চুতুফা বা চাওলুং চ্যু-তু-ফা (𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜄𑜧𑜨 𑜏𑜢𑜤𑜰𑜫 𑜄𑜢𑜤𑜰𑜫 𑜇𑜡. (Tsāo-lung Tāo Sér-Tér-Phà),) আহোম ৰাজ্যৰ ষষ্ঠজন চাওফা আছিল। টাই আহোম ভাষাত লিখা বুৰঞ্জী অনুসৰি ৰজা নোহোৱা এটা পৰ্বৰ পাছত তেখেতে ১৩৬৯ চনৰপৰা ১৩৭৬ চনলৈ ৰাজত্ব কৰিছিল।১ ককায়েক চুখ্ৰাম্ফাৰ কোনো পুত্ৰ সন্তান নথকা বাবে তেওঁক অসমৰ পৰৱৰ্তী চাওফা হিচাপে বাছনি কৰা হৈছিল। কোনো কোনো ইতিহাসবিদে তেখেত ১৩৬৪ চনত ৰাজপাটত বহিছিল বুলি ক'ব খোজে যদিও মূল বুৰঞ্জীত ১৩৬৯ চনৰপৰা ১৩৭৬ চনলৈ ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে। সঘনাই হোৱা সংঘাতৰ পাছত চুতীয়া ৰজাৰ লোকে চুতুফাক চাফ্ৰাই নদীৰ কাষত এখন বন্ধুত্বপূৰ্ণ নিমন্ত্ৰণ জনাই নাও খেল চাবলৈ মাতি বিশ্বাস ঘাতকতাৰে হত্যা কৰিছিল।২৩ চুতুফাৰ মৃত্যুৰ বাবে পৰৱৰ্তী চাওঁফা ত্যাও খাম্টিয়ে শাসনভাৰ লৈয়ে প্ৰথম পদক্ষেপ হিচাপে প্ৰতিশোধ গ্ৰহণৰ সিদ্ধান্ত লৈছিল।৪৫৬ এই অভিযানৰ সময়ত চুতীয়া ৰজাজন পাহাৰলৈ পলাই যোৱা বুলি উল্লেখ পোৱা যায়।৭
পূৰ্বপুৰুষ আৰু সিংহাৰোহণ
চুতুফা আছিল আহোম ৰজা চুখাংফাৰ দ্বিতীয় পুত্ৰ। দেউতাকৰ মৃত্যুৰ পাছত জ্যেষ্ঠ পুত্ৰ চুখ্ৰাম্ফা স্বৰ্গদেউ হৈছিল। ৩২ বছৰ শাসন কৰাৰ পাছত ১৩৬৪ চনত চুখ্ৰাম্ফাৰ মৃত্যু হয়। চাওফা হোৱাৰ আগত চুতুফা লাহনজিং গাঁৱত কোঁৱৰ হিচাপে বাস কৰিছিল।৮ এইখিনিতে বুৰঞ্জীবিদসকলৰ মতভেদ দেখা যায়। কোনো কোনোৰ মতে চুখ্ৰাম্ফাৰ মৃত্যুত তেখেতৰ ভায়েক চুতুফা ১৩৬৪ চনৰ ৰাজপাটত বহে।৯১০১১ কিন্তু আধুনিক বুৰঞ্জীবিদ পদ্মেশ্বৰ গগৈ আৰু স্বৰ্ণলতা বৰুৱাৰ মতে ১৩৬৪ চনৰপৰা ১৩৬৯ চনলৈ কোনো স্বৰ্গদেউ নাছিল। টাই-আহোম পৰম্পৰা অনুসৰি পূৰ্বৱৰ্তী শাসক চুখ্ৰাম্ফাৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে থাও ফ্ৰাং দাম আৰু তা-ফী-কুন নামৰ গোহাঁই দুজনৰ পৰামৰ্শ অনুসৰি সিদ্ধান্ত মৰ্মে চুতুফাক পৰৱৰ্তী ৰজা হিচাপে নিৰ্বাচিত কৰা হৈছিল।১২ ১৩১৪১৫১৬১৭ এই ৰাজ্যাভিষেক সমাৰোহে ৰাজ্যখনত চলি থকা সাময়িক ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পেলাইছিল।
শাসন গ্ৰহণ
চাওফা হোৱাৰ আগত চুতুফা লাহনজিং গাঁৱত কোঁৱৰ হিচাপে বাস কৰিছিল।১৮ বুৰঞ্জীবিদৰ মতে ১৩৬৪ খ্ৰীষ্টাব্দত টাই-আহোম পৰম্পৰা অনুসৰি পূৰ্বৱৰ্তী শাসক চুখ্ৰাম্ফাৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে থাও ফ্ৰাং দাম আৰু তা-ফী-কুন নামৰ গোহাঁই দুজনৰ পৰামৰ্শ অনুসৰি সিদ্ধান্ত মৰ্মে চুতুফাক পৰৱৰ্তী ৰজা হিচাপে নিৰ্বাচিত কৰা হৈছিল।১৯ ২০২১২২২৩২৪ এই ৰাজ্যাভিষেক সমাৰোহে ৰাজ্যখনত চলি থকা সাময়িক ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পেলাইছিল।
ৰাজত্বকাল আৰু হত্যা
বুৰঞ্জী সমূহৰ মতে চুকাফাৰ পুত্ৰৰ সময়ৰপৰা চুতুফাৰ মৃত্যুৰ আগলৈকে আহোমসকলে চুতীয়া ৰাজ্যৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিছিল।২৫২৬২৭
চুতুফাই আহোম ৰাজ্যৰ পৰিসীমা বঢ়াব বিচাৰিছিল। ইয়াৰ ফলত কাষৰীয়া চুতীয়া ৰাজ্যৰ লগত সংঘাতৰ সৃষ্টি হয়। ১৩৭৬ চনত চুতীয়া ৰজাই চাপাগুৰিত চুতুফাক লগ ধৰে আৰু মিত্ৰতাৰ ভাও জুৰি তেখেতক চফ্ৰাই নদীৰ নাওখেললৈ নিমন্ত্ৰণ জনায়। বিৱৰণৰ অনুসৰি চুতীয়া ৰজাই চুতুফাক নিজৰ নাওত উঠাই প্ৰলোভিত কৰি বিশ্বাসঘাতকতাৰে হত্যা কৰিছিল।২৮২৯৩০ বুৰঞ্জীসমূহত কিন্তু তেওঁৰ মৃত্যুৰ ধৰণ সম্পৰ্কে একে মত পোৱা নাযায়। কিছুমান বিৱৰণত উল্লেখ আছে যে তেওঁক এটা বলধ গৰুৱে গছকাই হত্যা কৰিছিল৩১৩২৩৩, আন কিছুমানত আকৌ কোৱা হৈছে যে তেওঁক নাওতে হত্যা কৰা হৈছিল বুলি কোৱা হৈছে।৩৪৩৫৩৬ দেওধাই অসম বুৰঞ্জীৰ মতে, চুতীয়া ৰজাই চুতুফাক চফ্ৰাই নদীৰপৰা নাৱত তুলি ধৰি লৈ যায় আৰু পিছত তেওঁক হত্যা কৰায়।৩৭ চুতুফাৰ লগত যোৱা সৈন্যবোৰ ৰাজধানীলৈ ঘূৰি আহি এই কথা সদৰি কৰে।৩৮৩৯৪০ টাই-আহোম ভাষাত লিখা "আহোম বুৰঞ্জী"ত "চুতীয়া ৰজা"ৰ (ৰজা বুজোৱা খুন বা 𑜁𑜤𑜃𑜫 শব্দ ব্যৱহাৰ কৰা নাই) সলনি "চুতীয়া লোক"সকলে (তিউৰা বা 𑜄𑜢𑜥𑜍𑜠 হিচাপে) চুতুফাক লৈ গৈ বধ কৰিছিল বুলিহে উল্লেখ কৰিছে।৪১
কিছুমান ইতিহাসবিদে এই খণ্ডটোৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। সৰ্বেশ্বৰ বৰুৱাই যুক্তি আগবঢ়ায় যে চুতুফাৰ মৃত্যু পৰিকল্পিতভাৱে হোৱা নাছিল আৰু চুতীয়া ৰজাৰ নিমন্ত্ৰণত সংঘটিত হোৱা নাও খেলত চুতুফাৰ মৃত্যু হোৱাৰ বাবে চুতীয়া ৰজাক ভুলকৈ দোষাৰোপ কৰা হৈছিল।৪২ স্বৰ্ণলতা বৰুৱাই (২০০৭) লক্ষ্য কৰিছে যে বিদেশী দেশত ৰজাক হত্যা কৰিলে নিশ্চয়কৈ তাৎক্ষণিক সামৰিক সঁহাৰিৰ সূচনা হ’লহেঁতেন, তথাপি এনে কোনো সংঘাতৰ লিপিবদ্ধ হোৱা নাই। তদুপৰি চুতুফাৰ লগত থকা আহোম বাহিনীয়ে তেওঁক ৰক্ষা কৰা বা প্ৰত্যাক্ৰমণ কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা উল্লেখ নাই।৪৩ চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰপৰা ১৩৮০ চনলৈ আহোম ৰাজ্য অৰাজক হৈ থাকে।৪৪
বৰগোহাঁই আৰু বুঢ়াগোহাঁই শাসনকাল
চুতুফাৰ মৃত্যুৰ পাছত আহোম ডাঙৰীয়াসকলে স্বৰ্গদেউৰ উপযোগী কোনো ৰাজকোঁৱৰ বিচাৰি নাপালে আৰু সেই বাবে চাৰি বছৰ (১৩৭৬-১৩৮০ চন) চাও ফ্ৰংদাম বুঢ়াগোহাঁই আৰু চাও তাপ্ৰিখিন বৰগোহাঁয়ে নিজে প্ৰশাসনৰ ভাৰ চম্ভালে।৪৫ ৰজা অবিহনে ৰাজ্য চলোৱা টান দেখি ১৩৮০ চনত তেওঁলোকে চুতুফাৰ ভায়েক আৰু চুখাংফাৰ তৃতীয় পুত্ৰ ত্যাও খাম্টিক স্বৰ্গদেউ পাতে।৪৬৪৭
তথ্যসূত্ৰ
- ফুকন,বৰুৱা (১৯৬৪) (আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন, ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ
- বৰবৰুৱা হিতেশ্বৰ আহোমৰ-দিন or A History of Assam under the Ahoms first edition 1981 Publication Board of Assam Guwahati
- বৰুৱা গুণাভিৰাম অসম বুৰঞ্জী or A History of Assam fourth edition 2008 Publication Board of Assam Guwahati
- Gait E.A. A History of Assam second edition 1926 Thacker, Spink & Co Calcutta
- Barua, Swarnalata. (2007). Chutia Jatir Buranji
তথ্যসূত্ৰ
- ↑ ফুকন,বৰুৱা ১৯৬৪, পৃ. ১৩৯
- ↑ গেইট ১৯২৬, পৃ. ৮১
- ↑ "...Sutuphaa's rule ended abruptly when he was treacherously assassinated by the Sutiya king..."Barua, Gunaviram. (2008). Assam Buranji or A History of Assam. Publication Board of Assam. পৃ. 55–56
- ↑ "..his firstmission was against the Chutiyas to take avenging action for the death of Ahom king Sutupha.."Status of Women under the Ahoms: A Historical Study (1228–1826 A.D.). পৃ. 44
- ↑ Dutta, Sristidhar. (1985). Mataks and their Kingdom. Chugh Publications. পৃ. 29
- ↑ Gait, Edward Albert. (1926). A History of Assam. Thacker, Spink & Co. পৃ. 79
- ↑ Acharyya, N. N. (1966). The History of Medieval Assam: From the Thirteenth to the Seventeenth Century. Dutta Baruah and Company. পৃ. 226
- ↑ The Tai and the Tai Kingdoms. পৃ. 273
- ↑ বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
- ↑ Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
- ↑ বৰুৱা গুণাভিৰাম- অসম বুৰঞ্জী or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 55
- ↑ (22 Sep 2015). Asamar Buranji Ed. 3rd: Barua, Padmanath Gohain: Free Download, Borrow, and Streaming: Internet Archive. Internet Archive
- ↑ The Tai and the Tai Kingdoms. পৃ. 273
- ↑ (4 Aug 2015). A History Of Assam: E.a.gait: Free Download, Borrow, and Streaming: Internet Archive. Internet Archive

- ↑ Bhuyan, S.K, Satsari Assam Buranji,p.9, "Previously, since the time of one of Sukapha’s sons, there was alliance and coordial relations with the Chutia king"
- ↑ Bhuyan, SK, "Assam Buranji(SM), p. 7
- ↑ বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
- ↑ Gait, Edward Albert. (1926). A History of Assam. Thacker, Spink & Co. পৃ. 81
- ↑ Barua, Gunaviram. (2008). Assam Buranji or A History of Assam. Publication Board of Assam. পৃ. 55–56
- ↑ Acharya, Nagendra Nath. (1966). The History of Medieval Assam (From the 13th to the 17th Century). Dutta Baruah. পৃ. 74
- ↑ বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
- ↑ Bhuyan, S K, Satsari Buranji,p.9
- ↑ Bhuyan, SK, "বাঁহগৰীয়া বৰগোহাঁই বুৰঞ্জী: দেওধাই অসম বুৰঞ্জী",p.90
- ↑ Goswami, Hemchandra, "Purani Assam Buranji, p.37
- ↑ Assam Buranji (SM), p.7
- ↑ Barua, Golap Chandra,"Ahom Buranji,p.49
- ↑ Bhuyan, S K, "Deodhai Assam Buranji",p.11
- ↑ বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
- ↑ Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
- ↑ Barua Gunaviram Assam Buranji or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 56
- ↑ Barua, Gopal Chandra, "Ahom Buranji, p.48
- ↑ Barua, Sarbeswar,"Manideep"(1965), p.300
- ↑ Barua 2007, পৃ. 118
- ↑ Barua, Gopal Chandra,"Ahom Buranji",p.49, "After the death of Sutuphaa, the country was in interregnum for four years."
- ↑ Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
- ↑ Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
- ↑ Barua Gunaviram Assam Buranji or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 56
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুতুফা” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৭৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।