মুহাম্মদ মাছুম আজিজ (১৯৫২ – ১৭ অক্টোবৰ ২০২২)১ আছিল এজন বাংলাদেশৰ মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা।২৩৪ ১৯৮৫ চনৰ পৰা তেওঁ চাৰিশৰো অধিক নাটক আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল।৫ ঘনি (২০১১) ছবিখনত অভিনয় কৰি তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু ২০২২ চনত বাংলাদেশ চৰকাৰে অভিনয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে একুশে পদক সন্মান লাভ কৰিছিল।৬৭
কেৰিয়াৰ
চট্টগ্ৰাম বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰি থকাৰ সময়তে আজিজে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয়ত আত্মপ্ৰকাশ কৰে। ১৯৮৫ চনত তেওঁ টেলিভিছন নাটকত আত্মপ্ৰকাশ কৰে।৮ ঢাকা পদাতিক নামৰ নাট্যদল এটাত অভিনেতা-পৰিচালক উভয় হিচাপে কেইবাবছৰ ধৰি কাম কৰিছিল।৮ তেওঁৰ শেষৰটো মঞ্চ পৰিচালনা আছিল "সূৰ্য্য সেনৰ বিচাৰ"।৮
আজিজে টেলিভিছনৰ নাটক পৰিচালকৰ এটা গোট ডাইৰেক্টৰ গিল্ডৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৮
কৰ্ম
চলচ্চিত্ৰসমূহটেলিভিছনৰ নাটক
তথ্যসূত্ৰ
- ↑ (17 October 2022). Actor Masum Aziz passes away
- ↑ Shah Alam Shazu. (22 July 2012). Voice of a veteran. The Daily Star
- ↑ (20 July 2012). Camaraderie on the sets. The Daily Star
- ↑ (2015-08-27). Tonima Hamid to spend birthday with family today
- ↑ (9 October 2008). Shammilito Shangshkritik Jote’s Eid reunion in Pabna. The Daily Star
- ↑ আৰ্কাইভ কপি. Government of Bangladesh. Bangladesh Film Development Corporation
- ↑ (2022-02-04). 24 names unveiled for Ekushey Padak. The Daily Star
- ↑ Shazu, Shah Alam. (2022-10-18). An actor to the core exits. The Daily Star
- ↑ Nayeem, Momo together again after Eid play. The Independent
- ↑ Peya Bipasha signs another film with Symon. Daily Sun
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাছুম আজিজ” প্ৰবন্ধৰ সংশোধন ৬১২৯৯৩ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।