টাই-আহোম শাসক
৩৮ প্ৰবন্ধ
-
চুখ্ৰাম্ফা
চুখ্ৰাম্ফা বা চ্যু-খ্ৰাম্-ফা আহোম ৰাজ্যৰ পঞ্চমজন স্বৰ্গদেউ (চাওফা) আছিল। তেখেত ১৩৩২ চনত ৰাজপাটত বহে। তেওঁৰ দিনত ভাতৃ চাওপুলায়ে চাওপাংবণ্ডুক বৰগোঁহাইৰ সৈতে মিলি স্বৰ্গদেউৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। ৰজাৰ ভাতৃয়ে কমতাপুৰৰ ৰজাৰ সহায়ত আহোম ৰাজ্য আক্ৰমণ কৰে যদিও পাছত আলোচনাৰ মাজেৰে চাৰিংৰ ৰজা পাতি দিয়ে।
-
চুজিন্ফা
চাওফা চুজিন্ফা ( 𑜋𑜧𑜨𑜇𑜡 𑜏𑜢𑜤𑜰𑜫𑜊𑜢𑜃𑜫𑜇𑜡) বা সুৰ সিংহ আহোম সাম্ৰাজ্যৰ নামৰূপীয়া ফৈদৰ এজন স্বৰ্গদেৱ আছিল। পূৰ্বৰ স্বৰ্গদেৱ গোবৰ ৰজা আৰু প্ৰতিপত্তিশালী বিষয়া ডেবেৰা বৰবৰুৱাক ক্ষমতাচ্যুত কৰি আতন বুঢ়াগোহাঁয়ে চুজিন্ফাক সিংহাসনত অধিষ্ঠিত কৰে।
-
চুপিম্ফা
চুপিম্ফা বা চাওফা চ্যু-পিম-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜪𑜢 𑜇𑜡)১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ আছিল। পিতৃ চুহেনফাৰ হত্যাকাৰীৰ প্ৰতিশোধ ল'বলৈ তেওঁ উচ্চ আৰু নিম্ন বৰ্গৰ লোকৰ ওপৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সাধাৰণ ভুলৰ বাবে তেওঁ নিজৰ এগৰাকী গৰ্ভৱতী পত্নীক নগা পাহাৰলৈ নিৰ্বাসন দিছিল।
-
চুফক্ফা
চুফক্ফা বা চ্যু-ফক-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜇𑜨𑜀𑜫 𑜇𑜡) ১৪২২ চনৰ পৰা ১৪৩৯ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁ ৰজা চুজান্ফাৰ পুত্ৰ আছিল। চুজান্ফাৰ মৃত্যুৰ পাছত ১৪২২ চনত ৰাজপাটত উঠি তেওঁ ১৭ বছৰ ৰাজ্য শাসন কৰে। তেওঁৰ ৰাজত্বকালৰ একো উল্লেখনীয় ঘটনা বুৰঞ্জীত পাবলৈ নাই।
-
চ্যু-ক্লম-ফা
চুক্লমফা বা ৰামধ্বজ সিংহ ( সৰুগোহাঁই) (ৰাজত্বকাল ১৬৭২–১৬৭৪) আহোম সাম্ৰাজ্যৰ এজন স্বৰ্গদেৱ আছিল। তেওঁৰ শাসনকালতে ডেবেৰা বৰবৰুৱা প্ৰবল-প্ৰতাপী হৈ উঠাৰ লগতে ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলৰ মাজত প্ৰায় দহ বছৰ জোৰা ক্ষমতাৰ অঁৰিয়াঅঁৰিয়ে গা কৰি উঠিছিল।
-
চুজাংফা
চুজাংফা বা চ্যু-জাং-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜂𑜫 𑜇𑜡)১৪০৭ চনৰ পৰা ১৪২২ চনলৈ আহোম ৰাজ্যত ৰাজত্ব কৰা স্বৰ্গদেউ। তেওঁ চুডাংফাৰ তিনি পুত্ৰৰ জ্যেষ্ঠ আছিল। কম বয়সতে দেউতাকৰ মৃত্যুৰ পাছত ১৪০৭ চনত চুজাংফা ৰাজপাটত উঠে। তেওঁৰ পোন্ধৰ বছৰীয়া ৰাজত্বকালৰ একো গুৰুত্বপূৰ্ণ ঘটনা বুৰঞ্জীত লিপিবদ্ধ নাই।
-
চুহেনফা
চুহেনফা বা চাওফা চ্যু-হেন-ফা ১৪৮৮ চনৰ পৰা ১৪৯৩ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ পৰিসীমা বাঢ়িছিল আৰু সেইবাবে নগা আৰু কছাৰী ৰাজ্যৰ লগত সংঘাত হৈছিল। নগাসকলৰ বিৰুদ্ধে তেওঁৰ সামৰিক অভিযান সফল হ'লেও কছাৰীসকলৰ লগত তেওঁৰ পৰাজয় হৈছিল।
-
চ্যু-হুং-ফা
চুহুংফা বা চুহুং (ৰাজত্বকাল ১৬৭৪–১৬৭৫ খ্ৰী:) আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। তেওঁৰ শাসনকাল বৰ কম সময়ৰ আছিল। অধিকাংশ বুৰঞ্জীতে তেওঁৰ শাসনকাল মাথোঁ ২০ দিন বুলি পোৱা যায় যদিও কোনো কোনো ঠাইত ইয়াক এমাহ পোন্ধৰ দিন বুলিও উল্লেখ কৰা হৈছে।