চুখাংফা বা চাওলুং চ্যু-খাং-ফা (𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡)আহোম ৰাজ্যৰ চতুৰ্থজন চাওফা আছিল। তেখেত চাওলুং চুবিণ্ফাৰ বৰ পুতেক আছিল। তেখেত ১২৯৩ চনত ৰাজপাটত বহে।
চুখাংফাই কমতাপুৰ ৰাজ্য আক্ৰমণ কৰে আৰু কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণে যুদ্ধ পৰাজিত হৈ সন্ধি প্ৰস্তাব দি নিজ কন্যা ৰাজনীক স্বৰ্গদেউলৈ বিয়া দিয়ে।
চুখাংফাই ৩৯ বছৰ কাল ৰাজত্ব কৰি ১৩৩২ চনত মৃত্যুবৰণ কৰে।
এখেতৰ ৰাজত্ব কালত বুঢ়াগোঁহাই পদত কোনো নাছিল আৰু বৰগোঁহাই পদত চাওপাংবণ্ডুক আছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুখাংফা” প্ৰবন্ধৰ সংশোধন ৫২৭৮২২ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।