অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুতেওফা

ছাওলুং চু'-তেও-ফা (𑜋𑜈𑜫; 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜈𑜫 𑜄𑜧𑜫: 𑜇า.Tsāolung Sérteuphâ) আহোম ৰাজ্যৰ দ্বিতীয়জন চাওফা আছিল। তেখেত ছাওলুং চুকাফাৰ বৰ পুতেক আছিল। তেখেতৰ ৰাজ্যকাল ১২৬৮ চনৰ পৰা ১২৮১ চনলৈকে। চুতেওফাৰ বঢ়াগোঁহাইৰ নাম আছিল থাওৰুৰু বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ নাম আছিল চাওবিন বৰগোঁহাই।

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৬ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ছাওলুং চু'-তেও-ফা (𑜋𑜈𑜫; 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜈𑜫 𑜄𑜧𑜫: 𑜇า.Tsāolung Sérteuphâ) আহোম ৰাজ্যৰ দ্বিতীয়জন চাওফা আছিল। তেখেত ছাওলুং চুকাফাৰ বৰ পুতেক আছিল। তেখেতৰ ৰাজ্যকাল ১২৬৮ চনৰ পৰা ১২৮১ চনলৈকে।

চুতেওফাৰ বঢ়াগোঁহাইৰ নাম আছিল থাওৰুৰু বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ নাম আছিল চাওবিন বৰগোঁহাই।

বৈদেশিক সৰ্ম্পক: চুতেওফাই নৰাৰাজ্যলৈ নিজ কটকী প্ৰেৰণ কৰি নৰাৰাজ্যৰ লগত নিজৰ সৰ্ম্পক সুদৃঢ় কৰে আৰু কুটনৈতিক কৌশলেৰে কছাৰীসকলৰ পৰা দিখৌ নৈৰ পূব অংশ নিজ ৰাজ্যৰ অৰ্ন্তভুক্ত কৰে।

চুতেওফাৰ দিনতে ৰামখা দেও শালৰ বৰুৱা পদটি সৃষ্টি কৰে। ৰামখা দেও শালৰ পুজাৰ বাবে খাজানা ৰেহাই দিয়া মাটি দান কৰে আৰু বৰদেউৰী, সৰুদেউৰী, দেওঘৰিয়া, আঠপৰিয়া, তেলি, মালী, নাপিত, কমাৰ, চমাৰ, ধুলীয়া, বলিকটীয়া, খাতোয়াল, বাৰিচোয়া, বেলিচোয়া, চাউলকৰা, মলখুবচা আৰু পানিতোলা আদি পূজাৰ বাবে সহায়ক পদ সৃষ্টি কৰে।

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম শাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুতেওফা” প্ৰবন্ধৰ সংশোধন ৫৭৭৭৭৪ (১৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।