th birth anniversary today. The Daily Star
  13. ↑ Sayeed, Abdullah Abu. Ramon Magsaysay Award Foundation
  14. ↑ (2012-02-18). Bangla Academy prizes announced. bdnews24.com

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যিকবাংলাদেশৰ ব্যক্তিৰমন মেগছেছে বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আব্দুল্লা আবু ছাইদ” প্ৰবন্ধৰ সংশোধন ৪৩১৫৮৮ (১১ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।