অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আতিয়া ইছলাম আনে

আতিয়া ইছলাম আনে(Atia Islam Anne) এগৰাকী বাংলাদেশী শিল্পী(চিত্ৰশিল্পী), যিয়ে চিত্ৰৰ মাজেৰে নাৰীৰ অনুশোচনা, প্ৰয়োজন, আশা আৰু নিৰাশা আৰু হতাশাৰ বিষয়ে কাম কৰা বুলি জনা যায় আৰু বিশেষকৈ নাৰীৰ ওপৰত হোৱা হিংসাৰ ওপৰত কৰা কামৰ বাবে তেওঁ ব্যাপকভাবে পৰিচিত।

হালনাগাদ: ১২ জানুৱাৰী ২০২৪ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

আতিয়া ইছলাম আনে(Atia Islam Anne) এগৰাকী বাংলাদেশী শিল্পী(চিত্ৰশিল্পী), যিয়ে চিত্ৰৰ মাজেৰে নাৰীৰ অনুশোচনা, প্ৰয়োজন, আশা আৰু নিৰাশা আৰু হতাশাৰ বিষয়ে কাম কৰা বুলি জনা যায়১ আৰু বিশেষকৈ নাৰীৰ ওপৰত হোৱা হিংসাৰ ওপৰত কৰা কামৰ বাবে তেওঁ ব্যাপকভাবে পৰিচিত। ডিলাৰা বেগম জলী, কনক চানপা চাকমা, ফাৰেহা জেবাৰ দৰে শিল্পীৰ লগতে অংশীদাৰ হোৱা আনে, নাৰী শিল্পীৰ আন্দোলনৰ অংশ আছিল, যাৰ নাৰীবাদী কাৰ্যক্ৰম ১৯৯০ চনৰ সময়ছোৱাত বাংলাদেশত অধিক জনপ্ৰিয় হৈ উঠিছিল।২ তেওঁৰ জন্ম হৈছিল, ১৯৬২ চনত বাংলাদেশৰ ঢাকা চহৰত৷৩

শিক্ষা

১৯৮২ চনত আনেই ঢাকা বিশ্ববিদ্যালয়ৰ চাৰুকলা ইনষ্টিটিউটৰ পৰা অঙ্কন আৰু চিত্ৰকলাৰ ওপৰত বিএফএ ডিগ্ৰী আৰু ১৯৮৫ চনত একেই বিশ্ববিদ্যালয়ৰ পৰা অঙ্কন আৰু চিত্ৰকলাৰ এমএফএ ডিগ্ৰী অৰ্জন কৰে।।

কৰ্মজীৱন

মূল বিষয়

আতিয়া ইছলাম আৰু তেওঁৰ কৰ্মই বাংলাদেশৰ মহিলা শিল্পীসকলৰ মাজত এক নৱ জাগৰণৰ চেতনাৰ প্ৰমাণ বুলি চিহ্নিত কৰা হৈছে। তেওঁৰ “নাৰী এবং সমাজ’’ চিৰিজটো পুৰুষ নিয়ন্ত্ৰিত, প্ৰভাৱশালী পুৰুষ প্ৰথাৰ বিপৰীতে এক ব্যংগ হিচাপে আৰু ইয়াৰ লগে লগে সমাজৰ পিতৃতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এক আক্ৰমণ হিচাপে চিহ্নিত কৰা হৈছে, য’ত নাৰীক কেৱল যৌন সামগ্ৰী হিচাপে গণ্য কৰা হয়।৪

আতিয়া ইছলাম আনেৰ ৰচনাসমূহ অতি-বাস্তৱিক আৰু ইয়াত কল্পনাৰ পৰশ আছে, লগতে আছে বিদ্ৰূপ আৰু হাস্যৰসৰ ৰং।[1] তেওঁৰ কামে অপশাসন আৰু ক্ষমতাৰ অপব্যৱহাৰে কঢ়িয়াই অনা কৰুণ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে আৰু সকলোফালে সামাজিক সমালোচনাৰ এক সুস্পষ্ট বাৰ্তা দেখা যায়। ৫

প্ৰদৰ্শনী

১৯৮১ চনৰ পৰা ২০০৯ চনৰ ভিতৰত চীন, আমেৰিকা, ভাৰত, ব্ৰিটেইন, ফ্ৰান্স, ম্যানমাৰ আদি দেশৰ লগতে বাংলাদেশতো আতিয়া ইছলাম আনেৰ কৰ্ম ৬০ টাতকৈও অধিক দলীয় প্ৰদৰ্শনীত অন্তৰ্ভুক্ত কৰা হয়।

২০০৯ চনত তেওঁ বেংগল গেলেৰী অৱ ফাইন আৰ্টছত “অশুভ সময়’’ শীৰ্ষক একক প্ৰদৰ্শনী অনুষ্ঠিত কৰে,৫ যাক "পুৰুষ প্ৰধান সমাজৰ ওপৰত এক প্ৰহসন আৰু নাৰী চিৰদিন যৌন ভোগৰ সামগ্ৰী হৈ থকা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ফোঁপোলা স্বৰূপৰ ওপৰত এক মোক্ষম আঘাত’’ বুলি বৰ্ণনা কৰা হৈছে।২

তথ্যসূত্ৰ

  1. ↑ (2009-06-16). Atia Islam AnneImages of women objectified. The Daily Star
  2. ↑ Diaaalogue. www.aaa.org.hk
  3. ↑ আতিয়া ইছলাম আনে
  4. ↑ Contemporary Art in Dhaka, Bangladesh: Optimism and Confusion - Qantara.de. Qantara.de - Dialogue with the Islamic World
  5. ↑ Depart Magazine · List Your Ad. www.departmag.com

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীবাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আতিয়া ইছলাম আনে” প্ৰবন্ধৰ সংশোধন ৪০২০২০ (১২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।