অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুৰাম্‌ফা

চাওফা চুৰাম্‌ফা বা চ্যু-ৰম-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜨 𑜇𑜡,Suramphaa) আহোম ৰাজপাটত উঠে ১৬৪১ খ্ৰীষ্টাব্দত। এওঁ স্বৰ্গদেউ প্ৰতাপ সিংহৰ বৰপুতেক আছিল। এওঁ সময় নৌহওঁতেই ৰজা ভগা হৈছিল। সেইবাবে তেওঁ ভগাৰজা নামেৰেও জনাজাত আছিল। এইজনা ৰজা নৈতিকতাবিহীন আছিল। এওঁ চুতীয়া মানু্হ এজনক বধ কৰাই তেওঁৰ তিৰোতাজনী লৈ আহিছিল।

হালনাগাদ: ২৮ জুলাই ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চাওফা চুৰাম্‌ফা বা চ্যু-ৰম-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜨 𑜇𑜡,Suramphaa) আহোম ৰাজপাটত উঠে ১৬৪১ খ্ৰীষ্টাব্দত। এওঁ স্বৰ্গদেউ চুচেংফাৰ বৰপুতেক আছিল। এওঁ সময় নৌহওঁতেই ৰজা ভগা হৈছিল। সেইবাবে তেওঁ ভগাৰজা নামেৰেও জনাজাত আছিল।১ এইজনা ৰজা নৈতিকতাবিহীন আছিল। এওঁ চুতীয়া মানু্হ এজনক বধ কৰাই তেওঁৰ তিৰোতাজনী লৈ আহিছিল। এই তিৰোতাজনীয়ে লগত ভতিজা ল’ৰা এটাও আনিছিল। ৰজাৰ পুত্ৰ নথকাত তাকে পুত্ৰৱতে মৰম-চেনেহ কৰি ৰজা পাতিবলৈ মন মেলিছিল। পিছে ল’ৰাটোৰ ৰজা হোৱাৰ আগতেই মৃত্যু হৈছিল। চুতীয়া তিৰোতাজনীৰ কথামতে ল’ৰাটোৰ মৈদামত পুতিবলৈ ভগাৰজাই ডাঙৰীয়া সকলৰ ল’ৰা একোটি খুজিছিল। ইয়াতে ডাঙৰীয়াসকল বিতুষ্ট হৈ চুৰমফাক ৰজা ভাঙি চুত্যিণ্‌ফাক ৰজা পাতিছিল। চুৰমফা ক দূৰৈৰ পাহাৰলৈ নি তাতে থাকিবলৈ দিয়া হৈছিল; আৰু কিছুদিন পিছত তেওঁক তাতে বধ কৰোৱা হৈছিল।১ ভগাৰজাৰ দিনৰ প্ৰধান কাম হৈছে শলগুৰি আলি নিৰ্মাণ।

চুৰাম্‌ফাৰ ৰাজত্বকালত সামাজিক পদমৰ্যাদাৰ পাৰ্থক্য ৰক্ষা কৰিবলৈ সাজ-পোছাক, অলংকাৰ আৰু গৃহ-নিৰ্মাণ নিয়ন্ত্ৰণ কৰা কিছুমান বিধি প্ৰৱৰ্তন কৰা হৈছিল। হিন্দুসকলক সোণৰ মণি, আঙঠি আৰু থুৰীয়া পৰিধান কৰিবলৈ নিষেধ কৰা হৈছিল। আহোমসকলেও নিজ নিজ পদমৰ্যাদাৰ বাবে নিৰ্ধাৰিত মান অনুসৰি জীৱন-যাপন কৰিব লাগিছিল; নিজৰ মৰ্যাদাৰ সীমা অতিক্ৰম কৰাৰ চেষ্টা মৃত্যুদণ্ডযোগ্য অপৰাধ আছিল। হিন্দু মহিলাসকলক জাকজমকীয়া মেখেলা চাদৰ পৰিধান কৰিবলৈও নিষেধ কৰা হৈছিল আৰু হিন্দুসকলে নিৰ্মাণ কৰিব পৰা ঘৰৰ গাঁথনিৰ ওপৰতো বাধা আৰোপ কৰা হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ ভূপেন্দ্ৰনাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম (দশম অধ্যায়: চুৰাম্‌ফা বা ভগাৰজা). শ্ৰী খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা; লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী. পৃ. ৬৪, ৬৫ পৃষ্ঠা
  2. ↑ Saikia, Sayeeda Yasmin. (1997). In the Meadows of Gold: Telling Tales of the Swargadeos at the Crossroads of Assam. Spectrum Publications. পৃ. 28. ISBN 81-85319-61-8

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম শাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুৰাম্‌ফা” প্ৰবন্ধৰ সংশোধন ৬২০৮৪৩ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।